পৃষ্ঠা:AMAR CHINAKI TASADDUK.pdf/৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 

প্ৰচ্ছদৰ আলোকচিত্ৰৰ কথাৰে……

 

কেইবছৰমানৰ আগৰ কথা।

তচদ্দুক ইউছুফৰ ফটো কেইখনমান তুলিছিলোঁ। তাৰে একোটিকৈ কপি তেখেতক দিওঁ বুলি গৈ থাকোঁতে বাটতে পালোঁ প্ৰবীণ সংগীতজ্ঞ শ্ৰীযুত বিবেকানন্দ ভট্টাচাৰ্য্যদেৱক। শ্ৰীযুত ভট্টাচাৰ্য্য বাপুদা মানে তচদ্দুক ইউছুফৰ ভাল বন্ধু। তেখেতে ফটোকেইখন চালে। এই কিতাপখনৰ প্ৰচ্ছদত ব্যৱহাৰ কৰা ফটোখন চাই তেখেতে মন্তব্য দিছিল: এই ফটোখন মই বেয়া পাইছোঁ। বাপুক বৰ ৰাফ্ যেন দেখা হৈছে। বাপু আচলতে বৰ কোমলহে। বাপুদাই কিন্তু আকৌ সেই ফটোখনহে বৰ ভাল পাইছিল। কৈছিল: ফটোখনত মোৰ চৰিত্ৰটি আছে। I am not what I am. ছেক্সপিয়েৰৰ এই সংলাপটি তুমি জানা? মই বাহিৰত যি আচলতে ভিতৰত তেনে নহয়।

তাৰ পিছত বাপুদাই মোৰ লগত কেইবা ঘণ্টাও একেৰাহে কথা পাতিছিল। সঁচা কথাত কথা পতা নাছিল, বাপুদাই কেৱল কৈ গৈছিল। তেখেতৰ মনৰ গহীন কোঠাৰ দুৱাৰবোৰ এখন এখনকৈ খোল খাই গৈছিল।