আজি দুৱাৰে দুৱাৰে

ৱিকিউৎসৰ পৰা

আজি দুৱাৰে দুৱাৰে কিহৰ বাতৰি ফুৰে

আজি, কোনে কথা পাতে, পুৱতি নিশাৰে

        কোনে কথা পাতে সন্ধিয়াৰে ?


আজি অসীমৰ, সুনীল গন্ধ

            হাতত সাৰে

            ভৰিত সাৰে

            আহিছে গৈছে, বাৰে বাৰে

মোৰ গানে যে তাক, চিনি নাপাই

        চিনি পাই মোৰ সুৰে ৷৷