অৰুনোদই সম্বাদ পত্ৰ/ফেব্ৰোআৰি, ১৮৪৬
অৰুনোদই সম্বাদ পত্ৰ |
---|
|
প্ৰথম পৃষ্ঠা
[সম্পাদনা কৰক]
General Intelligence
আসাম কম্পানিএ এবচৰৰ ভিতৰত ১ ৯৪ ০০০ পওণ্ড অৰ্থাত ৯৭ ০০০ সেৰ চাহ আৰ্জিচে । ইংলেণ্ডলৈ নিলে সেৰে ২ টকাকৈ দৰ পাই মুঠে প্ৰায়ে ২ লাখ টকা পাব ।
কলিকতাৰ ওচৰত থকা বাৰেকপুৰৰ পহু গৰৰ পৰা ১০ জানোআৰিত এটা বাঘ মুকলি হৈ ওলাই গোটা চেৰেক গৰু মাৰিলে । পাচে বস কৰি ৰাখিব নোৱাৰাত এটা বাৰি চোআই তাক গুলিয়াই মাৰিলে ।
আয়ৰলণ্ড দেসত দুৰ্ভিখভাৰ কাৰনে সেই দেসি লোকৰ উপকাৰলৈ দান দিবৰ নিমিতে কলিকতাত থকা সাহাব লোক আদি কৰি অনেক মানুহে চান্দা কৰি ৩০ ০০০ হেজাৰ ৰুপ পঠাই দিবলৈ পালে ।
জোআ ডিচেম্বৰৰ ১৮ দিনত মুদ্কি নামে ঠাইত, আৰু ২১,২২ দিনত ফিৰোজ চহৰত পঞ্জাবি লোকক জুধত পৰাজই কৰোঁতে কম্পানিৰ সেনা আৰু খুন হোআৰ লেখ এই । মুদ্কিৰ জুধত মৰা ২১৫, খুন হোআ ৬৫৭; ফিৰোজ চহৰত মৰা ৬৯৪, খুন হোআ ১৭২১ । পঞ্জাবিৰ বৰ টোপ ৯১ টা আমাৰ মানুহে পালে; হিলৈৰ খাৰ ১ ৫০ ০০০ ডেৰ লাখ সেৰ ।
লুধিয়ানা নগৰৰ ওচৰতে ২০ ০০০ কুৰি হজাৰ মান পঞ্জাবি সেনাই সতদ্ৰু নদি পাৰ হোআ সুনি কম্পানিৰ এক সেনাপতি চেৰ হৰি স্মিথ ৬০০০ চ হেজাৰ সেনাই সৈতে সেই নগৰৰ ফাললৈ গল । বাটত জাওঁতে পঞ্জাবিএ নিবাৰন কৰিবলৈ ২১ জানোআৰিত বৰ টোপ পাতি জুধ কৰিবলৈ ধৰিলে; প্ৰধান জুধ ন হল, তথাপি কম্পানিৰ মৰা আৰু খুন হোআ দেস ডেৰ স মান মানুহ হৈচিল বুলি এক পত্ৰত লিখিচে ।
পাচে ২৮ জানোআৰি তাৰিখত কম্পানিৰ সেনাপতি মেজৰ জেনৰল চেৰ হেৰি সাহাবে ১২ ০০০ সেনাই সৈতে পঞ্জাবি ২৪ ০০০ সেনাক জুধ কৰি, সিহঁতৰ ৬০ বৰ টোপ সকলো নিলে, আৰু সত্ৰুকে সতদ্ৰুৰ সিপাৰলৈ খেদালে । পঞ্জাবি মানুহ অনেক মৰিল । কম্পানিৰ মৰা খুন হোআ ৪০০ চাৰি স মাথোন হৈচিল ।
৮ ডিচেম্বৰৰ ডাক লণ্ডন নগৰৰ পৰা আহি ৩৯ দিনত কলিকতা পালেহি ।
লেপ্তেনন্তু উআঘৰ্ন নামে এজন সাহাবে ইংলণ্ডৰ নিমিতে বম্বাইৰ পৰা এক ডাক লৈ ফ্ৰাঞ্চৰ বাটে জাৰ্মানি দেসে দি নকৈ বাট সৈ, ২৯ ।। দিনৰ মুৰত ৩১ অক্তোবৰ তাৰিখত লণ্ডন নগৰ পালেগৈ ।
ইংলেণ্ড দেসত কলৰ ৰথ জাবৰ নিমিতে এক নতুন ৰেল্ৰদ পাতিবলৈ মাটি খানোঁতে সিহৰ এটা স থোআ পেৰা পালে । পাচে মেলি চাই দেখিলে । তাকে পহিলত জানিলে, উলিয়াম কঙ্কৰৰ
দ্বিতীয় পৃষ্ঠা
[সম্পাদনা কৰক]ৰজাৰ গদ্ৰেদা নামেৰে জি জিজেক ১০৮৫ সঁকত ম্ৰিত্যু হৈচিল, সেই মৰা স তেওঁৰেই । আৰে ওচৰতে তেওঁৰ স্বামিৰ স থোআ পেৰাও পালে; তেওঁ ১০৮৮ সঁকত ম্ৰিত্যু হল । এতিয়া ৭৫৮ বচৰ হৈচে, তথাপি হাৰ মাটিত লিন ন গল । তাৰ ওচৰত আন আন স ধোআ সিলৰ পেৰা কেইবাটাও পালে ।
ইংলণ্ডত ইটা সজা এটা কুমাৰে ৬ নৱেম্বৰত ফটিকা খাই অচেতন হৈ ৰাতি ঘৰলৈ জাঁওতে বৰ্মিংহেম ৰেল্ৰদ পাৰ হবলৈ ধৰঅত কল লগা এখন ৰথ তাৰ ওপৰে গৈ এটা ঠেঙ্গ কাটি, হাতো ভাগি, মুৰ আৰু গা ডোখৰ জোল কৰাত একে খেনতে প্ৰান গল ।
ইংলণ্ড দেসত নাগ মাটি খনা অনেক বৰ গাঁত আচে । জি এবিধ বায়ুত জুই লাগি কাঠ নো হোআকৈ খাৰৰ দৰে বৰকৈ পোৰে, এনে বায়ু সেই গাঁতবিলাকত থাকি, কোনো কালে জুই লাগিলে তাত কাম কৰা মানুহক মাৰে । ৫ নৱেম্বৰ তাৰিখত হেডক নামে এখন গাৱত এনে গাঁতত ১৯ মনুহ কাম কৰিবলৈ সোমালত একে বেলি বায়ুত জুই লাগিল; ৯ জন তাতে মৰিল, সি সকলো এধা পোৰা হল, এটা মাথোন জিবলৈ আসা আচে ।
আলজেৰি দেসৰ আৰবে সৈতে ফ্ৰাঞ্চি সেনাপতিএ ২৭ আক্তোবৰ তাৰিখত জুধ কৰি ৩০০ আৰব মানুহক মাৰিলে । পাচেও বনত বহু মানুহক মাৰিলে, আৰু জিবিলাকে দুটা বৰ গাঁতৰ ভিতৰত পলাই আচিলে, তাৰ মুখত খৰি চপাই সেইবোৰকো মাৰিলে ।
মাদাগাস্কাৰ উপদিপৰ লোকে সৈতে ৰন কৰিবলৈ ফ্ৰাঞ্চি ৰজাই ৫ খান জাহাজ ৮০০০ আঠ হেজাৰ মান সেনাই তালৈ পাঁচিবলৈ উপাই কৰিচে ।
স্ৰী দ্বাৰকানাথ ঠাকুৰ বাবুএ ইংলণ্ডৰ পৰা পাৰি নামে ফ্ৰাঞ্চি ৰাজ নগৰলৈ জাৰ কালি গৈ মাহ চাৰেক তাতে থাকিব, ইয়াকে কোনো এক পত্ৰত লিখিচে ।
ইংৰেজি জাহাজৰ এক কাপ্তান সাহাবে খেহ দেসৰ দুজন ডেকা মানুহ লণ্ডন নগৰলৈ নিলত
খনিকৰে দুইৰো মুৰ্তিৰ নক্চা লিখিলে । এটাৰ নক্চা তলত লিখা আচে; চেলা বন্ধা চুলি বৰ দিঘল, হাতত টুপি লৈচে ।
লণ্ডন নগৰত অক্তোবৰ মাহৰ সেস দিনৰ ভিতৰত নানা ৰোগেৰে মৰা মনুহৰ লেখ ৯৪৮ ।
ইটালি দেসৰ ঠায়ে ঠায়ে ৰেল্ৰদ অৰ্থাত কলৰ
তৃতীয় পৃষ্ঠা
[সম্পাদনা কৰক]ৰথ জোআ আলি পাতিবলৈ ধৰিচে । কিন্তু ইটালিৰ জি ভাগৰ ওপৰত পাপা অৰ্থাত কমিয়া ধৰমৰ গুৰু ৰজাই অধিকাৰ হৈচে, তাৰ ভিতৰত পাতিবলৈ পাপাই নিসেধ কৰিচে ।
ইটালি দেসৰ বিচুবিয়াচ পৰ্বতৰ পৰা বহু ধুঁআ আৰু চাই এতিয়া ওলাইচে; ইয়াকে দেখি তাৰ ওচৰত থকা মানুহে বোলে আৰু কিচু দিন হলে তপত জোলৰ নদি ওলাব ।
ভুমাজৰ সমুদ্ৰৰ মিতিলিন নামে এখন মাজুলিত ১৫ অক্তোবৰত ভুঁইকঁপ গল; তাতে অনেক পাকি ঘৰ ভাগিল ।
নুয়ৰ্ক নগৰত থকা মানুহ লেখি ৩ ৬৬ ০০০ মানুহ পোআ হৈচে ।
দখিন আমেৰিকাৰ ব্ৰাজিল দেসত বহু মুল্য হিৰা থকা গাঁত পালে । তাতে কোনো দিনত ৬০ ০০০ সাঠি হেজাৰ, কোনো দিনত এক লাখ ৰুপৰ দাম হিৰা পোআ সুনিচোঁ ।
মান দেসৰ ৰজাই আপোনাৰ ৰাজ্যৰ লোকক ফটিকা খাবলৈ নিসেধ আগ্যা কৰি, জি কোনো লোকে তাক বেচে, সেইবোৰক জৰিমনা কৰি ফাটকত দিবলৈ আগ্যা কৰিলে ।
ৰৰ্নিও উপদিপত নাৱেৰে গৈ জাহাজক লুট কৰা অনেক ডকাইত আচে । সেই ডকাইতক জুধ কৰি ধৰিবলৈ ইংৰেজি জাহাজ দু খন সেনাই সৈতে গৈচে । ৮ আগষ্টৰ তাৰিখত সিঁহতৰ এটা কোঁঠ লৈ, গাঁও পুৰি ২০ বৰ টোপ নিলে । পাচে ১৯ আগষ্টত মলুদা নৈত জি আন বৰ কোঁঠত চৰিক অস্মান নামে সিহঁতৰ মালিক ১০০০ বনুআ সৈতে থাকিলে, সেই কোঁঠত জুধ কৰি অনেক মাৰিলে, সিহঁতৰ বৰ নাও ৩০ ত্ৰিচ খান পুৰিলে, ৩৩ বৰ টোপো নিলে।
নুহলণ্ড উপদিপৰ দখিন ফালে বাচ নামে সাগৰৰ এটা সুঁতিত থকা কিঙ্গ মাজুলিত কাটৰাকি নামেৰৈ এখান জাহাজ লাগি ভাগিল । ভগাৰ কাৰন এই, জাহাজৰ কাপ্তানে কিমান বাট পালেহি, ইয়াৰ গননা কৰোঁতে কোনো ভুল কৰি, বামৰ ওচৰ পালতো বামৰ পৰা ৬০ মাইলৰ আঁতৰ হোআ বুজি একে বেলিএই মাটিত খুন্দা খাই লাগিলহি । নুহল্ডত নিবাস কৰিবলৈ লৰা
তিৰোতাই সৈতে জোআ অনেক মানুহ সেই জাহাজত আচিল; মুঠে ৪২৩, সিবিলাকৰ ৪১৪ মৰিল, ৯ টা মাথোন বাম পাই ৰখ্যা পৰিল ।
২৪ ডিচেম্বৰৰ লণ্ডনৰ ডাকে ৩ ফেব্ৰোআৰিত কলিকতা পালেহি । তাতে লিখিচে, ৯ ডিচেম্বৰ তাৰিখত ইংলণ্ডৰ প্ৰধান ৰাজ মন্ত্ৰি চেৰ ৰবত পিল সাহাবে স্ৰী স্ৰীমতি মহা ৰানিৰ সাখ্যাত সেই ৰাজ মন্ত্ৰি বাব সমৰ্পন কৰিলত মহা ৰানিএ স্ৰীজুত লৰ্ড জন বচেল সাহাবক সেই বিসই লবলৈ আগ্যা কৰিলে, কিন্তু তেঁৱে লগৰ সহাই সকলে সৈতে আলচ কৰি ৰাজ বিসই লবলৈ থিৰ কৰিব নোআৰাত স্ৰী স্ৰী মতি মহা ৰানিএ আকও চেৰ ৰবৰ্ত পিলক মাতি আনি সেই বাব দি পুনৰ বাৰ প্ৰধান ৰাজ মন্ত্ৰি পাতিলে ।
Religious Intelligence.
কলিকতা নগৰত স্কটলণ্ড মিস্যনেৰি পাদুৰিৰ বিদ্যালইত চাতৰ এহেজাৰতকৈ অধিক হই; স্কটলণ্ডৰ পৰা আন মিস্যনেৰি পাদুৰি আহি আৰু এক ইস্কুল পাতিচে, তাতো এহেজাৰতকৈ অধিক চাতৰ আচে । জোআ বচৰত এংৰেজি ২০ । ৩০ পাদুৰি সাহাবে ইংলণ্ডৰ ৰাজ ধৰম এৰি কমিয়া ধৰম লৈ ৰুমিয়া গুৰুত বস হল ।
হিন্দুস্থানৰ মাজত ইংৰেজি বাপ্তিষ্ট মিস্যনেৰি সাহাব ২০ জন আচে; এই দেসৰ সাহাব ১২ জন; খ্ৰিষ্টিয়ান ধৰম কিৰ্তন কৰা হিন্দুস্তানি মানুহ ৫০; খ্ৰিষ্টিয়ান মণ্ডলি মুঠে ২৬; মণ্ডলিৰ লোক ১১০০ । জোআ বচৰৰ ভিতৰত হিন্দুস্তানি মানুহ ১৩০ জনে বিস্বাস কৰি বুৰ পোআ হৈ সেই মণ্ডলিবিলাকত সোমাল ।
মান দেসত ত্ৰিচ বচৰতকৈ অধিক থকা জদ্চন নামেৰে এজন আমেৰিকান মিস্যনেৰি পাদুৰি সাহাবে ভাৰ্জা নৰিয়া পৰাৰ কাৰনে আপোনাৰ দেসলৈ গৈচে । বাটত জাওঁতে সাগৰৰ মাজত চেন্ত হেলিনা নামে এক মাজুলিত কিচু দিন থাকি, তাতে মেম সাহাবে প্ৰভু য়িচুক দেখিবৰ আসা কৰি আনন্দ মনেৰে ম্ৰিত্যু হল । সাহাবে লৰাবিলাকে সৈতে আপোন দেসলৈ গল ।
চতুৰ্থ পৃষ্ঠা
[সম্পাদনা কৰক]The Solar System
আকাসৰ সুন্যত থকা তৰা আটাইবোৰ আমাৰ পৰা সমান দুৰ ন হই । জি জি তৰা ওচৰ হই সেইবোৰ ডাঙ্গৰ জেন দেখি, জি জি দুৰ হই সেইবোৰ সৰু জেন দখি; আৰু চকুৰে মনিব নোআৰি, দুৰ্বিনেৰেহে দেখিব পাৰি, এনে লাখ লাখ তৰা আচে । আমাৰ ওচৰত থকা জি তৰাই সুৰ্জক ঘুৰি জাই, সেইবোৰ গ্ৰহ বোলে । কোন তৰা গ্ৰহ হই, তাক জানিবৰ নিমিতে বেলিএ বেলিএ চালে ঠিক পাই; গ্ৰহ হই জদি, তাৰ ঠাই লৰে, অন্য তৰা হলে ঠাই ন ৰলে । গ্ৰহ ৭ টা মাথোন আচে; বুধ, সুকুৰ, ভুগোল, মঙ্গল, ব্ৰিহস্পতি, সনি, হৰ্স্যেল । এই সকলো গ্ৰহে সুৰ্জক ঘুৰি জোআ পথ ওপৰৰ নক্চাত লিখা আচে । মাজত থাকে সুৰ্জ ।
১ । সুৰ্জৰ ওচৰত থকা ভিতৰ হোআ পথত বুধ গ্ৰহে চলি জাই; সি সুৰ্জৰ পৰা ৩ ৭০ ০০০০০ মাইল অৰ্থাত ১ ৮৫ ০০ ০০০ ক্ৰোসৰ অন্তৰত থাকি ৮৮ দিনত সুৰ্জক ঘুৰে । সেই গ্ৰহ সৰু; তাৰ পথালি জোখ ৩২২৪ মাইল ।
২ । তাৰ বাহিৰে সুকুৰৰ পথ লিখা আচে; সি ৬ ৮০ ০০০০০ মাইলৰ আঁতৰ হৈ সুৰ্জক ২২৪ । দিনত ঘুৰিচে । তাৰ পথালি ৭৬৮৭
মাইল হই; প্ৰিথিবিতকৈ এফেৰি সৰু । মাহ চাৰেক গধুলিতে, পাচে মাহ চাৰেক পুআই জি তৰা বৰ ৰস্মিএৰে সুজৰ ওচৰে ওলাই, তাকে সুকুৰ বুলি জানিবা ।
৩ । ভুগোল অৰ্থাত প্ৰিথিবি বচৰি বচৰি সুৰ্জক ঘুৰিচে দেখ, তাকো গ্ৰহ বোলে । সুজৰ পৰা ৯ ৫০ ০০ ০০০ মাইলৰ আঁতৰ হই । তাৰ পথালি জোখ ৬৯৬০ মাইল । উতৰৰ পৰা দখিনলৈ তাতকৈ এফেৰি কম । ভুগোলে সৈতে এক উপগ্ৰহ অৰ্থাত চন্দ্ৰ ঘুৰি থাকে; প্ৰিথিবিএ জেনেকৈ সুৰ্জক ঘুৰে তেনেকৈ চন্দ্ৰে ২৯ ।। দিনত প্ৰিথিবিক ঘুৰে, তাৰে মাহ হই । চন্দ্ৰ বহল জোখ ২১৮০ মাইল মাথোন হই ।
৪ । মঙ্গক প্ৰিথিবিতকৈ কিচু সৰু; তাৰ পথালি ৪০০০ মাইল হই । দেখিবলৈ আন তৰাতকৈ বৰন ৰঙ্গা । সুৰ্জৰ পৰা ১৪ ৪০ ০০ ০০০ মাইলৰ অন্তৰত থাকি এবচৰ ৩২২ দিনত ঘুৰে । মঙ্গল আৰু ব্ৰিহস্পতিৰ পথৰ ভিতৰত চিৰিচ, পালাচ, জুনো, বেষ্টা, এই চাইটা অতি সৰু গ্ৰহ সুৰ্জক ঘুৰি ফুৰে । দুৰ্বিনেৰেহে দেখি ।
৫ । মঙ্গলৰ বাহিৰে ব্ৰিহস্পতিৰ পথ লিখা আচে । সি গ্ৰহৰ মাজত ডাঙ্গৰ; দিখিবলৈকো ৰস্মি বৰ প্ৰকাস । প্ৰিথিবিতকৈ এঘাৰ গুন বহল; তাৰ পথালি ৮৯ ০০০ মাইল হই । সুৰ্জৰ পৰা ৪৯ ১০ ০০ ০০০ আঁতৰ, ১১ বচৰ ৩২২ দিনত ঘুৰে । তাৰ লগত উপগ্ৰহ ৪ টা আচে; আমাৰ চন্দ্ৰ দৰে গ্ৰহনো লাগে, দুৰ্বিনেৰেহে দেখিব পাৰে ।
৬ । ব্ৰিহস্পতিৰ বাহিৰে সুৰ্জৰ পৰা ৯০ ১০ ০০ ০০০ মাইলৰ অন্তৰত সনিৰ পথ থাকে । ২৯ বচৰ ১৬৯ দিনত সুৰ্জক ঘুৰে । পথালিৰ জোখ ৭৯ ০০০ মাইল । তাক ঘুৰনিয়াকৈ মেৰোআ মণ্ডলৰ আক্ৰিতি এক আচৰিত বস্তু দেখা জাই । তাক সনিৰ চক্ৰ বোলে । সনিৰ উপগ্ৰহ অৰ্থাত চন্দ্ৰ সাতোটা আচে ।
৭ । সেইবিলাক গ্ৰহৰ বাহিৰে হৰ্স্যেল নামে ইংৰেজি এক বৰ পণ্ডিত সাহাবে ১৭৮১ সঁকত দুৰ্বিনেৰে চাই এটা নতুন গ্ৰহ দেখা পালে । সেই গ্ৰহৰো হৰ্স্যেল নাম দিয়া গল । তাৰ পথালি
পঞ্চম পৃষ্ঠা
[সম্পাদনা কৰক]৩৫ ০০০ মাইল । সুৰ্জৰ পৰা ১৮০ ০০ ০০০০০ মাইল দুৰ হৈ ৮৪ বচৰ ৯ দিনত এবেলি মাথোন ঘুৰে ।
গ্ৰহ উপগ্ৰহৰ লেখ । প্ৰধান গ্ৰহ ৭; সৰু গ্ৰহ ৪; উপগ্ৰহ ১৮; মুঠ ২৯ । নেজাল তৰা অনেক ।
প্ৰত্যেক গ্ৰহৰ ডাঙ্গৰ সৰু জানুবৰ নিমিতে পথালি জোখৰ দৰে তলৰ নক্চাত লিখা আচে । তাত এটা নেজাল তৰাও লিখা আচে । নেজাল তৰা হলে সুৰ্জক ঘুৰে, তথাপি পথ সমান ঘুৰনিয়া ন হই; বৰ দিঘল পথত ঘুৰে। তাৰ গতিৰ দৰে কোনো কালে সুৰ্জৰ নিচেই ওচৰলৈ আহে, পাচে অতি দুৰলৈ গৈ অনেক বচৰৰ মুৰত আকও আহে ।
ওপৰৰ কথা লিখাৰ পাচে লণ্ডনৰ ডাকে অনা সম্বাদ পত্ৰত এই কথা পাইচোঁ, জৰ্মানি দেসৰ হেঙ্ক নামেৰে এজন জোতিসিয়া ৮ ডিচেম্বৰত দুৰ্বিনে সৈতে তৰাবিলাকক চাওঁতে এক নতুন তৰা দিখিলে; পাচে দিন চাৰেক চালত আন তৰাৰ নিচিনা নিচল ন হৈ গ্ৰহৰ নিচিনা গতি কৰিলে, তাতে সেই তৰা এটা নতুন গ্ৰহ বুলি জানিলে; কোনো কালত তাক আগৈএ দেখা পোআ নাই। সেই গ্ৰহ কিমান ডাঙ্গৰ আৰু কিমান দুৰ হই, তাক জোখা ন হল; এতিয়া জুখিবলৈ উপাই কৰিচে ।
Shape of the Earth
প্ৰিথিবি ৰবাব টেঙ্গাৰ নিচিনা ঘুৰনিয়া । পুৰান আদিতে কই, প্ৰিথিবি আৰ্চিৰ নিচিনা; আৰু পুথি কৰা লোকে লিখে, জে প্ৰিথিবি চাৰি চুকিয়া, ও কোনোএ তিনি চুকিয়া বুলি কই । সেই সকল কথা প্ৰমান ন হই; কাৰন ইউৰপ দেসৰ জোতিসৰ পুথিত ও ব্ৰহ্ম সিদ্ধান্তত ও সুৰ্জ্য সিদ্ধান্তত ও সিদ্ধান্ত সিৰোমনিকে আদি কৰি পুথিবিলাকত প্ৰিথিবি ঘুৰনিয়া বুলি কৈচে । আৰু হিন্দুস্থানৰ ও ইউৰপৰ পণ্ডিতবিলাকে ওপৰে লিখা পুথি বিলাকক মিলাই মিলাই চাইচে; আৰু সেই পুথি প্ৰমানিক দেখি মান্য কৰে, ও তাৰে সকলোএ সিখ্যা পাই, আৰু জোতিস জনাবিলাকে পঞ্জিকা ও গ্ৰহনকে আদি কৰি আকাসৰ ভাবি ঘটনা নিচই কৰি দেখুআই । তাৰে প্ৰিথিবি ঘুৰনিয়া বুলি জনা জাই, কিন্তু অন্য আকাৰ প্ৰমানিক ন হই ।
প্ৰিথিবি জে ঘুৰনিয়া তাৰ পৰিমান পাবলৈ কোনোবা নাবিক ইউৰপৰ এক দেসৰ পৰা জাহাজেৰৈ এক মুখে প্ৰিথিবিৰ চাৰিও ফালে ঘুৰি আকও আপোন দেস পাইচিল । জদি প্ৰিথিবি ঘুৰনিয়া নো হোআহেঁতেন তেন্তে নাবিক লোকে আপোন মুখ নু ঘুৰুআকৈ আপোন দেসলৈ আহিব নোআৰিলেহেঁতেন । তিনি স বচৰ হল, ইউৰপৰ মাজত ইস্পানিয়া দেসৰ মাগেলৰ সাহাব ৫ জাহাজেৰে সৈতে পুব ফাললৈ মুখ কৰি প্ৰথমে প্ৰিথিবি বেৰি ভ্ৰমন কৰিবলৈ গৈচিল । ঐ সাহাব কোনোবা লোকৰ দোআৰাই বাটত মৰা হল, কিন্তু তেওঁৰ জাহাজৰ মুখ নু ঘুৰুআকৈ এহেজাৰ এস একুৰি চাৰি দিনে পুনৰ বাৰ আপোনাৰ দেসলৈ আহিচিল । পাত ইংলণ্ড আদি কৰি অনেক দেসৰ লোকে কেতবোৰে পুব মুখে গৈ কেতবোৰে পচিম মুখে গৈ জাহাজ নু ঘুৰুআকৈ প্ৰিথিবিক বেষ্টন কৰি আহিলে । ৫০ বচৰ হল, মহা জসস্যা পোআ কাপ্তান কুক সাহাব প্ৰিথিবিক বেষ্টন কৰিবলৈ গৈচিল, পাচত দু বাৰ এনেকৈ কৰি ত্ৰিতিয় বাৰত তেওঁৰ দোআৰাই জনা হোআ পাচিফিক মহা সাগৰৰ মাজত হাৱাই নামেৰে উপদিপৰ মানুহবিলাকে তেওঁক অকাৰনে
ষষ্ঠ পৃষ্ঠা
[সম্পাদনা কৰক]বধিলে । এতিয়াৰ দিনত মুদৈৰ জাহাজবিলাকে ৯ মাহ বা এবচৰৰ ভিতৰত প্ৰিথিবিক ঘুৰি জাই, বেষ্টন কৰা এনে সুগম হৈচে ।
প্ৰিথিবি জে গোল তাৰ দুতিয় প্ৰমান এই । সমুদ্ৰৰ পৰা জদি কোনো জাহাজ তিৰলৈ আহে তেহে তিৰত থকা লোকবিলাকে প্ৰথমে তাৰ মস্তুলৰ আগটো দেখে, পাচে ক্ৰমে ক্ৰমে তলিলৈকে দেখিবলৈ পাই, সেই মতে জাহাজত থকাবিলাকে আগৈএ তিৰত থকা পৰ্বত গচ আৰু ঘৰ ইত্যাদি দেখে; কিন্তু জিমান ওচৰলৈ আহে তিমান মাটিলৈকে দেখিবলৈ পাই । আৰু মানুহৰ চকু এনে স্ৰজন হৈচে, জে সৰু বস্তুতকৈ ডাঙ্গৰ বস্তু অনেক দুৰ দেখে, এতেকে প্ৰথিবি জদি সমান হলহেঁতেন তেহে জাহাজৰ অতি সৰু মাস্তুল নে দেখাকৈ তাৰ ডাঙ্গৰ গাটো অৱস্যে আগৈএ দেখিলেহেঁতেন । এই দ্ৰিষ্টান্তৰ দোআৰাই প্ৰিথিবি ঘুৰনিয়া হোআৰ প্ৰমান আৰু দ্ৰিঢ় হই । আমি জেনেকৈ সমুদ্ৰক ঘুৰনিয়া দেখোঁ সেই ৰুপ প্ৰিথিবিৰ ঘুৰনিয়া ভাও পৰ্বত ও গচ ও গ্ৰাম আদিৰ দোআৰাই জুৰি থকা দেখিবলৈ নে পাওঁ; কিন্তু উতৰে তাতাৰ নামেৰে জি দেস আচে সি সমান থল আৰু গচ গচনি নাই কিয়া, এই কাৰনে ততে জেতিয়া মানুহ অতি দুৰে থাকে তেতিয়া তাৰ মুৰটো আগ বাৰ্হি দেখে, পাচে কান্ধ আৰু বুকু গাঁৰিকে আদি কৰি জিমান ওচৰ হই তিমান ক্ৰমে ক্ৰমে ভৰিলৈকে দেখা জাই । প্ৰিথিবি জে ঘুৰনিয়া তাৰ দ্ৰিঢ় প্ৰমান এই, জেতিয়া চন্দ্ৰ গ্ৰহন হই তেতিয়া প্ৰিথিবিৰ চাঁ চন্দ্ৰ ওপৰত ঘুৰনিয়া আকাৰে পৰে । জদি প্ৰিথিবি ঘুৰনিয়া ন হলহেঁতেন তেহে এনেকুআ দেখা ন গলহেঁতেন; কিয়নো ঘুৰনিয়া বস্তুৰ বাহিৰে অন্য কোনো বস্তুৰ চাঁ সম্পুৰ্নভাৱে ঘুৰনিয়া হব নোআৰে । সুৰ্জ আৰু চন্দ্ৰৰ মাজত প্ৰিথিবি প্ৰবেস হোআতে চন্দ্ৰ গ্ৰহন হই, এই কাৰনে জেনেকুআ প্ৰিথিবিৰ আকাৰ তেনেকুআ চাঁ চন্দ্ৰৰ ওপৰত পৰে । বেলেগ বেলেগ দেসৰ ভিন ভিন মানুহে অনেক বাৰ চন্দ্ৰ গ্ৰহন দেখিচে, তাতে ঘুৰনিয়াত বাজে কেতিয়াও অন্য ৰুপ কেও দেখা নাই । এই কাৰনে এই এই ওপৰে লিখা পৰিমানৰ দোআৰাই সকলো দেসৰ লোকবিলাকে প্ৰিথিবিৰ ঘুৰনিয়া আকাৰ নিচই কৰিচে । কিন্তু পৰ্বতবিলাকৰ ওখ হোআ আৰু সাগৰবিলাক চাপৰ হোআৰ কাৰনে জদি কোনোএ প্ৰিথিবিৰ ঘুৰনিয়া আকাৰ ন হই বুলি কই, তেন্তে তাৰ উতৰ এই, ৰবাব টেঙ্গাৰ গাৰ ওপৰত অলপ অলপ ওখ চাপৰ ওখ থকাতো তাক ঘুৰনিয়া বোলে, তেনেকৈ প্ৰিথিবিক দেখা জাই । ইয়াৰ প্ৰমান এই, হিমালই পৰ্বততকৈ প্ৰিথিবিত আৰু ওখ পৰ্বত নাই, সি ওখই ৫ মাইল অৰ্থাত আৰ্হৈ ক্ৰোস; কিন্তু প্ৰিথিবিৰ পথালি অৰ্থাত তাৰ সোঁ মাজৰ জোখ ৭০০০ সাত হেজাৰ মাইলতকৈ অধিক হই, অৰ্থাত প্ৰিথিবিতকৈ সেই পৰ্বত ১৪০০ গুনে সৰু । প্ৰিথিবিৰ ঘুৰনিয়া আকাৰৰ প্ৰমান এইবিলাক দিলোঁ, পাচৰ অৰুনোদয়ত প্ৰিথিবিৰ পৰমানৰ বিসয়ে লিখিম ।
Wreck of the Letitis
লিটিস্যা নামেৰৈ এক নতুন সকত জাহাজ সনিবাৰ ১৫ চেপ্তেম্বৰ তাৰিখত মৰিচ মাজুলি এৰি কলিকতা নগৰলৈ জাবলৈ ধৰিলে ।পাচে ঐসান্য দিসে দু দিন গৈ দাও বাৰৰ ৰাতিত কাপ্তান সাহাবে সেই ঐসান্য দিসে গৈ থাক বুলি হুকুম দিলে; কিন্তু সিল বালি চট সেই ঠাইত আচে তাকে ভালকৈ চাই জাবা বুলি ন কলে । সেই ৰাতি ডাৱৰিয়া এন্ধাৰ; কাপ্তানৰ প্ৰধান সহাই জাহাজ চলাওঁতে এক ঘণ্টাতে ৮ ডাঁৰৰ বাট জোআ বেগেৰে গৈ ৰাতি নু পুআত এটা সিলত উঠি ৰল । তাতে জাহাজ পাতল কৰিবলৈ বস্তু উলিয়াই পলাবৰ নিমিতে হুকুম দিলে, কিন্তু লাস্কাৰ অৰ্থাত পাল তৰা কুলিবোৰ বিচুৰ্তি হৈ আগ্যা নু সুনি আলা নাম মাথোন লৈ একো কাম ন কৰিলে । পাচে সাগৰৰ ঢৌএ বৰ বেগেৰে খুন্দা মাৰি জাহাজৰ ওপৰত ঘনে ঘনে পৰি থকাত জি তিনি খন নাও জাহাজত নিএ তাৰ দুখন ভাঙ্গি পেলালে, সৰু নাও এখন থাকিল । মানুহে তাক পানিত পেলাই, লেজু ডালৰ আগত ধৰি ওচৰত থকা সৰু মাজুলিলৈ গৈ সেই
সপ্তম পৃষ্ঠা
[সম্পাদনা কৰক]নাও খনো বাম পাওঁতে সিলত লাগি ফাটিল । পাচে ৰাম উঠি লেজু লগাই ৰাখিলে, সি মুৰে জাহাজত বন্ধা থাকিল । সেই লেজুতে ধৰি জাহাজৰ অনেক মানুহে বাম পালেহি; কিন্তু কাপ্তান সাহাব, আৰু তাৰ সহাই, মিস্তিৰি, খাঞ্চেমা আৰু লাস্কাৰ ৬ টা নৌ জাওঁতে লেজু চিগিল, সিবিলাক জাহাজতে থাকিল । জিয়া জন্তু জাহাজৰ ওপৰত জি আচিল, ঢৌ উটাই নিলে; মেৰ চাগ এটা, পাতি হাঁহ এটা, ৰাজ হাঁহ এটা, এই তিনিক বামত থকা মানুহে ধৰি ৰাখিলে ।
গধুলি ৪ বজাত মাল্কাম নামে কাপ্তান সাহাবে বামলৈ সাঁতৰি জাবৰ মনেৰে লেজু ধৰি পানিত নামিল; আদ খিনি বাট গলত বল হিন হৈ ওপঙ্গা কাঠ ডাল ধৰিও জাব নোআৰি মৰিল । পাচে জাহাজত থকাবিলাকে জাব নোআৰি নিৰসা হৈ অতি দুখেৰে সেই ৰাতি তাতে পৰি থাকিল । ৰাতিৰ ভিতৰত জাহাজ ভাগি অনেক বস্তু পানিত পৰিলত জাহাজ লঘু হৈ ৰাতি পুআ উপঙ্গি উটি মাজুলিৰ কাসত চাপিলগৈ । তাতে মানুহ ৰখ্যা পালে; আৰু জাহাজ সিলতে ঢৌত ভাগি ডুখৰি ডুখৰি হৈ উটি গল ।
সেই মাজুলিৰ নাম ফ্ৰিগেট, কাৰ্গদো মাজুলি চাপৰিবিলাকৰ মাজতে থাকে । সি নিৰ্জান, আৰু তাক ঘুৰিবলৈ এডাঁৰ বেলিৰ বাট । তাতে সমুদ্ৰৰ চৰাই আৰু কনি অনেক পালে, আৰু ঐস্তৰ নামে এবিধ ডাঙ্গৰ সামুকো পালে । সাগৰৰ পানি দিনে দিনে উঠাতো সেই মাজুলি তল নো জোকৈ ৬ হাত থাকে । তাতে ঠায়ে ঠায়ে অতি সৰু গচ আৰু সাক বন আচে; কিন্তু চৰাই, কনি, ঐস্তৰ সামুক এইবিলাকৰ বাহিৰে খোআ বস্তু নে পালে; ভাল পানি ওলোআ এক ভুমুকো পালে । জাহাজৰ কাঠ পাল আদি কৰি জি জি বস্তু উপঙ্গি বামলৈ আহিল, তাৰ সৈতে মানুহে সৰু ঘৰ সাজিলে, আৰু অহা জোআ মানুহে দেখিবৰ নিমিতে সিহঁতে ওখকৈ এটা নিচান পুতি থলে । জুই নে পাই দেখি কাঠত ঘৰিসনা টানি জুই উলিয়াবলৈ ধৰিল, কিন্তু নোআৰিলত অতি দুখ হৈ থাকি কেঁচা মঙ্গহকে খাই জিলে ।
পাচে এখন ভুঁৰ সাজি তাত জাবৰ মনেৰে অনেক চৰাইৰ মঙ্গহ ৰদত সুকাই ৰাখিলে ।
২১ চেপ্তেম্বৰত এক জাহাজ ওচৰে জোআ দেখি সিহঁতে সেই ঠাই এৰি আহিবলৈ বৰ আসা কৰিলে, কিন্তু জাহাজৰ মানুহবিলাকে সিহঁতক নে দেখ নু বুজি গুচি গল । পাচে ২৯ চেপ্তেম্বৰত আৰু এক জাহাজ দেখি তাক পাবলৈ ১২ জন লাস্কাৰ ভুৰত উঠি খেদি গল, কিন্তু নে পালে, আৰু সোঁতৰ নিমিতে উভতি আহিবও নোআৰি মহা সাগৰত বতাহে উটাই নিলে ।
অক্তোবৰৰ ২৭ দিনত মাজুলিত থকা এক মানুহে জাহাজৰ উটি অহা বস্তুৰ মাজত সুৰ্জ পটৰ নিবিনা দুৰ্বিনৰ ঘৰনিয়া আৰ্চি এখন পাই তাৰে জুই উলিয়ালত সকলোৰে বৰ আনন্দ হল ।
১৫ নৱেম্বৰ তাৰিখত মাজুলিৰ পুব ফালে এটা জাহাজ দেখি সিহঁতে সৰু নাও বাতি, জাবলৈ ধৰি সোঁতৰ কাৰনে নোআৰিলে; পাচৰ দিনাও সেই জাহাজ ন গল দেখি আকও নাৱত উঠি দুই ঘৰি বৰ স্ৰমেৰৈ নাও বালে, তেও নোআৰিলে । নাও ভগা মানুহে দুই মানুহে পানি সিঁচি থকাতেহে জাব পাৰিলে । কিন্তু পাচে ইস্বৰৰ অনুগ্ৰহেৰে সেই জাহাজৰ কাপ্তান বাৰই সাহাবে তাত মানুহ থকা বুজ পাই ১৮ নৱেম্বৰত সৰু নাও পঠাই সকলোকে সেই দুৰ্গম ঠাইৰ পৰঅ নি আপোনাৰ জাহাজত তুলিলে । তাতে উনচলিচ জন মানুহ ৰখ্যা পৰিল ।
আৰু ১২ মানুহে সৈতে জি ভুঁৰ উটি গৈচিল, তাক আটলান্তা নামেৰে এক ফ্ৰাঞ্চি জাহাজৰ কাপ্তানে সাগৰত পালে । সিহঁতৰ ১০ জন খাবলৈ নে পাই মৰিল, জিয়াই থকা দুটা মাথোন পাই কলিকতা নগৰলৈ আনিলে ।
প্ৰিথিবি জে গোল আৰু সুৰ্জক ঘুৰে, গালিলিও নামে জি জন পণ্ডিতে এই কথা প্ৰমান দি থিৰ কৰিলে, সেই কথা প্ৰকাস কৰাৰ কাৰনে ৰুমিয়া ধৰমৰ ৰজাই তেওঁক ধৰিলে, আৰু ধৰমৰ বিৰোধে মিচা কথা সিকাইচে বুলি তেঁওক বন্দিসালত থৈ অনেক দুখ তাৰনা কৰিলে ।
অষ্টম পৃষ্ঠা
[সম্পাদনা কৰক]Martyrdom of Stephen
আমাৰ প্ৰভু য়িচু খ্ৰিষ্টক বধ কৰঅৰ পাচে তেওঁৰ সাখি হৈ জি মানুহ ধৰমৰ নিমিতে মৰনৰ দুখ পালে, এনে মানুহক খ্ৰিষ্টিয়ান মাৰ্তৰ বোলে । খ্ৰিষ্টৰ দিনৰে পৰা এতিয়ালৈকে তেওঁৰ বিস্বাসি ধৰমৰ সাথি দেসে দেসে জগতৰ লোকে সাস্তি তাৰনা কৰি মাৰি আচে ।
খ্ৰিষ্টিয়ান মানুহৰ এনে সাংসাৰিক দুখ হব, ইয়াকে য়িচুএ প্ৰিথিবিত থাকোঁতে ভবিস্যতে বাক্যেৰে আপোনাৰ সিস্যবিলাকক কলে । ধৰম সাস্ত্ৰত লিখা আচে, দেখা কুকুৰ নেচিয়াৰ মাজত মেৰ জেনে, তেনেকৈ মই তোমোলাকক পঠিয়াঁও । মানুহলৈ সাৱধান হোআ; কিয়নো সিহঁতে তোমোলাকক মেলত সোধাই দিব, সিহঁতৰ নাম ঘৰত কোবাব; আৰু মোৰ কাৰনে অধিকাৰ আৰু ৰজাৰ আগলৈকো সিবিলাক আৰু বিদেসি লোকলৈ সাথি হবৰ নিমিতে তোমোলাকক নিয়া হব । ককায়েকে ভায়েকক, বাপেকে পুতেকক মাৰিবলৈ সোধাই দিব; আৰু লৰাহঁতে মাক বাপেকৰ বিৰোধে উঠি সিবিলাকক বধ কৰাব; আৰু মোৰ নামৰ নিমিতে সকলো মানুহে তোমোলাকক খিয়াল কৰিব । কিন্তু সেসলৈকে জি সহি থাকে, সি পৰিত্ৰান পাব । জিবিলাকে সৰিল বধ কৰিব পাৰে, জিৱ বধ কৰিব নোআৰে, সিহঁতলৈ ভই ন কৰিবা; কিন্তু জি জনে জিৱ সৰিল দুইকো নৰকত নষ্ট কৰিব পাৰে, তেঁওলৈ ভই কৰা ।
য়িচুৰ এই কথাত আস্ৰই কৰি অনেক খ্ৰিষ্টিয়ান মাৰ্তৰে হিংসা কৰা মানুহৰ হাতত অতি নিৰ্ভই মনেৰৈ মৰনৰ দুখ পালে । সেই মাৰ্তৰবিলাকৰ মাজত জি জনক খ্ৰিষ্টৰ পাচেপ্ৰথমে মাৰিল, তেওঁৰ নাম ষ্টিফান । তেঁও য়িচুৰ ধৰম
ইস্বৰৰ মহিমাৰে প্ৰচাৰ কৰি খ্ৰিষ্টক মৰা য়িহদা দেসি পোৰোহিত অধ্যাপকৰ আগত নিভই ৰুপে সিবিলাকৰ দোস দেখাই সুনালত সিহঁতে জি ৰুপে তেঁওক বধলে, তাক পাঁচনিবিলাকৰ কৰমৰ ৭ আধ্যাত লিখা আচে । তেঁওৰ কথা সুনি সিহঁতে দ্ৰিদয়ত খেদ পাই তেঁওলৈ দাঁত কৰচিলে । কিন্তু তেঁও পবিত্ৰ আত্মাৰে পুৰ হৈ স্বৰগৰ ফাললৈ একে ঠৰে চাই ইস্বৰৰ জৌতিকে আৰু ইস্বৰৰ সোঁ ফালে থিয় হৈ থকা য়িচুকে দেখি কল, দেখা, স্বৰগৰ দুআৰ মুকলি আৰু মানুহৰ পুত্ৰক ইস্বৰৰ সোঁফালে থিয় হৈ থকা দেখিচোঁ । তেতিয়া সিহঁতে বৰকৈ এতাহ পাৰি কানত সোঁপা দি, সকলোএ একে চিত হৈ বেগাই গৈ তেঁওৰ ওপৰতে পৰি ধৰিলে । পাচে নগৰৰ বাহিৰলৈ উলিয়াই তেঁওক সিল পেলাই মাৰিলে । সাখিবোৰে চৌল নামেৰৈ এটা ডেকা মানুহৰ ভৰিৰ কোসত আপোনাৰ কাপৰ থলে । স্তিফানক সিল পেলাই মাৰোঁতে তেঁও প্ৰাৰ্থনা কৰি কলে, হে প্ৰভু য়িচু,, মোৰ জিৱক গ্ৰহন কৰা । পাচে আঁঠু পাৰি ৰিঙ্গিয়াই কলে, হে প্ৰভু, এই দোসৰ দণ্ড সিহঁতলৈ নে লেখিবা । ইয়াকে বুলি তেঁও ম্ৰিত্যু হল ।।
- ধৰম গিত ।
- জাগত মধ্যে জেতে লোক,
- সৰু নাইবা ডাঙ্গৰ হওক,
- আঁহা সৰ্বে কৰো গান,
- য়িচু খ্ৰিষ্টত পৰিত্ৰান ।
- ধন্য কৰিম য়িচু নাম,
- স্বৰ্গ মৰ্ত্য সৰ্ব ধাম,
- নিতৌ হই জেন প্ৰভুৰ স্তও,
- য়িচু জই জই কৰা ৰাও ।
THE ORUNODOI A monthly Paper, devote to Religion, Science, and General Intelligence, is printed and published at the Sibsagor Mission Press, by O.T.CUTTER, for the American Baptist Mission in Asam. Price, one Rupee per annum, in advance, or one and a half at the end of the year.