অৰুনোদই সম্বাদ পত্ৰ/জানোআৰি, ১৮৪৬
অৰুনোদই সম্বাদ পত্ৰ |
---|
|
প্ৰথম পৃষ্ঠা
[সম্পাদনা কৰক]
Summary of Events in 1845
১৮৪৪ ইং সঁকৰ এক জানোআৰিৰ পৰা এবচৰৰ ভিতৰত ইংলেণ্ড দেসত ঠায়ে ঠায়ে ২৪ - ২০ ০০ ০০০ চিঠি ডাকত পঠোআ হল ।
১৮৮৫ৰ ৭ জানোআৰিত এক নেজাল তৰা কলিকতাত দেখা হৈচিল ।
৯ জানোআৰিত মান দেসৰ পুব ফালে মলমাইন নামেৰে কম্পানিৰ এক বৰ নগৰত জুই লাগি ৮০০ ঘৰ পুৰিলে ।
মেক্চিকো দেসৰ চান্তিয়ানা নামেৰে এক সেনাপতি সেই দেসৰ ৰাজ মেলৰ বিৰোধে ১০ ০০০ সেনাই সৈতে ৰন পতাৰ নিমিতে ১৫ জানুআৰিত তাক ধৰি দেসান্তৰ কৰিলে ।
৪ ফেব্ৰোআৰিত লণ্ডন ৰাজ নগৰত স্ৰী বীমতি মহা ৰানিএ ৰাজ মেল পাতিলে ।
১৩ ফেব্ৰোআৰিত কলিকতা নগৰত জুই লাগি অনেক ঘৰ পুৰিলে ।
৫ হাত বহল, ৩৬ হাত দিঘল, এনে বৰ দুৰ্বিন ৰচ নামেৰে এজন লৰ্ড সাহাবে সাজি ৫ মাৰ্চত প্ৰথমে তাক তুলি আকাসলৈ চাই, জোন তৰা আদি কৰি অতি ভাল ৰুপে দেখিলে ।
জিউতৰা দেসৰ পৰা জি কোনো বাপু লোকে লঙ্কাত গৌতমা অৰ্থাত বোধ দেৱতাক সেৱা কৰিবলৈ গৈছিল, সিবিলাকৰ আগত এক দাঃত গৌতমাৰ দাঁত বুলি লঙ্কাৰ বাপুএ ১৫ মাৰ্চত দৰ্সন কৰালে ।
চুইচ দেসৰ মানুহৰ ভিতৰত কাঁজিয়া লাগি ৰন কৰি, মাৰ্চৰ সেস এপ্ৰেলৰ প্ৰথম দুই দিনত দুই তিনি হেজাৰ মান মানুহ মৰিল ।
৭ এপ্ৰেলত মেক্চিকো নগৰত বৰ ভুঁইকঁপ গল, তাতে নাম ঘৰৰ মঠ আৰু আন আন পকি ঘৰো এনেক ভাগি পৰিল ।
১১ এপ্ৰেলত আমেৰিকা মিল বেসৰ পিত্চ-বৰ্গ নামেৰে এক নগৰত জুই লাগি ১২০০ ঘৰ পুৰিলে । ঘৰ বস্তু এন্দাজেৰে ২ ৪০ ০০ ০০০ টকা হানি হল ।
গ্ৰেট ব্ৰিটেন নামেৰে লোহাৰ এখান নতুন বৰ জাহাজ ৰাজ নগৰত ২২ এপ্ৰেলত মহা ৰানিএ চাবলৈ গল । সেই জাহাজ ২১৫ হাত দিঘল, জি ভাপৰ কল লগোৱা হৈচে, তাৰ ১০০০ ঘোৰাৰ সমান বল হই।
কাবুল কান্ধাৰৰ উতৰ বোখাৰা দেসৰ ৰজাই ফু জন সাহাবক ধৰি ৰাখিচে বুলি সুনি, উলফ নামেৰে এক ইংৰেজি পাদুৰি সাহাবে আগৰ বচৰত তালৈ গৈ ৰজাই সেই দুই সাহাবক মৰা জানি, উভতি আহি এপ্ৰেল মাহত ইংলেণ্ড দেস পালেহি ।
ৰুচিয়া দেসৰ ৰজাই চৰ্কাচি দেসৰ পৰ্বতৰ লোকে সৈতে ৰন কৰিবলৈ ১ ৫০ ০০০ সেনা পাঁচিলে ।
ইংলেণ্ড দেসৰ য়াৰ্মত নগৰত এক বাজিকৰে তামোচাৰে নিমিতে এটা চৰিয়া নৈত পেলাই, টানিবলৈ ৪ ৰাজ হাঁহ লগাই, পাচে চৰিয়াত উঠি
দ্বিতীয় পৃষ্ঠা
[সম্পাদনা কৰক]নৈত উজাই গল । ওচৰত থকা সাঁকো এটাত ৪ এটাত ৪ । ৫ স মানুহে ৰঙ্গ চাবলৈ উঠিলত সাঁকো ভাগি গল, সকলো মানুহ পানিত পৰি ১০০ মৰিল। সেই দিনৰ তাৰিখ ২ মেই । বঙ্গাল হিন্দুস্ধান দেসত ধঁআৰ ৰথ জোআ ৰেলৰদ পাতিবলৈ অনেক মানুহে নিবেদন কৰাত ইংলেণ্ডত থকা শ্ৰীজুক্ত কম্পানি বাহাদুৰে তৰ উপাই নিমিতে সেই দেসাধিপতি গবৰনৰ জেনেৰেল চেৰ হেনৰি হাৰ্ডিঙ্গলৈ মেই মাহৰ ৭ তাৰিখত চিঠি লিখি দিলে । সেই কথা সিধি হলে এই দেসৰ মানুহে আন দেসি লোকৰ নিচিনা স্ৰম নোহোআকৈ অতি বেগেৰৈ অহা জোআ কৰি অনেক লাভ পাব । ইংলেণ্ড আদি কৰি মানুহ থকা দুখান, গৰু মেৰ চাগ থকা দুখান, মুঠে সাত খান ৰথ একে ভাপ কলেৰে টানি নিয়া হৈচে ।
নুজিলণ্ড মাজুলিত এংৰেজি লোকে জি নগৰত বাস কৰে, তাতে আদিবাসি আবৰ লোকে মেই মাহৰ ৮তাৰিখত ৰন কৰি ১৫ । ২০ মানুহ মাৰিলে ।
স্কট্লণ্ড মিস্যনেৰি পাদুৰিৰ বিদ্যালইত সিকা অনেক চাতৰে হিন্দু ধৰম এৰি খ্ৰিষ্টিয়ান ধৰম লোআ হেতুকে ২০ মেইত ২০০০ মান হিন্দু মানুহে গোট খাই আলচ কৰি, ইংৰেজি বিদ্যাৰে সৈতে হিন্দু ধৰম সিকাবৰ নিমিত্তে আন এক বৰ পৰ্হা সালি পাতিবলৈ উপাই কৰিলে ।
আমেৰিকাৰ কুইবেক নামেৰে এক নগৰত ২৮ মেই তাৰিখত জুই লাগি ১৫০০ ঘৰ পুৰিলে; হানি হল ৮০ ০০ ০০০ টকা । আৰু জুইত দু কুৰি মান মানুহ মৰিল ।
এপ্ৰেল আৰু মেই মাহত জৰ্মানি দেসৰ অনেক খ্ৰিষ্টিয়ান মানুহে ৰোমি ধৰম এৰি, জৰ্মান কাথলিক মণ্ডলি নামেৰে এক নতুন খ্ৰিষ্টয়ান মণ্ডলি পাতিলে ।
৮ জুনত ইংলেণ্ডত এক নেজাল তৰা দেখা গল ।
কলিকতাৰ এচৰে বালি খালৰ ওপৰত জি ইউৰপৰ সকল দেসত এনে ভাপৰ কল লগা ৰথত জাই । সেই ৰথ সমানে যাবৰ নিমিতে লোহাৰ দুডাল আলিত পাতে, তাকে ৰেল্ৰদ বোলে । ৰধৰ ঘিলা সোমাই যাবৰ নিমিতে সেই লোহাৰ ডালত লোৰ থাকে, তাতে একে ঠৰে জাই । এনে ৰথ এক ঘৰিতে ডেৰ কুৰি, দু কুৰি, তিলি কুৰি মাইল অৰ্থাত এইমান ডাঁৰৰ বাট জাব পাৰে; কোনো কালত তাতকৈ অধিকো জাই । ইংলেণ্ডত ২০১৯ মাইলৰ দিঘল ৰেল্ৰদ পাতি আচে; আমেৰিকাতো আচে ঠায়ে ঠায়ে ৩৬৮৮ মাইল । ৰেল্ৰদত জোআ ৰথৰ নক্চা তলত লিখা আচে । প্ৰথম ৰথত কল থাকে, দুতিয় ৰথত জুইত দিবলৈ নাগ মাটি, তাৰ পাচে বস্তু থোআ এখান, নতুন লোহাৰ সাঁকো সাজিচে, ১২ জুন তাইখত ভাগি পৰিল । সেই সাঁকো ১৬৭ হাত দিঘল ।
মাদাগাস্কৰ মাজুলিৰ ৰানিএ ইংৰেজি আৰু ফ্ৰাঞ্চি মানুহক অনেক দুখ দিয়াৰ কাৰনে ইংৰেজি জাহাজ এখান ফ্ৰেঞ্চি জাহাজ দুখন সেনাই সৈতে গৈ, তামাতেৰে নামে এক কোঁঠ থকা নগৰত চাপি জুধ কৰিলে; দু কুৰি তিনি কুৰি মানুহ মৰিল, তাতে কোঁঠ সোমাব নোআৰাত জাহাজ হুহকি আহিল ।
আফ্ৰিকাৰ ভিতৰি আল্জেৰি দেসৰ আৰব মানুহে সৈতে ফ্ৰাঞ্চি সেনাবোৰে ৰন কৰাত আৰব লোকে লৰা তিৰোতা গৰুএ সৈতে এটা বৰ সিলৰ গাঁতত সোমাল । তাতে ফ্ৰাঞ্চিএ সোমাব নোআৰি সেনাপতিৰ হুকুমেৰে বহু খৰি গাঁতৰ মুখত চপাই অতি নিৰ্দয়া হৈ ১৮ জুনত জুই লগাই সকলোকে পুৰি মাৰিলে । পাচ দিনা জুই নুমালত সেনাবোৰে সোমাই ৬০০ পোৰা মানুহক পালে । আৰু কোনো কোনো এধা মৰা মানুহকো পালে ।
২০ জুনত টাহিটি মাজুলিত আদিবাসি মানুহে সৈতে ফ্ৰাঞ্চি লোকে জুধ কৰি দুইৰো আনেক মানুহ মৰিল । দুই তিনি বচৰ মান সেই ৰন হৈচে । তাৰ কাৰন এই; টাহিটি লোকে আগৰে
তৃতীয় পৃষ্ঠা
[সম্পাদনা কৰক]পৰা দেও পুজক আৰু ৰাইখসৰ নিচিনা হৈচিল; পাচে ইংৰেজি মিস্যনেৰি পাদুৰি সাহাৰে গৈ ধৰম সিকোআত টাহিটি লোকে দুষ্ট আচাৰ এৰি খ্ৰিষ্টিয়ান ধৰম ললে । ফ্ৰাঞ্চি দেসৰ ৰোমি পাদুৰিএ তাকে দেখি ধৰম ওলোটাই ৰোমি ধৰম সিকাবৰ নিমিতে ফ্ৰাঞ্চি ৰজাই তেঁৱে সৈতে ৰন কৰি বহু মানুহক মাৰিলে; সেস জি থাকিল হাবিত পলাই আচে, পোমাৰে ৰানিও সেদান্তৰ হল । শ্ৰীজুত য়েট্চ নামেৰে এজন বাপ্তিষ্ট মিস্যনেৰি পাদুৰি সাহাৰ নৰিয়া হেতুকে ইংলেণ্ডলৈ জাওঁতে চুক সাগৰত ৩ জুলাইত খ্ৰিষ্টৰ আস্ৰইত পৰলোক প্ৰাপ্ত হল । তেওঁ বঙ্গাল দেসত ৩০ বচৰতকৈ অধিক থাকি ধৰম পুথিৰ অন্তৰ ভাগ সংস্ক্ৰিত আৰু হিন্দুস্থানি ভাসাৰে লিখিলে; তাত বাজে সাঙ্সাৰিক বিদ্যাৰ ১০ । ১২ খান পুথি লিখি, এই দেসৰ মানুহক অনেক উপকাৰ কৰিলে ।
৪ জুলাইত তেক্চাচ নামেৰে এক দেস আমেৰিকাৰ মিল দেসবোৰে সৈতে সঙ্গ লৈ একে দেস হল ।
৭ জুলাইত বঙ্গাল দেসৰ স্ৰীদ্বাৰকানাথ ঠাকুৰ বাপুএ লণ্ডন নগৰত ইংলেণ্ডৰ মহা ৰানিৰ আগত আসখ্যাত হোআত মহা ৰানিৰ আৰু স্বামি প্ৰিঞ্চাল্বৰ্তৰ মুৰৰ নক্চা সেই বাপুক দি মৰ্জদা কৰিলে ।
জুলাইৰ ২৩ তাৰিখত ঢাকাত ভুঁইকঁপ গল; ২৬ তাৰিখত কলিকতা গুআহাটিতো হৈচিল ।
২৫ জুলাইত নুজিলণ্ড মানুহে ইংৰেজি সৈতে আকও জুধ কৰি ডৰ স মানুহক মাৰিলে ।
আগষ্টৰ ৬ তাৰিখত অসম দেসত বৰ ভুঁইকঁপ হল; নগাঁও গুআহাটিত কেত্বোৰ পকি ঘৰ ফাট ললে ।
৯ আগষ্টত ইংলেণ্ডৰ ৰাজ মেল ভাগিলত স্ৰী স্ৰী মতি বিক্তৰিয়া মহা ৰানি আৰু তেওঁৰ স্বামি মহা মহিম প্ৰিঞ্চাল্বৰ্তে লণ্ডন নগৰ এৰি জৰ্মানি দেস চাবলৈ গল । সাগৰৰ বাট অন্ত এৰিলত আন্তুঅৰ্প, ৰন, কোলৌন, কোবৰ্গ আদি কৰি অনেক নগৰলৈ গৈ তাতে সকলো লোকৰ অনেক মান সত্কাৰ পালে ।
আগষ্টৰ ১১ দিনত পাটনা নগৰত কইদি মানুহে ভাত ৰান্ধিবৰ কথাত আগ্যা নে মানি হাকিমৰ বিৰোধে উঠি কিলা কিলি কৰিলে; তাতে চিপাহিএ বন্দুকেৰে গুলিয়াই এটা কইদিক মাৰিলে, পাচে সকলোবোৰ বসবৰ্তি হল ।
২৭ আগষ্টত অসসম দেসত ভুঁইকঁপ হল ।
গয়াৰ ১৩০০ ফাটকিয়া মানুহে একে লগে আলচ কৰি হাকিমৰ বিৰোধে উঠি দাৰোগাক মাৰিলে, আৰু মাজেষ্টৰ সাহাবকো মাৰিবলৈ উদ্যত কৰিলে । তেতিয়া বৰ্কানদাজে হিলৈ এবেলি মৰাতে ১৬ টাআ কইদি মৰিলে, তাতেহে বস হল ।
চেপ্তেম্বৰৰ প্ৰথম দিনত আইচ্লণ্ড মাজুলিৰ হেক্লা পৰ্বত ফুটি তপত জোলৰ নদি ওলাল ।
ডেন্মাৰ্ক দেসৰ ৰজাৰ পৰা শ্ৰী ৰামপুৰ নগৰ কিনি, ১১ অক্টোবৰত কম্পানি লোকে সেই নগৰৰ অধিকাৰ হৈ মহা ৰানিৰ নিচান তুলি থলে ।
আয়ৰলেণ্ড নামে ইংলেণ্ডৰ পচিম বৰ মাজুলিত এই বচৰে বিলাতি আলুত কিবা ৰোগ হৈ গেলি জোআত সেই দেসৰ মানুহে ভাতৰ দৰে আলুকে খোআ সহজ দেখি এতিয়া বৰ দুৰ্ভিখ্যা হৈচে ।
পঞ্জাব অৰ্থাত ৰঞ্জিতচিঙ্গৰ দেসৰ সেনাই আক্ৰমন কৰি সতদ্ৰু নদি পাৰ হৈ কম্পানি দেসলৈ অহাত আমাৰ দেসাধিপতি স্ৰী স্ৰীজুত গবৰনৰ জেনৰল বাহাদুৰে এই অপৰাধৰ নিমিতে সিহঁতৰ জি গাঁও নগৰ সতদ্ৰু নদিৰ ইপাৰে থাকে সেইবোৰক দখল কৰিবলৈ ১৩ ডিচেম্বৰত আগ্যা দিলে । আৰু পঞ্জাবি ৫০ ০০০ সেনাই ৰন কৰিবৰ নিমিতে আহিচে; কম্পানিৰো সেনা ২৫ ০০০ মান তালৈ গৈচে । ১৮ ডিচেম্বৰ তাৰিখত ফিৰোজপুৰ নগৰৰ ওচৰত পঞ্জাবি মানুহে কম্পানিৰ সেনাই সৈতে জুধৰ আৰম্ভন কৰিলে । তাতে সিহঁতে পৰাজই হোআত সিহঁতৰ বৰ টোপ ২০ টা কম্পানিৰ লোকে কাৰহি নিলে ।
ডিচেম্বৰ ২১ আৰু ২২ দিনত কম্পানিৰ সৈন্যে
চতুৰ্থ পৃষ্ঠা
[সম্পাদনা কৰক]পঞ্জাবি ৬০ ০০০ সাঠি হেজাৰ সেনাই সৈতে জুধ কৰি, পঞ্জাবি মানুহ ৰনত পাৰ্গত হোআ হেতুকে দুয়ো দলৰ বহু সেনা মৰিল, আৰু অনেক সাহাবো মৰিল । সেসত কম্পানিৰ লোকে সত্ৰুক ৰণ্ড ভণ্ডকৈ পৰাজই কৰি ৭০ বৰটোপ আদি কৰি সকলো ৰনৰ সামগ্ৰি পাই অৱসেস থকা মানুহক সতদ্ৰু নদিৰ সি পাৰলৈ খেদালে ।পাৰ হওঁতে ২০০০ মান মনুহ মৰিল । পঞ্জাবৰ লাহোৰ নামে ৰাজ নগৰৰ পৰা কোনো পত্ৰত লিখিচে, পঞ্জাবি সেনা ৯০০০ ন হেজাৰ মৰিল, এধা মৰা তিনি হেজাৰ । ফিৰোজপুৰৰ পৰা পাচে অহা পত্ৰত লিখিচে, পঞ্জাবিৰ মৰা আৰু কটা মানুহ ২০ ০০০ কুৰি হেজাৰ হৈচে । কম্পানিৰ লোক ১০০০ এহেজাৰ মৰিল, গুলি লগা হৈ দু হেজাৰ মান আচে । সেই মহা ৰন জিকা হলত জয়ধনিৰ নিমিতে স্ৰীজুত গবৰ্নৰ জেনৰল বাহাদুৰে নগৰ সকলত বৰ টোপ ২১ বাৰ মাৰিবলৈ হুকুম দিলে ।
Religious Intelligence.
জামেকা বৰ মাজুলিত এবচৰৰ ভিতৰত ২০০০ আফ্ৰিকা মানুহে খ্ৰিষ্টত বিস্বাস কৰি ইংলেণ্ডৰ বাপ্তিষ্ট মিস্যনেৰি পাদুৰিবিলাকৰ হতুআই খ্ৰিষ্টিয়ান মণ্ডলিত গ্ৰাজ্য কৰা হল ।
মান দেসৰ ঠায়ে ঠায়ে মিৰিৰ নিচিনা কাৰেন নামেৰে এবিধ মানুহ থাকে । সিবিলাকৰ আনেকে খ্ৰিষ্টিয়ান ধৰম লৈ মান বিসয়া সকলৰ হাতত বহু দুখ তাৰনা পাইচে । এবচৰৰ ভিতৰত ১৫০০ কাৰেন লোকে বিস্বাস কৰি বুৰ পোআ হৈ খ্ৰিষ্টিয়ান মণ্ডলিত সোমাল, এই কথা এক সমাচাৰ পত্ৰত লিখা দেখিচোঁ ।
বম্বাইৰ ওচৰত থকা আহমেদ নগৰত জোআ অক্তোবৰ মাহত এক জন কবিৰ পন্থি মহন্ত আদি কৰি ৮ জন মানুহে পাদুৰি সাহেবৰ কথা সুনি বিস্বাস কৰি খ্ৰিষ্টিয়ান মণ্ডলিত গ্ৰাজ্য কৰা হল।
খেহ দেসৰ ৰজাৰ কেয়িঙ্গ নামেৰে এক মন্ত্ৰিএ খ্ৰিষ্টিয়ান সাস্ত্ৰ পাই ৰজাৰ ঠাইলৈ পঠোআত ৰজাই ভালকৈ বিচাৰ কৰোআই তাৰ সকলো কথাআ উতম হোআ বুজি আপোনাৰ দেসৰ মানুহে খ্ৰিষ্টিয়ান ধৰম লবলৈ কোনোএ জেন বাধা ন কৰে এই আগ্যা দিলে । খেহ দেসত আগৈএ এই ধৰম আচৰিবলৈ নিষেধ হৈচিলে । ।।
আইচ্লণ্ড নামে উতৰ সাগৰৰ এক মাজুলিত হেকলা নামেৰে এটা পৰ্বত আচে । তিনি চাৰি কুৰি বচৰৰ মুৰত সেই পৰ্বতৰ জুই আৰু তাপেৰে পমি যোআ বস্তু ওলাই, টিঙ্গৰ পৰা নৈৰ নিচিনাকৈ বৈ জাই । ১৭৭২ ইং সঁকৰ পৰা ৭২ বচৰ জুই ওলোআ নাই, কিন্তু জোআ বচৰৰ ১ চেপ্তেম্বৰত বৰ ভুঁইকঁপ আৰু ভুমিৰ গাজনি হল । পাচ দিনা অতি ভয়ঙ্কৰ গৰ্জনেৰে সৈতে পৰ্বতত দুই বাট ফুটিল; তাৰ পৰা লাবা অৰ্থাত সেই তপত জোল ওলাই দিয়ো সুঁতি আসগৰলৈ বৈ গল । সেই সুঁতিএ হাবিৰ মাজে দি বৈ গাঁৱৰ পোনে ন গল দেখি, তাত থকা মানুহ আপদত ন পৰিল । কিন্তু বৈ জোআ তপত জোল জি নদিৰ সাগৰৰ পানিত পৰিল, তাতে থকা মাচ সকলো তাপেৰে মৰিল ।সেই পৰ্বতৰ পৰা বহু চাই ওলাই ইংলেণ্ডৰ কাসৰত অৰ্কনি নামে এক মাজুলিত উৰি আহি পৰিল ।
হেকলা পৰ্বত ৩০০০ হাত ওখ । তাৰ দাঁতিতে উতলি থকা ভুমুকবোৰ আচে; তলৰ জুইৰে পানি তপত হৈ উতলি থাকে । ওপৰ নক্চাতো সেই ভুমুক লিখা আচে, তাত কোনোবা মানুহে ই সি সিজাইচে । কোনো কালত সেই ভুমিকবোৰে ৫০ । ৬০ হাত ওখকৈ পানি সিঁচি দিয়ে ।
পঞ্চম পৃষ্ঠা
[সম্পাদনা কৰক]Tombs of the Ahom Kings.
পুৰ্বৰে পৰা কোনো আহোম ৰজা স্বৰ্গি হলে সেই ৰজাই জি জি বাচনত খাই, আৰু জি জি দ্ৰব্য বস্তু লই, আৰু লিগিৰা লিগিৰি, জহৰা জহৰি, আৰু কেতিয়াবা হাতি ঘোৰা, এই সকলো তাৰ পৰ ৰজাই মৈদাম বান্ধি তাৰ ভিতৰত সুমাই দিএ । এই ক্ৰমে বস্তু থই; ৰজা থোআ খোঁটালিৰ ওপৰে সাত খলপিয়া সোনাৰ বৰৈ দিয়া চন্দৰ তাপ; মাটিত সোনৰ দাপোন মৰা চাল পিৰা; পিৰাৰ চাৰিও চুকে সোনেৰে বন্ধোআ চাৰি খঁটি, তাতে আঁঠুআ দিএ; পিৰাৰ ওপৰত ৰুপৰ পাটি; সোন বাখৰৰ বন কৰা গাৰু, তাতে ৰাজ অলঙ্কাৰে সৈতে ৰজা সুআই থই । পিৰাৰ কোসতে সোনত হিৰা বাখৰ পতা এনে ফাঁকেৰে হেঙ্গদাঙ্গ; কঁকালৰ ওপৰ মাটিতে চাৰি পাঁচ খান সৰাই, তাৰে এখান ৰুপৰ সৰাইত সোনৰ বটা, তাৰ ভিতৰে সোনত হিৰা বাখৰ পতা চুন খোআ টেমি আৰু সোনাৰ ধঁপাত থোআ টেমা, সোনৰ ডাবেৰে কটাৰি আৰু ৰুপৰ তামোল; এখান সৰাইত সোনৰ ভোগ জৰা, এখানত অলঙ্কাৰ, এই দৰে সোনাৰ মাইহাঙ্গ আদি কৰি ৰুপৰ ভোগ জৰা পৰ্জন্তে থই, আৰু সোন ৰুপৰ পেৰাও থই । ভৰি পথানৰ ফালে সোনেৰে বন্ধা ধঁআ খোআ, তাৰ ওপৰত ৰুপৰ সাফৰ মৰা চিলিম, সোন ৰুপৰ বন কৰা নলি থই, আৰু লিগিৰা এটাই সোনৰ মুঠি বন্ধা চোঁঅৰেৰে বিচে । এই দৰে অন্য অন্য ঠাইতো বস্তু মানুহ ইত্যাদি থই । কিন্তু ৰজা ভকতিয়া হবৰে পৰা জিয়া জন্তু নি দিয়া হল । তথাপি ৰুদ্ৰ সিংহ ৰজাৰ মৈদামত মুৰ চাইটা, প্ৰমত সিংহৰ মৈদামত দহোটা বাৰেটা ওলাইচে বুলি মানুহে কই ।
সেই মৈদাম ৰাখিবলৈ মানুহ দি থোআ দস্তুৰ আচিলে; এই হেতুকে কোনো লোকে মৈদান খানি বস্তু লুট কৰিব নোআৰিচিল । আৰু ভুত, পিসাচ, আহম ডাইনি, আৰু ৰজাবিলাকো থাকে বুলি, খানিবলৈ সাহ নে পাই । গৰগঁয়া বুৰা ৰজাৰ মৈদামটো মাথোন মটকে আগৈএ খানিলে । কিন্তু মোং সঁক ১৭৬৬, ইং সঁক ১৮৪৪ত চৰাই দেওত প্ৰথমে লখ্মি সিংহ ৰজাৰ মৈদাম চুৰকৈ সৰু কুৰিয়া বৰাৰ পুতেকে খানি বস্তু উলিয়াই নিলে । ইয়াকে দেখি ভুত পিসাচ নাই বুলি বুজি সকলো মানুহৰ ভই গুচি, চলিচ পঞ্চাস ইমান মানুহ গোট খাই অন্য ৰজাৰো মৈদাম খানিবলৈ ধৰিলে । সেসতে জি দুটা মান মৈদাম ন খনাকৈ আচিল, সেই মৈদাম ৰাখিব নোআৰাত অস্থি গঙ্গালৈ নিওঁ বুলি স্ৰী স্ৰী পুৰন্দৰ সিংহ ৰজাই এতিয়া খনাইচে ।
খনা মৈদামৰ লেখ ।
১ । লখ্মি সিংহ ৰজাৰ পকি মৈদাম খানিলে । তাতে অনেক বস্তু ওলাল; জি মানুহে খানিলে তাক ফাটকত দিলে ।
২ । ডেকা গঁৰগয়া ৰজাৰ মৈদাম । তাক ১৪৭৪ সঁকত বান্ধিচিল, চ খোঁটালি ঘৰ; খানিলতে অনেক সোন ৰুপৰ বাচন অলঙ্কাৰ পালে বুলি কই, আৰু মৈদামৰ ভিতৰত ঠায়ে ঠায়ে অনেক হাৰ ওলাল ।
৩ । প্ৰমত সিংহ ৰজাৰ পকি মৈদাম । তাক ১৬৭৩ সঁকত বন্ধা হৈচিল ।
৪ । সিৱ সিংহ ৰজাৰ পকি মৈদাম । তাক ১৬৬৬ সঁকত বান্ধিলে ।
৫ । বৰ ৰজা অৰ্থাত আই কুঁঅৰিৰ মৈদাম । তাত সোনাৰ চুলিচেঙ্গ, হিৰা পতা ফোট, তিনি সাৰি বাখৰ ডালিমা, হিৰা পতা ৰেখা আদি কৰি অনেক দ্ৰব্য খানি পালে ।
৬ । গৌৰিনাথ সিংহৰ মৈদাম । সেয়ে আনত্কৈ সৰু ।
৭ । কমলেস্বৰ সিংহৰ মঠদাম ।
৮ । ৰাজেস্বৰ সিংহৰ মৈদাম । লখ্মি সিংহৰ আৰু ৰাজেস্বৰ সিংহৰ মৈদামত বস্তু আটাইতকৈ সৰহ, ইয়াকে মানুহে কই ।
৯ । ৰুদ্ৰসিংহ ৰজাৰ পকি মৈদাম । তাত অনেক বস্তু আৰু সোন ৰুপৰ পেৰা গোটা চাৰেক আচিল বুলি কই ।
১০ । খোৰা ৰজাৰ মৈদাম ।
১১ । এক দিহিঙ্গিয়া ৰজাৰ মৈদাম, জাৰ নাম নে জানে, তাক চুৰকৈ খানি সোমালত বালি মাটি খহি চাইটা মানুহৰ গাত পৰিল ।
ষষ্ঠ পৃষ্ঠা
[সম্পাদনা কৰক] বাজত থকা মানুহে দুটা টানি উলিয়ালে, দুটা তাতে মৰিল । পাচে ৰজাৰ মানুহে খানোঁতে মাটি আকও খহি, এক দোআনিয়া মানুহ পোত গৈচিল, লগৰ মানুহে উলিয়াই আনিলে ।
১২ । গদাধৰ ৰজাৰ মৈদাম অতি ডাঙ্গৰ দেখি খনা মানুহে ভিতৰ সোমাব নোআৰিলে । পাচে ৰজাৰ এস মান মানুহে দু মাহ খানি মৈদাম ফুটাইচে । তিনি কুৰি হাত মান ওখ হৈচে ।
১৩ । প্ৰতাপ সিংহ ৰজাৰ মৈদাম । চাহাব বাৰিতে আচে; ৰজাই খনাইচে ।
চৰাই দেওত এইবিলাক ৰজাৰ মৈদাম আদি কৰি কুঁঅৰি সকলো বৰ লোকৰ মৈদাম খানি দ্ৰব্য লুট কৰিলে । তাৰ পৰা গৰগাঁও, সিৱসাগৰ, চাৰিঙ্গ, জাঁজি, এই সকলতো মৈদাম খানি, কোনো কোনো লোকে দন্দ কৰি কিলা কিলি কৰি এধা মৰা হৈ আচে । সিৱসাগৰত অৰ্জুন বুৰা গোহাঁইৰ মৈদাম খানি ফুটিলত মানুহ এটা সোমাই ওলাব নোআৰি তাতে মৰিল ।
জিবিলাকে আপোনাৰ ধনত মন সন্তোস ন হৈ মৈদামৰ বা অন্য মানুহৰ ধনত লোভ কৰি নিএ, সিবিলাকৰ সেই ধনৰ পৰা লাভ ন হই, কিন্তু অধৰমহে হব ।
আগৰ কালত মিচৰ দেসত ৰজা সকলৰ এনে পকি মৈদাম বন্ধা দস্তুৰ আচিল । সেই মৈদাম তিনি হেজাৰ বচৰতকৈ অধিক হৈচে, তথাপি এতিয়ালৈকে নষ্ট নো হোআকৈ সেই দেসতে আচে । তাৰ এটাৰ নক্চা তলত লিখা আচে।
Evils of Opium
অতি মন্দ বস্তু কানি,
জি খাই বৰ আগিয়ানি,
সঞ্চিত বস্তু হই তাৰ হানি,
মুখে কই কটু বানি ।
সকল লোকে থাকে জানি,
কানি খাই মন্দ প্ৰানি,
সি ন হই সংসাৰত গিয়ানি,
কথাই তাৰ অপ্ৰমানি ।
বুধ বাৰ ইং সন ১৮৪৫ ৰ ২৪ ডিচেমব্ৰত বেলি চাৰি ঘৰি বজাৰ সমইত এক জন লোকে সিৱসাগৰৰ গিয়ানৰ সভাত নিবেদন কৰি কলে বোলে, কানি খালে ভাল ন হই, কিয়নো তাক খালে একো লাভ নাই, কেৱল মানুহ নষ্ট হই মাথোন; এই নিমিতে সেই কথাৰ বাদ বিচাৰ হবলৈ সভাপতি প্ৰমুখ্যাত সভাৰ সকলো মানুহৰ আগত বিনই ৰুপে নিবেদন কৰি জনালে ।
পিচে সেই কথাতে সভাৰ প্ৰধান লোকে দেসি আৰু বিদেসি জি জি মানুহে সভাত আচিলে, সকলোএ বাদ বিচাৰ কৰি কৰি দেখিলে,
সপ্তম পৃষ্ঠা
[সম্পাদনা কৰক]আৰু কলে বোলে, কানি খালে ভাল ন হই, এই কথা সকলোএ গ্ৰাজ্য কৰিলে; আৰু কানি খালে তাৰ অপকাৰৰ জি জি ফল ধৰে, তাকো সকল মানুহে পৰ্হি জানিবলৈ ইয়াত লিখি জনাইচে ।
যদি কোনো বৰ ভদ্ৰ লোকৰ ঘৰত বহুত সম্পতি থাকে আৰু সোনে ধনে বৰ চহকি হই, পিচে সি কানি খাবলৈ সিকিলে, আৰু লাহে লাহে অলপকৈ নিতৌ নিতৌ খাই পিচে সহজ হলে, তেতিয়া তাৰ সেই ধন থাকে মানে, নিৰ্ভই মনেৰে অতি মন দি খাই, আৰু আন আন জি কানিয়া মানুহ আহে তাকো খুআই; এই ৰুপে খাঁওতে কিচুমান বচৰৰ মুৰত তাৰ জি জি সোন ধন আচিলে, সেই আটাই কানি খাওঁতে ধুকাল, আৰু আন জি জি কানি কাপৰ লোটা বাটি কাঁহ পিতলৰ পাত্ৰ তাকো কানিৰ লগতে বেচি বেচি খালে; পিচে সেই কানিৰ গুনতে থাকি সি একো বন কৰিব নোআৰঅ হল, কিয়নো একো সক্তি নাই নিৰ্বল হল, আৰু সৰপা হৈ বেলিলৈকে সুবৰ মন মাথোন; পিচে তাৰ ঘৰৰ গৰু মহ আন আন জি সম্পতি আচিলে সেই সকলো কানিৰ লগতে নষ্ট হল, আৰু নিচইকৈ সি দুখিয়া হল ।
পিচে তাৰ লৰা তিৰোতা জি জি পৰিয়াল থাকে, সিঁহতে সৈতে সদাই দন্দকৈ থাকে, আৰু খোআ বোআ বেলিত একো সুখ নাই, আৰু তাৰ ওচৰ চুবুৰিয়া চিনাকি মিতিৰবিলাকেও তাক মৰম ন কৰে, সেই নিমিতে কতো কানি পাবৰ উপাই নাই দেখি, আপোন ঘৰ বাৰি এৰি দেসে দেসে গাঁৱে গাঁৱে ফুৰি থাকে; আৰু সেই কানিয়া মানুহৰ আই বুপাই বন্ধু ইষ্ট কুটুম কালৈকো এফেৰিও মৰম নে লাগে; তাৰ গুন এই, জদি তাৰ মিতিৰৰ ঘৰত কিবা ভাল বস্তু দেখে তেন্তে সেই বস্তু লবলৈ সি বৰ চল চাই ফুৰে, কানি বা ৰুপ বা সোন বা আন আন জি বস্তু দেখে, তাকে চুৰকৈ আনে, পিচে আন ঠাইত বেচি কানি খাই, আৰু সি কেতিয়াও সঁচা কথা ন কই, এই ৰুপে কানিয়া মানুহে কানি খাবলৈ নে পালে সদাই চুৰ ফুৰে; কিন্তু কেতিয়াবা ধৰিবলৈ পালে ৰাজ সোধলৈ ধৰি নিএ, তাতে ।
তাৰ আটাই চিনাকি মিতিৰবোৰৰ আগতো বৰ লাজ পাই, আৰু সোধতো দুসি হই তেতিয়াৰাজ আগ্যানুসাৰে তাক ফাটকত দি থই; তাতে কানি খাবলৈ নে পাই অতিসই দুখ ক্লেস পাই, জাতনা ভুঞ্জি সৰিল অতি খিন হৈ, কি জানি কিচুমান দিন থাকি তাতে মৰি জাই ।
পিচে সেই ভাইবিলাক, এই প্ৰিথিবিত জিয়াই থাকোঁতে অনেক অকৰম কৰি কৰি হেলাতে দিন খেদাই পিচত ইস্বৰৰ ঠাইত পাপি হই, অনন্ত নৰকত পৰি থাকা গৈ ।
আৰু আমি এতিয়া দেখিচোঁ, কানিৰ গুন কিমান হই, আৰু আন ঠাইত কোনো কনো কানিয়াই আপোনাৰ লৰাকো কানিৰ নিমিতে এৰি দিএ, আৰু কই বোলে, মই পালিব নোআৰোঁ। হে প্ৰিয় মানুহবিলাক দেখা, এনে মন্দ বস্তু কানি; জি আপোনাৰ পেটৰ লৰা তালৈকো এফেৰিও মৰম নাই; সাংসাৰিক সকলো মৰম প্ৰতি চেনেহ আৰু পৰকালত উধাৰ দিওঁতা জি ধৰম জেন বস্তু. এই আটাইৰে মোহ পৰিত্যাগ কৰি অকল কানিত মাথোন মন দি থাকে ।
আৰু সুনিচোঁ, মোকাম নগাঁৱত এজন কানিয়াই তাৰ আপোনাৰ পেটৰ লৰা এটা আনি পাদুৰি সাহাবৰ আগত ভালেমান কাকুতি কৰি কলে, বোলে সাহাব এই মোৰ লৰাক আপোনাক দিওঁ, আপুনিএ ৰাখোক, কিয়নো মই ইয়াক প্ৰতিপাল কৰিব নোআৰঁ, আৰু মই দুখিয়া মানুহ, আৰু গাও কানিয়া, কানি মিলাবৰ উপাই নাই, ইয়াক মই কেনেকৈ পুহিম, আৰু তাৰ কাৰনে মই কানি বিচাৰি কোনো ফালে জাবও নোআৰোঁ, আৰু জদি কোনো গৰাকিএ কানি দিম বুলি বন কৰিবলৈ মাতে তালৈকো জাব নোআৰোঁ; এই লৰাই মোৰ প্ৰানৰ সত্ৰু হল । হে বন্ধু লোক দেখা, সেই কানিয়া মানুহৰ কথা; হাই হাই, পৰম ইস্বৰে স্ৰজা এই স্ৰিষ্টিৰ ভিতৰত মানুহতকৈ কোন স্ৰষ্ট আচে? তেনেকুআ জিয়াই থাকিলে প্ৰিথিবিৰ এজন মানুহ হৈ থাকে, ডাঙ্গৰ হলে বুধি হই, বুথি হলে গিয়ান হই, গিয়ান হলে ইস্বৰত ভক্তি হই, পিচে পৰকালত অনন্ত সুখৰ ঠাই পাই, এনে মানুহ; এই সংসাৰত মানুহতকৈ আৰু ধন নাই ।
অষ্টম পৃষ্ঠা
[সম্পাদনা কৰক]ইও পোনে দেখা, তাৰ আপোনাৰ পাতৰ পৰা ওপজা লৰা, তথাপি এফেৰিও মৰম ন হল; কিয়নো জি কানি তাক সি ডাঙ্গৰ বস্তু পাতিচে, আৰু জি তাৰ সন্তান তাক সৰু পাতিচে; আৰু তাৰ পৰা একো গম নে পাম বুলি, তাৰ মনত ভাবিচিলে ।
পাচে সেই লৰাক মৰম লাগি আগলৈ ভাল হব জেন বুলি, সাহাবে ৰাখিলে; আৰু জি মিস্যমেৰি ইস্কুল তাতে সাহাবে দায়া কৰি তাক সিকিবলৈ দিলে ।
আৰু বাপেকে কানি খোআ গুনতে থাকি, সেই লৰাও অতি নিচলা হৈ ঘনে ঘনে নৰিয়া পৰে, আৰু মৰিব নে জিব তাৰ একো ঠিকনা নাই; এতিয়া হলে ইস্কুলতে আচে । এই নিমিতে দেখিচোঁ, কানিৰ গুন এই, তাৰ আগলৈ সন্তান বাৰ্হিবলৈকো আসা নাই, আৰু জি দুই এক জন থাকে, সিও বাপেক মাকক দেখি সেই সহজেৰে সদাই থাকে, ভাল হবৰ উপাই নাই, কেৱল বঙ্গহ নাস হোআ বুধি মাথোন ।
আৰু কেতবোৰ কানিয়া মানুহে তাৰ লৰাক কেনেকৈ কানিয়া কৰে, তাক মই এফেৰিমান কঁও, বুজা, তাৰ জদি সৰু কেচুআ লৰা থাকে, তেন্তে বাপেক মাক দুয়ো বন কৰিবলৈ জাওঁতে, সেই লৰাক এফেৰিমান কানি খুআই সুআই থৈ জাই গৈ; আৰু সেই বাপেক মাক আহি লৰাৰ ৰাগি নৌ এৰোঁতে বনৰ পৰা আহি পাইহি, এই তাৰ লাভ । এই ক্ৰমেৰে খুআই খুআই ডাঙ্গৰলৈকে সহজ হই, তেতিয়া তাৰ নাৰি ওপজাৰে কানিয়া হই, আৰু কেতিয়াও এৰোঁ বুলি মন ন কৰে, কি জানি মৰিম বা, এনেকৈ মনেৰে গুনি খাই থাকে ।
কিন্তু হে প্ৰিয় মানুহবিলাকক দেখা, তাৰ জি বাপেক মাক সিহঁতে আপুনি জানিচে, কানি বেয়া বস্তু বুলি, আৰু তাৰ পৰা একো লাভ নাই, চহকি লোকে খালেও সি বৰ চোৰ আৰু ডকাইত হই, কানি খোআত লাভ এফেৰিও নাই কেৱল সৰিল সুখাই হত হই, সেসত অতি দুখেৰৈ প্ৰান মৰে আৰু নৰকিও হই । এই সকল গুন কানিৰ
পৰা হই বুলি প্ৰাই সকলোএ জানে, তথাপি অগিয়ানিৰ মত হৈ কানি খাবলৈকো নেৰে, আৰু তাৰ লৰা চোআলিকো সিকাই; এই দৰে জি দেসতে কানিয়া সৰহ সেই দেসতে মিচা, অনিয়াই, ভাৰি খোআ, অধৰম সদাই বাৰ্হি গৈচে, কিন্তু ধৰম হলে এফেৰিও নাই ।
অতি প্ৰিয় বন্ধু লোক সুনা কৰ্ন ভৰি,
মই নিবেদন কৰোঁ খক্ৰিতাঞ্জলি কৰি,
কানি, ভাঙ্গ, ফটিকা, এই সকলো নষ্ট,
তাক জি জি লোকে খাই অতি পাই কষ্ট ।
অল্প অল্প কৰি খাই নু গুনে মনত,
পিচে হাত হাত লগাই তাৰ সঞ্চিত ধনত,
একো লাভ নে পাই, তাৰ ৰাগি থাকে ধৰি,
বন বাৰি ন কৰি কেৱল থাকে পৰি ।
এই ৰুপে খাওঁতে খাওঁতে ধনৰ পৰে ওৰ,
একো উপাই নে পাই পিচে হই মাথোন চোৰ,
অনেক অমৰ্জতা কৰি লৈ জাই ধৰি,
অতি দুখে থাকে পিচে কইদত পৰি ।
কিচু দিন থাকে তাতে অতি দুখ পাই,
অনেক জাতনা খাই প্ৰানে মৰি জাই,
পৰকালে গতি তাৰ কি হব বিলাই,
অনন্ত নৰকে পৰি কৰে হাই হাই ।
কানি আদি ৰাগি বস্তু খালে এই গুন,
সমস্ত সংসাৰৰ প্ৰানি মন দি সুন,
জানি জত্নে এৰা অতি মন্দ কানি,
ইস্বৰ আগ্যা সিৰে ধৰা, এই প্ৰিয় বানি ।
প্ৰিথিবিত গিয়ানি হবা, পাবা সন্তৰ সঙ্গ,
প্ৰেমে প্ৰভুৰ গিত গোআ মনে কৰা ৰঙ্গ,
মৰনতো নাই ভই জানিবা নিচই,
অনন্ত ঐস্বৰ্জ সুখ পাবা স্বৰ্গে জাই ।
THE ORUNODOI A monthly Paper, devote to Religion, Science, and General Intelligence, is printed and published at the Sibsagor Mission Press, by O.T.CUTTER, for the American Baptist Mission in Asam. Price, one Rupee per annum, in advance, or one and a half at the end of the year.