অজেয় মোৰ ধুনীয়া সপোন

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
অজেয় মোৰ ধুনীয়া সপোন
লেখক জ্যোতিপ্ৰসাদ আগৰৱালা
Wikimedia-logo.svg আৰু চাওক প্ৰবন্ধ.
জ্যোতি সংগীত

অজেয়... মোৰ ধুনীয়া সপোন

ফুৰে কাঁইটীয়া বনত

ৰঙা তেজৰ মণি-মুকুতা অৰুণ ৰঙা

বৰণৰ উজলি জ্বলে

কাঁইটে ফুটা, জেঙে বিন্ধা

পদুম চৰণত ৷


তাই এই দিঠকৰ

মুখত সানে

সোণ পোহৰৰ গুৰি

আপচু এই বাস্তৱতেই

ৰূপান্তৰৰ মন্ত্ৰ শুনাই, ন পোহৰৰ বন্তি জ্বলাই

ফুৰে উৰি উৰি ৷


দুখ-বেজাৰৰ গাঁৱে গাঁৱে

তাই আনন্দৰ, নৱজীৱনৰ, নেদেখা দিনৰ

আগবতৰা কয়

নতুন দিনৰ ন ছোৱালী

আঁকোৱালি লয় ৷


তাইৰ কাষলৈ আহি, মাতে হাঁহি হাঁহি

তাইৰ শৰাইত থকা, ন সেন্দুৰৰ ফোঁটটো পিন্ধি

তাইক চুমা খাই, সখী পতাই

তাইৰ নাচোন বাগোন দেখি

ভোল যায় যত

পোহৰ যাত্ৰী দল

আন্ধাৰৰ ব্যাধে

তাইক শৰ কৰি

ভাঙি দিয়ে সমদল ৷


তেজেৰে ৰাঙলী

ক্ষত বিক্ষতা

মোৰ সপোনে

মোৰ বুকুলৈ আহে,

কোলাত বহি

কথা কয় লাহে লাহে

উচুপি উচুপি

ফেঁকুৰি ফেঁকুৰি

মোৰ মুখলৈ চায়

এই পৃথিৱীত শিল্পী আত্মা

দেখোঁ পাবলৈ নাই ৷


তাইৰ গাৰ তেজ মোৰ চকুলোৰে

মইয়েই দিওঁ

আলফুলকৈ ধুৱাই ৷


দুৰ্নিবাৰ সৌ নৱ কিৰণৰ

জন ভৱিষ্যৰ

আগমণিৰ

নেপূৰৰ ধ্বনি শুনি

পঢ়ি শুনাওঁ কালবিজয়ী

তাইৰে সোঁৱৰণী

পিয়াই পিয়াই

অগ্নি সজীৱনী ৷


শত ব্যাধৰ শৰ সন্ধান

ব্যৰ্থ কৰি তাই

ব্যাধৰ পৃথিৱী ভাঙি চূৰমাৰ কৰি

শিল্পীৰ এক সোণালী পৃথিৱী

গঢ়িবলৈ

মোৰ সপোন বিশ্বকে জগায় ৷


মোৰ ই সপোন-মুগ্ধ সংগ্ৰামী সতীৰ্থ

তোৰে মোৰে আলোকৰে যাত্ৰা অব্যৰ্থ ৷৷