পৃষ্ঠা:অনিমা গুহ.pdf/২৯০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

জানে আৰু গাড়ী চলাবলৈ শিকে। ওঠৰ বছৰ পোৱাৰ লগে লগে লাইছেন্স পাই যায়। প্ৰয়োজন মতে ৰান্ধিবলৈও শিকে। মুঠতে প্ৰতিজন মানুহকে নিজৰ ওপৰত নিৰ্ভৰশীল কৰি গঢ়ি তোলা হয়। সকলো কামৰ সমমৰ্যাদা বুলি জানি অলপ অবাক হৈছিলো। কোনেও কাকো যেনেকৈ অযথা সন্মান প্ৰদৰ্শন নকৰে তেনেকৈ কোনেও কাকো অসন্মানো নকৰে। বৰ আমোদ পাইছিলো শুনি যে তাত যিকোনো ব্যক্তিক তেওঁলোকে নাম কাঢ়ি মাতে। ড° সঞ্জীৱ বৰুৱাই কৈছিল আমেৰিকাত তেওঁৰ গৱেষণাৰ গাইডজনক তেওঁ ‘ছাৰ' বুলি সম্বোধন কৰাত গাইডে হেনো কৈছিল, ‘মোক আকৌ ছাৰ বুলিছা কিয়? মইতো কোনোদিনে নাইট উপাধি পোৱা নাছিলো!’ সৰুৱে ডাঙৰক নাম কাঢ়ি মতা নিয়মটো কিন্তু মোৰ মুঠেও ভাল লগা নাছিল।

 আমেৰিকাৰ বিষয়ে লিখি থাকিলে শেষ নহ’ব। আৰু দুটামান বিষয় উত্থাপন কৰি অন্য প্ৰসংগলৈ যাম।

৯১১ নম্বৰৰ মাহাত্ম্য : আজিকালি আমাৰ ইয়াত ১০৮ নম্বৰ স্বাস্থ্যসেৱা চালু হোৱা বাবে বিপদ-আপদত ৰোগীক হাস্পতাললৈ স্থানান্তৰিত কৰা সহজ হৈছে। পিছে এই সেৱাৰপৰা আমি বঞ্চিত হৈছিলো প্ৰথম চেষ্টা কৰাৰ দিনাই। ১০৮ নম্বৰে উত্তৰ দিছিল তেওঁলোকে সেৱা আগবঢ়ায় চৰকাৰী হাস্পতাললৈ যোৱা ৰোগীসকললৈহে। এদিন ১০৮ মৃত্যুঞ্জয়ক প্ৰাইভেট হাস্পতালৰ চৌহদত দেখা বুলি কোৱাত ফোনৰ সিপাৰৰ মানুহজনে গাড়ী থাকিলেহে নিব বুলি কৈছিল। সেই আশা ত্যাগ কৰিছিলো। আমাৰ মন্ত্ৰী-আমোলাসকলে পানী লাগিলেও অসমৰ বাহিৰলৈ যায় চিকিৎসা কৰিবলৈ। এনে অৱস্থাত চৰকাৰে কেনেকৈ আশা কৰে যে ১০৮ ৰ সেৱা পাবলৈ হ'লে চৰকাৰী হাস্পতাললৈহে যাব লাগিব। চৰকাৰী হাস্পতাল আছেনো কেইখন? প্ৰাইভেট হাস্পতাললৈ নগৈ উপায় নাই।

 আমেৰিকাৰ ৯১১ নম্বৰলৈ আহো। ই সমগ্ৰ আমেৰিকাৰ বিপদৰ বন্ধু আৰু উদ্ধাৰকাৰী। নম্বৰটোত বাৰ্তা গ্ৰহণ কৰিবলৈ বহি থাকে এদল ত্ৰাণকৰ্তা। ফোনত বাতৰি পোৱাৰ পাঁচ মিনিটৰ ভিতৰত সকলো ধৰণৰ সাহায্য যে আগবঢ়োৱা হয় তাক নিজ চকুৰে দেখিছিলো। ঠিকনা জনাবৰ প্ৰয়োজন নাই। সহায়প্ৰাৰ্থীৰ নাম-ঠিকনা তেওঁলোকৰ সন্মুখৰ ব’ৰ্ডত জিলিকি উঠে। শুনি অবাক হৈছিলো যদিও তথ্য-প্ৰযুক্তিৰ কল্পনাতীত উন্নতিৰ যুগত আজি আৰু আচৰিত নহওঁ। ম'বাইল ফোন আৱিষ্কাৰ হোৱাৰ পাছৰে পৰা মানুহে হাতৰ মুঠিত বিশ্বখনক পাইছে। কথাত কথা বাঢ়ে। GPS

২৮৮/ বাকীছোৱা জীৱন