পৃষ্ঠা:অনিমা গুহ.pdf/২৯১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

(Global Positioning System) ৰ প্ৰচলন বৰ্তমানে কিছু পুৰণি হ’ল যদিও আমেৰিকাত প্ৰথম দেখি ভাবিছিলো বিজ্ঞানৰ নৱ নৱ আৱিষ্কাৰসমূহ চাবলৈ ভাগ্যে জীয়াই আছিলো। এই ব্যৱস্থাটোৱে গাড়ীচালকক সম্পূৰ্ণ পথছোৱাত এটা নিৰ্দেশ দি থাকে সোঁৱে যাব নে বাঁৱে যাব। ক’ত টাৰ্ন ল'ব ইত্যাদি। মই ইয়াৰ নাম দিছিলো দৈৱবাণী। দৈৱবাণীৰ নিৰ্দেশমতে লক্ষ্যস্থান পায়গৈ।

 বৰ্তমানে ঘৰে ঘৰে প্ৰৱেশ কৰা আন এটা বস্তু দেখিলো ফেচ বুক। আজিকালি ছাত্ৰ-ছাত্ৰী থকা প্ৰায় ঘৰতে আছে কম্পিউটাৰ আৰু ইণ্টাৰনেট। অৱস্থাপন্ন ঘৰৰ এটা-দুটা সন্তানৰ চাকৰি নকৰা মাকবোৰৰ দিনটোত অফুৰন্ত সময়। আমাৰ পৰিয়ালৰে ভতিজী, ভাগিনীহঁতক দেখো সময় কটায় ফেচ বুক মেলি লৈ৷ ইমান নিচা যে গেছত বহাই দিয়া আঞ্জা পুৰি ছাই হয়, সিফালে গৃহিণী ব্যস্ত ফেচ বুকত। পৃথিৱীখন প্ৰকৃতাৰ্থতে হাতৰ মুঠিত সোমাল।

 যাওক বাৰু এইবোৰ কথা। ৯১১ নম্বৰটোলৈ উভতি যাওঁ। ১৯৯৮ চন। সৰুটো নাতি দুবছৰীয়া। এদিন হঠাতে কাহিলী পুৱাবেলা জ্বৰ বাঢ়ি সি মূৰ্ছা গ'ল। জয়ে ডায়েল কৰিলে ৯১১ ক। মুহূৰ্তৰ ভিতৰত পদূলিমুখত থিয় দিলেহি এখন গাড়ী। তাৰপৰা ছফুটতকৈও ওখ মেদহীন দুজন সুপুৰুষ নামি আহিছিল। তেওঁলোকৰ কঁকালত পিস্তল দেখি ভাবিছিলো আমেৰিকাৰ ডাক্তৰবোৰ দেখাত সুপুৰুষেই নহয়, আগ্নেয়াস্ত্ৰও লৈ ফুৰে। পিছে তেওঁলোক পুলিচ। তেওঁলোকৰ পিছে পিছে আহিছিল ডাক্তৰী সা-সৰঞ্জাম, অক্সিজেন চিলিণ্ডাৰ আৰু এম্বুলেন্স এখনৰে সৈতে দহ-বাৰজনীয়া এটা পেৰা-মেডিকেল টীম। শিশুটিক প্ৰাথমিক চিকিৎসা প্ৰদান কৰাৰ পাছত তেওঁলোকে এখন চিকিৎসালয়ত ফোন কৰি ৰোগীক ভৰ্তি কৰোৱাৰ ব্যৱস্থা কৰিছিল। নাতি সুস্থ হৈ অহাৰ পাছতো হাস্পতাল কৰ্তৃপক্ষই ফোন কৰি তাৰ খা-খবৰ কৰিছিল। দেশখনত জনসংখ্যা কমবাবেই বোধকৰো মানুহৰ ইমান মূল্য।

 আন এদিনৰ কথা। দুপৰীয়াৰ নিস্তব্ধতা ভেদ কৰি বিকট আৱাজ এটা কাণত পৰিল। ভাবিছিলো আনটো কোঠাত শব্দ কৰা কিবা খেলনা লৈ ডাঙৰটো নাতিয়ে খেলি আছে। পিছে সি ভয়তে কান্দি কান্দি আহি ক’লে ফায়াৰ এলাৰ্ম বাজিছে অৰ্থাৎ ঘৰত জুই লাগিছে। ধোঁৱাৰ গোন্ধ পালে ফায়াৰ এলাৰ্ম সজাগ হয়। সি ভয় খাই মোৰ কোলাত উঠি ক’লে ৯১১ ক ফোন কৰিবলৈ। দেউতাক-মাক ঘৰত নাই, পাঁচ বছৰীয়া ল'ৰাটোৰ কথাত কৰিলো ডায়েল ৯১১। এফালে বিকট শব্দ আনফালে দুয়োটা নাতিৰ ভয়াৰ্ত কান্দোন। এনেতে সশব্দে আহি উপস্থিত হ’ল বিৰাট আকাৰৰ

বাকীছোৱা জীৱন /২৮৯