পৃষ্ঠা:অনিমা গুহ.pdf/২৮৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

অঞ্চললৈ আহে। জেঠীমা তেতিয়াৰ দিনতে পেণ্ট পিন্ধিছিল আৰু ঘৰ-দুৱাৰ নিজেই চাফা কৰিছিল। এদিন ঘৰৰ আগফালৰ আলিবাটটো চাফা কৰি থাকোতে সিফালৰ পৰা টেক্সী এখন আহিল। টেক্সীচালকে ‘মানুহজন’ক মিউনিচিপালিটিৰ ঝাড়ুদাৰ বুলি ভাবি কৈছিল— ‘অ’ দাদা, অলপ ৰাস্তা দিয়াচোন ওলাই যাওঁ”। জেঠীমাই তেওঁলৈ ঘূৰি চাই উত্তৰ দিছিল, ‘দাদা নহয়, দিদি'। টেক্সীচালকজনে ভূত দেখা যেন পালে। পুৰুষৰ দৰে চুলিকটা পেণ্ট পিন্ধা বাঙালী বুঢ়ী তেওঁ কেতিয়াও দেখা নাই। হাতত আকৌ দীঘল ঝাড়ু এডাল লৈ ৰাস্তা সাৰিছে। সাজ-পোছাক আৰু চেহেৰাত জমাদাৰণী যেন লগা নাই। নিৰ্ঘাত ‘শাকচুন্নী’ (তিৰোতা ভূত) হ’ব লাগিব। কাষৰ গে'টখনেৰে মানুহগৰাকী সোমাই যোৱাৰ ফালে চাই চালক আকৌ এবাৰ চক্খাই উঠিল, যেতিয়া দেখিলে ঘাঁহনিত পাতি থোৱা চকী এখনত এজন বুঢ়াৰ কাষত বহিলেগৈ তেওঁ। আজিৰ যুগত হোৱা হ'লে চালকজন আচৰিত নহ'লহেঁতেন। যি কি নহওক, জেঠীমাই কিন্তু সম্পূৰ্ণ ঘটনাটো উপভোগ কৰিছিল। ইংলেণ্ডত মানুহ হৈ স্বামীৰ সৈতে আমেৰিকাত বাস কৰা মানুহগৰাকী কলকাতালৈ অহাৰ পাছতো ফুটপাথ আৰু নৰ্দমা চাফা কৰা কাম নিজেই কৰিছিল।

 পশ্চিমৰ মানুহ বৰ পৰিশ্ৰমী। আনহাতে অৱসৰৰ সময়বোৰ বিনোদনৰ মাজেৰে কটায়। তাৰে মাজত ব্যায়াম কৰিবলৈ নাপাহৰে। দুচকীয়া চাইকেল চলাই ব্যায়াম কৰিবলৈ লুংলুঙীয়া বাটো আছে তাত। আমেৰিকানসকলৰ দৰে আমাৰ ল'ৰাৰ পৰিয়ালকো দেখিছো গাড়ীৰ পিছফালে বিশেষধৰণে নিৰ্মিত ষ্টেণ্ডত চাৰিখন চাইকেল লৈ ওলাই যোৱা। পাৰ্কিঙত গাড়ীখন ৰখাই চাইকেলত বাপেক-মাকৰ সৈতে ল’ৰা দুটাও লুংলুঙীয়া বাটেৰে চাইকেল চলাবলৈ যায়। আমি থাকিলে আমাকো লৈ যায় সেই বাটেৰে খোজ কাঢ়িবলৈ। কেতিয়াবা দেখিব গাড়ীৰ ওপৰত নাও বান্ধি লৈ সপৰিয়ালে মানুহবোৰ গৈ আছে সৰোবৰলৈ। মুঠতে পৰিশ্ৰম আৰু বিনোদনৰ মাজত এটা সমন্বয় ৰক্ষা কৰি চলে তেওঁলোকে। তেওঁলোকৰ নিয়মানুৱৰ্তীতাও প্ৰশংসনীয়। নৈৰ সোঁতৰ দৰে গাড়ীবোৰ একেটা গতিতে গৈ থাকে, কাকো ঠেলি-হেঁচি আগলৈ যোৱাৰ নিয়ম নাই। একো একোটা লেইনত একো একোটা গতিত গাড়ী চলে। গতি সলাব খুজিলে বেলেগ লেইনলৈ যাব লাগে। তাত কিছুদিন থাকি নিয়মানুৱৰ্তীতাত অভ্যস্ত চকুবোৰে গুৱাহাটীৰ বাটত উন্মাদৰ দৰে গাড়ী চলোৱা দেখিলে বৰ অশান্তিবোধ কৰে। অৱশ্যে দুদিনমানৰ বাবেহে।

 মাৰ্কিন যুক্তৰাষ্ট্ৰত অধিকাংশ মানুহে সাঁতুৰিব জানে, নাও বাব জানে, পাহাৰ বগাব

বাকীছোৱা জীৱন / ২৮৭