পৃষ্ঠা:অনিমা গুহ.pdf/২৮৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

পাহৰি গৈছিল।

 তেওঁলোকৰ খাদ্যৰ তালিকাখনত চকুফুৰালে অবাক হ’ব লাগে। প্ৰাতঃভোজনত খাইছিল চপ্, ব্ৰেইন কাটলেট (কাৰ ব্ৰেইন গম নাপালো), বীফ ৰিজোল, ডেভিলড কিডনী, হাঁহৰ স্‌টু, আইৰিচ স্টু, পঠাৰ হেছেজ (এইটো বা কি?) আৰু বহুতো দাঁত ভগা দুৰ্বোধ্য খাদ্য। লগত পৰিবেশন কৰা ভাৰতীয় খাদ্য আছিল মিছামাছৰ দো পিঁয়াজা, মালাই চিকেন, বীফ হুছেইনী। দক্ষিণ ভাৰতীয় আৰু এ্যংলো ইণ্ডিয়ান খাদ্যৰ জুতিও লৈছিল মাজে মাজে। ৰাতিৰ আহাৰৰ ৰাহী মাংস সৰু সৰুকৈ কাটি আদা-জলকীয়াৰে ভাজি প্ৰাতঃভোজনৰ লগত পৰিবেশন কৰিছিল। বোধকৰো খাদ্যৰ পাহাৰ একে বহাতে খাই শেষ কৰিব নোৱৰা বাবে দুবাৰ প্ৰাতঃভোজন কৰিছিল। বাবুৰ্চিসকলে সম্ভৱ ওৰে নিশা উজাগৰে থাকি বকাসুৰহঁতলৈ আহাৰ ৰান্ধিছিল। ইয়াৰ পাছত দুপৰীয়া, আবেলি আৰু ৰাতিৰ আহাৰ কোনটো পেটত যে ভৰাইছিল!

 ফেনি পাৰ্কছৰ বহু বছৰ পাছতো আমি দেখিছো মেমহঁতে কূটা এগছো ইফাল সিফাল কৰা নাই। গতিকে মেমহঁতে কোনো কাম নকৰে এনে এটা দৃষ্টিভংগী আমাৰ মনত গঢ়ি উঠা আচৰিত নহয়। আটলাণ্টিকৰ সিপাৰে আমেৰিকাত প্ৰচলিত আছিল দাসপ্ৰথা। অৰ্থাৎ তেওঁলোকেও কুটা এডালো উঘালিবলগীয়া হোৱা নাছিল। মুঠতে ইউৰোপ-আমেৰিকাৰ মহিলা-পুৰুষে ভৰিৰ ওপৰত ভৰি তুলি খোৱাত অভ্যস্ত বুলি ভাবিছিলো। সেয়েহে প্ৰথম ইংলেণ্ড আৰু আমেৰিকা দৰ্শনৰ পাছত সম্পূৰ্ণ বিপৰীত ছবি এখন দেখি কম আচৰিত হোৱা নাছিলো। আনকি আমাৰ অসমীয়া মহিলাবোৰো তালৈ গৈ দশভূজা হোৱা দেখিছো। ডেকা-গাভৰু, বুঢ়া-বুঢ়ী কোনেও বহি নাথাকে। সপ্ৰতিভ আৰু সক্ৰিয় বয়সীয়া মানুহবোৰক দেখি গম পোৱা টান তেওঁলোকৰ প্ৰকৃত বয়স কিমান।

 আমি মধ্যবিত্ত মহিলাসকলে নিজৰ ঘৰৰ ভিতৰখন সৰা-মোচা কৰিলেও ঘৰৰ আগফালে সাধাৰণতে বাঢ়নীতাৰ গৈ ওলাবলৈ সংকোচ বোধকৰো। সেয়েহে বিদেশত জয়হঁতৰ আগফালে থকা শিক্ষয়িত্ৰীগৰাকীৰ কাম-কাজ মুগ্ধ হৈ চাইছিলো। হাতত নানা আকাৰৰ বাঢ়নী লৈ তেওঁ কাম কৰে। আনকি ঘৰৰ আগফালে থকা ওখ গছবোৰৰ পৰা দীঘলীয়া বাঢ়নীৰে মকৰাৰ জাল, এলান্ধু ইত্যাদি গুচোৱা দেখিছো।

 এই প্ৰসংগত মনত পৰিল মোৰ নুমলীয়া জা কৰবীৰ এগৰাকী জেঠীমালৈ। জেঠীমা সৰুৰে পৰা বিদেশত ডাঙৰ হৈ এগৰাকী কূটনীতিবিদৰ লগত বিয়াৰ পাছত বিদেশতে থাকি গৈছিল। স্বামীৰ অৱসৰৰ পাছত তেওঁলোক কলকাতাৰ টালীলঞ্জ

২৮৬/ বাকীছোৱা জীৱন