পৃষ্ঠা:অনিমা গুহ.pdf/৫০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

হৈছিল ইউৰোপত। ইহঁতৰ হাত-ভৰিবোৰ কেৱল চুটিয়ে নহয় কিছুমানৰ হাতৰ আঙুলিকেইটা ওলমি থাকে কান্ধৰ পৰা। ভৰিবোৰ চুটি হোৱা বাবে ইহঁতক বাওনা বুলিব পাৰি। অন্তঃসত্ত্বা অৱস্থাত মাকজনীয়ে যিহকে তিহকে খোৱা উচিত নহয়। এসময়ত ইউৰোপৰ কিছুমান মাকে গৰ্ভধাৰণৰ প্ৰথমাৱস্থাত থেলিদ’মাইড নামৰ এবিধ ট্ৰেংকুলাইজাৰ খোৱাৰ ফলত এনেবোৰ শিশুৰ জন্ম হৈছিল। পিছে অধিকাংশ জন্মগতভাৱে সৃষ্ট অস্বাভাৱিকতা আনুবংশিক (genetic) আৰু পাৰিপাৰ্শ্বিকতাৰ (environment) মাজত হোৱা ক্ৰিয়া-প্ৰতিক্ৰিয়াৰ ফল। ফটা-তালু (cleftpalate), ফটা ওঁঠ (harelip), মগজুশূন্যতা (anencephaly) আদি অস্বাভাৱিকতা এই শ্ৰেণীভুক্ত।

 জিন-ক্ৰমজ’ম সম্পৰ্কে জ্ঞান থকা অধিকাংশ দম্পতীয়ে সন্তান জন্ম দিয়াৰ আগতে মানসিক কষ্টত বৰকৈ ভোগে। আজিকালি অনেক সচেতন দম্পতীয়ে পৰিয়ালত অস্বাভাৱিক মানুহ থাকিলে গৰ্ভস্থ সন্তানৰ জিন পৰীক্ষা কৰোৱায় এমনিওছিনটেছিছ পদ্ধতিৰে। বয়সীয়া মাকসকলেতো ডাউন ছিনড্ৰোম ৰোগৰ ভয়ত কৰায়েই। বৰ্তমান যুগত ছোৱালীবোৰে কেৰিয়াৰৰ চিন্তা কৰে। ভালদৰে প্ৰতিষ্ঠা লাভ কৰাৰ আগতে বিয়া হৈ গ’লেও সন্তান জন্ম দিয়াৰ পৰা বিৰত থাকে। মুঠতে এই শ্ৰেণীভুক্ত বয়সীয়া সচেতন মাকসকলে এম্‌নিওছিনটেছিছ কৰোৱায়।


পুত্ৰহন্তা মাতৃ

 চকুৰে মনিব নোৱৰা একোটা জিনৰ কি সাংঘাতিক শক্তি, যেন নিউক্লিয়াৰ বোমাহে। হেমফিলিয়া ৰোগ সৃষ্টিকাৰী এনে এটা জিনে এসময়ত ইউৰোপৰ ৰাজপৰিয়ালবোৰত তাণ্ডৱৰ সৃষ্টি কৰিছিল। হেমফিলিয়া ৰোগীৰ ৰক্তক্ষৰণ বন্ধ নহয়। ফলত কিবা কাৰণে ৰক্তপাত হ’লে মানুহজনক বচোৱা টান হৈ পৰে। বৰ্তমান যুগৰ উন্নত চিকিৎসা ব্যৱস্থাই ইয়াৰ কিবা প্ৰতিকাৰ কৰিছে নে নাই নাজানো। এই ৰোগটোৰ আন এটা গুৰুত্বপূৰ্ণ দিশ হ’ল তিৰোতা জাতিটো এই ৰোগৰ দ্বাৰা আক্ৰান্ত নহয়, কিন্তু জিনটোৰ বাহক তেওঁলোক হ’ব পাৰে। সুপ্ত অৱস্থাত ই তেওঁলোকৰ দেহকোষত থাকি যায়। এনে মহিলা এগৰাকীৰ সেই জিনটো পুত্ৰ-সন্তানৰ দেহলৈ প্ৰৱাহিত হ’লে আৰু ৰক্ষা নাই। সি হেমফিলিয়াৰ বলি হ’বই। জিনৰ আদান-প্ৰদান এটা নিৰ্দিষ্ট প্ৰাকৃতিক নিয়মমতে ঘটে যদিও সেই জটিল প্ৰণালীটোৰ বিষয়ে লিখাৰ পৰা বিৰত থাকিলো। মহিলাগৰাকীৰ

বাকীছোৱা জীৱন / ৪৯