পৃষ্ঠা:অনিমা গুহ.pdf/৪৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

প্ৰতিবন্ধকতা

 বিভিন্ন হাস্পতালৰ পৰা সংগ্ৰহ কৰি অনা ডাটা বিশ্লেষণ কৰি দেখা গৈছে যে কুমলীয়া বয়সৰ (ওঠৰৰ তলৰ) আৰু বেছি বয়সৰ (পঁইত্ৰিছৰ ওপৰৰ) মাতৃয়ে অধিক খুঁত থকা সন্তানৰ জন্ম দিয়ে। খুঁতবোৰৰ সৃষ্টিৰ আঁৰত আছে দুটা কাৰণ। কিছুমান খুঁত বা প্ৰতিবন্ধকতা বংশগত (hereditary), কিছুমান জন্মগত (birth defect বা বিজ্ঞানৰ ভাষাত congenital Malformation)। জন্মৰ সময়তে শিশুৰ দেহত দেখা পোৱা খুঁত সম্পূৰ্ণভাৱে বংশগত হ’ব পাৰে নাইবা মাতৃগৰ্ভতে পোৱা পাৰিপাৰ্শ্বিক কাৰণেও হ’ব পাৰে। বা দুয়োটাৰ সংমিশ্ৰণতো হ’ব পাৰে। আনহাতে বংশগত কিছুমান খুঁত জন্মৰ সময়ত দৃশ্যমান নহ’বও পাৰে। এনে এটা বংশগত ৰোগ হ’ল হানটিং টনছ কোৰিয়া। স্নায়ুতন্ত্ৰত বাহ লোৱা এই বংশগত ৰোগত সৱল-সুস্থ মানুহজন আক্ৰান্ত হ’ব পাৰে ষাঠি বা ততোধিক বছৰ বয়সতো।

 বয়স হ’লে মানুহৰ দাঁত সৰা, চুলি পকাৰ দৰে মাক-দেউতাকৰ শুক্ৰাণু-ডিম্বানুত থকা ক্ৰমজ’মবোৰো আগৰ দৰে স্বাভাৱিক হৈ নাথাকিবও পাৰে। চমুকৈ ক’বলৈ গ’লে বয়সীয়া মাতৃয়ে কেতিয়াবা জন্ম দিয়ে এবিধ অস্বাভাৱিক সন্তানৰ, তেওঁৰ ক্ৰমজ’মৰ সংখ্যাত গণ্ডগোল দেখা দিয়া বাবে। এই অৱস্থাটোক কোৱা হয় ডাউন ছিনড্ৰোম। এই অস্বাভাৱিকতাত আক্ৰান্ত ল’ৰা-ছোৱালীৰ মগজুৰ পূৰ্ণ বিকাশ নঘটে, বেছি ওখ নহয়, চেহেৰা হয় মংগোলীয় মূলৰ মানুহৰ দৰে। এওঁলোকৰ হাতৰ তলুৱাৰ ৰেখাবোৰো অস্বাভাৱিক। দেখাত মংগোলীয় মানুহৰ দৰে হোৱা বাবে এসময়ত ইউৰোপত এনেবোৰ মানুহক মংগোলীয়ান ইডিয়ট বুলি কৈছিল। তেওঁলোকৰ ধাৰণা আছিল চেংগিজখানে ইউৰোপ আক্ৰমণ কৰিবলৈ আহোতে এনেবোৰ সন্তান সৃষ্টি কৰি থৈ গৈছে। এইবোৰ বহু যুগ আগৰ ধাৰণা। বিজ্ঞানে প্ৰকৃত কাৰণ উদ্ঘাটন কৰি চেংগিজখানক দোষমুক্ত কৰিছে। স্বাভাৱিক মানুহৰ দেহত ৪৬টা ক্ৰমজ’ম থকাৰ বিপৰীতে এওঁলোকৰ দেহকোষত থাকে ৪৭ টা। অতিৰিক্তটো আহে বসয়ীয়া মাকজনীৰ পৰা। ইয়াতকৈ বেছি লিখি পাঠকক ব’ৰ নকৰো। পিছে এইধৰণৰ অস্বাভাৱিকতাত আক্ৰান্তসকলৰ হতুৱাই কিছুমান বিশেষ ধৰণৰ কাম কৰাব পাৰি। এইৰোগত আক্ৰান্ত মানুহ সাধাৰণতে স্ফূৰ্তিবাজ হয়।

 সম্পূৰ্ণভাৱে বাহ্যিক কাৰণৰ ফলত সৃষ্টি হোৱা এচাম অস্বাভাৱিক শিশুৰ জন্ম

৪৮/ বাকীছোৱা জীৱন