পৃষ্ঠা:অনিমা গুহ.pdf/৪৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

খাইছেহি! ডাটা সংগ্ৰহ কৰাৰ কথা ক’বলৈ যাওঁতে পুৰণি ঘটনাবোৰ লানি নিছিগাকৈ ওলাই আহিব বুলি কল্পনাও কৰা নাছিলো। কুকুৰাৰ মাংসই টানি উলিয়াই আনিলে চিলি-চিকেনৰ প্ৰসংগ এটা।

 পি জি হাস্পতালৰ পৰা ডাটা সংগ্ৰহ কৰাৰ পাছত একেটা উদ্দেশ্য লৈ গৈছিলো নীল ৰতন সৰকাৰ মেডিকেল কলেজলৈ। তাত ৰেজিষ্টাৰৰ কোঠাত বহি মোৰ কাম কৰিছিলো। এইখন হাস্পতালত আগৰখনৰ দৰে মহিলা ডাক্তৰসকলক লগ নাপাইছিলো, পুৰুষ ডাক্তৰো আহিছিল কাচিৎ কেতিয়াবা। বোধকৰো ৰেজিষ্টাৰৰ ৰুম হোৱা হেতুকে ডাক্তৰসকলৰ সমাগম বৰকৈ হোৱা নাছিল। অৱশ্যে ৰেজিষ্টাৰগৰাকীৰ লগত দুই-চাৰিটা কথা নপতা নহয়। তেওঁ আছিল এজন গহীন-গম্ভীৰ ডেকা। এদিন তেওঁৰ ওচৰলৈ অহা বন্ধুকেইজনমানৰ লগত মুকলি মনেৰে কথা পাতিবৰ সময়ত কিবা প্ৰসংগত চিলি চিকেন তেওঁ নিজে ৰন্ধা বুলি কৈছিল। আজি চিলি চিকেন, চিলি ফিশ্ব এটা সাধাৰণ খাদ্যত পৰিণত হৈছে। আজিৰে পৰা পঁচিশ বছৰমান আগতে চিলি চিকেনৰ নাম আমি অনেকে শুনাই নাছিলো। ৰেজিষ্টাৰৰ বন্ধুসকলে এইবিধ খাদ্যৰ নামটো শুনি আঞ্জাবিধৰ বিষয়ে জানিবলৈ ব্যগ্ৰ হৈ উঠিছিল। ময়ো কাম বন্ধ কৰি নুশুনা ভাও জুৰি চিলি চিকেন প্ৰসংগ শুনিবলৈ কাণ থিয় কৰি ৰ’লো। জিভাৰ পানী কন্ট্ৰোল কৰিব নোৱৰা অৱস্থা সকলোৰে। মোৰো প্ৰায় একে অৱস্থা, তাৰ পাছত ৰেজিষ্ট্ৰাৰে যেতিয়া ৰেচিপিটো ক’বলৈ ধৰিলে মই ডাটা সংগ্ৰহ কৰাৰ ফৰ্মখনতে সেইখিনি লিখি ল’লো। তেতিয়াৰ পৰা আজিলৈকে কেৱল ময়েই নহয়, মোৰ পৰা শিকি আত্মীয়-স্বজন, বন্ধু-বান্ধৱী, তেওঁলোকৰ চিনাকি, তেওঁলোকৰো চিনাকিকে ধৰি অসংখ্যজনে ‘এন আৰ এছ (নীলৰতন সৰকাৰ) ৰেচিপি’ নামেৰে খ্যাত ৰন্ধন প্ৰণালীৰে চিলি চিকেন ৰান্ধি অসংখ্য মানুহৰ ৰসনাক তৃপ্ত কৰিছে। কথাষাৰ অৱশ্যে নাজানিলে ৰেজিষ্টাৰ চিকিৎসকগৰাকীয়ে।

 প্ৰায় এটা মাহ জুৰি ৰেজিষ্ট্ৰাৰৰ কোঠাত বহি কাম কৰি থাকোতে থাকোতে তেওঁৰ লগত বন্ধুত্ব হোৱা নাছিল যদিও কথা-বতৰা হৈছিলো। তেওঁ মোৰ এটা দীৰ্ঘদিনীয়া মনৰ ইচ্ছা পূৰাইছিল। তেওঁৰ অনুগ্ৰহত অ’ টিৰ এচুকত থিয় হৈ মই এদিন চিজাৰিয়ান চেকশ্যন কৰি এটা শিশুক মাকৰ গৰ্ভৰ পৰা উলিয়াই অনা দেখিছিলো। মাক হোৱা বৰ কষ্টকৰ, তেহেলৈ ই স্বাভাৱিকেই হওক বা কৃত্ৰিম উপায়েৰেই হওক। পিছে এষাৰ কথা সকলোৱে পাহৰি যায় যে এগৰাকী মাতৃয়ে অশেষ যন্ত্ৰণা সহ্য কৰি তেওঁক এই বিশ্বলৈ আনিছে।

বাকীছোৱা জীৱন / ৪৭