সমললৈ যাওক

পৃষ্ঠা:জীৱনৰ জোৱাৰ-ভাটাৰ মাজেদি.pdf/১৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

 ইফালে অভয়েশ্বৰী আইটিৰ দেউতাকৰ ঘৰৰ চালত হঠাতে আহি বহিল শগুণৰ জাক এটা। মৃতদেহ ভক্ষণ কৰি পৰিবেশ দূষণমুক্ত কৰে যদিও দেখাত আপচু শগুণৰ চৰাই হিচাপে জনপ্ৰিয়তা নাই। আনকি ইহঁতক অমংগলৰ বাহক বুলিও ভবা হয়। সেই অমংগলীয়া শগুণজাকক ঘৰৰ চালত দেখি গৃহস্থৰ অন্তৰাত্মা কঁপি উঠিল। কি বিপদে বা আগজাননী পঠালে। অৱশেষত শৰণাপন্ন হ'ল এজন শাস্ত্ৰজ্ঞ পণ্ডিতৰ। দিন-বাৰ, ক্ষণ-তিথি আদি বিশ্লেষণ কৰি তেওঁ ৰায় দিলে যে শগুণ সদায় অমংগলীয়া নহয়। সিদিনা শগুণৰ আগমনে গৃহস্থলৈ শুভ বতৰা কঢ়িয়াই আনিছে। অতিশীঘ্ৰে তেওঁৰ চোতালত পাত্ৰ-মিত্ৰ সহিতে এজন ক্ষমতাশীল ব্যক্তিয়ে পদাৰ্পণ কৰিব। তদুপৰি এই আগমনে গৃহস্থৰ নাম-যশ তথা শ্ৰীবৃদ্ধি কৰিব। গৃহস্থই ভাবি নেপায় হঠাতে কেনেকৈ ভাগ্যদেৱী তেওঁৰ প্ৰতি প্ৰসন্ন হ’ব।

 ভাগ্যদেৱী প্ৰসন্ন হ’বলৈ বেছি দিন নেলাগিল। কেইদিনমানৰ ভিতৰতে ৰাজকীয় উপঢৌকনসহ ৰজা কুমুদ নাৰায়ণৰ খাচ কটকী দলে-বলে আহি সুলক্ষণা অভয়েশ্বৰীক ৰজাই প্ৰস্তাৱ আগবঢ়োৱা বুলি দেউতাকক জাননী দিলে। মধ্যবিত্ত গৃহস্থই নিশ্চয় কল্পনাতো এনে আশা কৰা নাছিল। ই যে অবিশ্বাস্য ঘটনা! মাক-দেউতাকে বোধকৰো ভাবিছিল— ‘শগুণ, কোনে কয় তুমি মৃতদেহ ভক্ষণ কৰা কুন্ধচ স্কেভেঞ্জাৰ বাৰ্ড!’ তাৰ পিছত পৰিয়ালটোৰ ভাগ্যৰেখাডাল ক্ৰমে ঊৰ্ধ্বগামী হ’বলৈ ধৰিলে। জীয়েক কেৱল ৰজাৰ পত্নী হিচাপে ৰাণী হোৱা নাছিল, স্বামীৰ মৃত্যুৰ পিছত তেৱেঁই হৈছিল বিজনী এষ্টেটৰ শাসনকৰ্তা। প্ৰকৃত ৰাণী। ক্ষমতাশালিনী।

 আমাৰ পূৰ্বপুৰুষৰ ৰূপহী কন্যা বা তাইৰ পৰিয়ালৰ পিছে ভাগ্যৰ একো হেৰফেৰ নহ'ল। জমিদাৰ অথবা তস্য পুত্ৰই তাইক কিডনেপহে কৰিলে। বাতৰি শুনি পেশী শক্তিত বলীয়ান দুই পাহুৱাল ককায়েক হীৰা আৰু জীৰাই পালি-প্ৰহৰীৰে সৈতে হাতত অস্ত্ৰ-শস্ত্ৰ, লাঠি-জোং ইত্যাদি লৈ ভগ্নী উদ্ধাৰ অভিযানলৈ যাত্ৰা কৰিলে শুভদিন চাই। দুয়োপক্ষৰ মাজত আৰম্ভ হ’ল তয়াময়া ৰণ। দুয়োপক্ষ সমানে শক্তিশালী। অৱশেষত জমিদাৰ পক্ষৰ বোধকৰো বিবেকদংশন হ’ল। কামটোতো ঠিক কৰা নাই। গতিকে চৰ্ত এটাৰে সন্ধিৰ প্ৰস্তাৱ আগবঢ়ালে যে তেওঁলোকৰ জমিদাৰী পৰিচালনা কৰিবলৈ সদায় হীৰা-জীৰা পৰিয়ালৰ এজনক নিযুক্তি দিয়া হ’ব। কিডনেপড ৰূপৱতীৰ পৰিণতি কি হ’ল নেজানিলো।

 মৌখিক ইতিহাসৰ কোনো চন-তাৰিখ নাথাকে। গতিকে ঘটনাবোৰ যদি ঘটিছিল কেতিয়া ঘটিছিল জনাৰ উপায় নাই। সেই পৰিয়ালৰে উত্তৰপুৰুষ আমাৰ আতা গৌৰমোহন দাসে মেছপাৰা এষ্টেটৰ দেৱান বা মেনেজাৰ হিচাপে ঊনৈশ শতিকাৰ আশীৰ দশকৰ কোনোবা এটা বছৰত নিযুক্তি পাইছিল। নিজ গুণে পালে নে সন্ধিৰ চৰ্ত হিচাপে পালে নেজানিলো।

 অভয়েশ্বৰী ৰাণীৰ পিতৃকুলৰ আৰু মেছপাৰা জমিদাৰকুলৰ কোনোবা উত্তৰ পুৰুষে মোৰ এই লেখা পঢ়ি যদি মোক হেঁচা মাৰি ধৰি সোধে — ‘ক’ত পালাহে এইবোৰ চন-তাৰিখ নথকা মাথামুণ্ডহীন তথ্য-পাতি? প্ৰমাণ কি? প্ৰমাণ দিব নোৱাৰিলে কিন্তু ৰঙাঘৰৰ ভাত খুৱাম।’ তেতিয়া অসহায় মই কিন্তু সেই ঘৰৰে ভাত খাব লাগিব। অৱশ্যে ভাত নহয়,

জীৱনৰ জোৱাৰ-ভাটাৰ মাজেদি /১৩