সহজে সাধিত হয়। তেওঁলোকৰ পাঠ্যবস্তুত সত্য-প্ৰেম-ন্যায়ৰ আদৰ্শ, সামূহিক প্ৰচেষ্টাৰ সুফল, জাতীয় ঐক্য, সমতা, ভ্ৰাতৃত্ববোধ আদি গুণবোৰৰ ওপৰত বিশেষভাৱে আলোকপাত হ’ব লাগে।
বাস্তবিকতে নৈতিক শিক্ষাদানৰ এক অতি সফল আহিলা হ’ল শিক্ষকৰ নিজৰ জীৱন দৃষ্টান্ত। শিক্ষক হ’ল সমাজৰ উচ্চতম স্তৰৰ মানুহ। তেওঁলোকৰ উদ্যোগ হ’ল মানুহ গঢ় দিয়াৰ, যি মানুহৰ দ্বাৰা এদিন সমাজ আৰু ৰাষ্ট্ৰ পৰিচালিত হব। গতিকে শিক্ষককে ৰাষ্ট্ৰৰ ভাগ্য-নিয়ন্তা আখ্যা দিয়া হয়। এজন সফল শিক্ষক হবলৈ হ’লে শিক্ষাদানত দক্ষতা, প্ৰশিক্ষণ আৰু শিক্ষণীয় বিষয়ৰ গভীৰ জ্ঞান হলেই নহব; তেওঁৰ সামাজিক সচেতনতা, স্বাৰ্থহীন মনোভাৱ, দেশ- প্ৰেম, আকৰ্ষণীয় ব্যক্তিত্ব, উদাৰ আদৰ্শবাদ আৰু নৈতিক চৰিত্ৰও থাকিব লাগিব, যেন তেওঁ নিজেই এক জীৱন্ত শিক্ষানুষ্ঠান। ভাৰতীয় পৰম্পৰাত শিক্ষকৰ স্থান দেৱতাৰ শাৰীত। পিতৃ-মাতৃয়ে সন্তান জন্ম দিয়ে, কিন্তু শিক্ষকে অন্ধ মানৱ-শিশুৰ দৃষ্টি মুকলি কৰে জ্ঞানৰ অঞ্জন- শলাকাৰে। শিক্ষকেই জাতিৰ বৌদ্ধিক, মানসিক, আধ্যাত্মিক ঐশ্বৰ্য্য এক প্ৰজন্মৰ পৰা আন এক প্ৰজন্মলৈ কঢ়িয়াই নিয়ে। সেই মহান দায়িত্ব সুচাৰুৰূপে পালন কৰাৰ যোগ্যতা আৰ্জন কৰিবলৈ প্ৰতিজন শিক্ষকে যৎপৰোনাস্তি চেষ্টা চলাব লাগে। এই প্ৰসঙ্গত ডাঃ ৰাধা- কৃষ্ণনে কৈছে, “চৰিত্ৰ জীৱনৰ প্ৰকৃত লক্ষ্য। চৰিত্ৰৰ ওপৰতে এটা জাতিৰ ভাগ্য গঢ় লৈ উঠে। আমি মহান জাতি এটা গঢ়ি তুলি- বলৈ হলে অধিকসংখ্যক চৰিত্ৰবান ডেকা-গাভৰুক প্ৰশিক্ষণ দি লব লাগিব।”
মুঠকথাত, শিক্ষকৰ এক মৰ্য্যাদাপূৰ্ণ সামাজিক জীৱন থকা দৰকাৰ। সৰু হলেও লৰা-ছোৱালীয়ে তেওঁলোকৰ শিক্ষক-শিক্ষয়িত্ৰী-
॥ ১৭ ॥