‘চৰাইৰ কণী, চৰাই-চিৰিকটি, ফল-মূল, গছৰ ৰসাল শিপা, জন্তুৰ মঙহ আদি আছিল
খোৱা আহাৰ। কেৱল জুইত পুৰিহে খাব জানিছিল।
বতাহ-ধুমুহা, ঢেৰেকনি, বিজুলীলৈ তেওঁলোকে বৰ ভয় কৰিছিল। মানুহবোৰে সেইয়া নেদেখা দেৱতাৰ খঙ উঠা বুলি ভাবি লৈছিল।
মানুহবোৰে জাকপাতি একেলগে বাস কৰিছিল আৰু বৰ মিলা-প্ৰীতিৰে আছিল।
একেলগে আগবেলা চিকাৰলৈ ওলাই যায়। হাতত থাকে শিল আৰু জন্তুৰ হাড়েৰে তৈয়াৰী যাঠী, দা, কাঠ-বাঁহৰ টাঙোন। ডাঙৰ ডাঙৰ গাঁতলৈ ডাঙৰ ডাঙৰ জন্তুবোৰ খেদি নি পেলাই যাঠীৰে খুচি খুচি মাৰে। গধূলি ঘূৰি আহে। চোতালত জুইত পুৰি খায়। জুইৰ পোহৰত জোনাকৰ তলত সুখ দুখৰ কথা পাতে।
সাজ-পোছাকবোৰ বিশেষকৈ জন্তুৰ ছালৰ আছিল যদিও তেতিয়ালৈ শণ আদি গছৰ বাকলিৰ পৰা মিহি ৰচীৰ সূতা উলিয়াই কাপোৰৰ দৰে ওলোমা সূতাত ব’বলৈ শিকিছিল। তথাপি জন্তুৰ ছালৰ পৰা ধুনীয়া ধুনীয়া সাজ তৈয়াৰ কৰিবলৈকো নেৰিছিল৷ নোমৰ পৰা তৈয়াৰী, গছৰ ছালৰ পৰা তৈয়াৰী ৰচীৰে সাজবোৰত গাঁঠি দি লৈছিল।
মুঠৰ ওপৰত এইবোৰ আচৰিত যেন লাগিলেও তেনেই সঁচা কথা।
০০০ ০০০ ০০০ ০০০ ০০০
এছিয়া মহাদেশৰ দক্ষিণ দিশে থকা নিজান এলেকা এটাত বাৰজনীয়া পৰিয়াল এটা আছিল। তেওঁলোকে গুহাত বাস কৰিছিল। তেওঁলোকৰ লগতে কেইজনমান বেলেগ মানুহো
আছিল। ঠাইখন দুটা শিল-মাটিৰ সৰু পাহাৰে আগুৰা। মাজত গছ-গছনি থকা সমতল। আনৰ
( ৭ )