পৃষ্ঠা:ৰাস ক্ৰীড়া.djvu/৪২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৪০
ৰাস ক্ৰীড়া।

কৃষ্ণক অৰািধি গােপী সকল।
হাসিয়া সিঞ্চে যমুনাৰ জল।।
বদনপদ্ম চায়া একদৃষ্টি।
কৰিলা দেৱে দেখি পুষ্পবৃষ্টি।।
জলত গােপীক কৃষ্ণে ক্ৰীড়িলা।
ভ্রমন্ত যেন গজেন্দ্ৰৰ লীলা।।
গােপীগণ লৈয়া উঠিলা পাছে।
ভ্রমন্ত বনে যমুনাৰ কাছে।।
জল স্থল পুষ্প সুৰভি বাসে।
চৌপাশে গােপী চলে লয়লাসে।।
ভ্ৰমৰে যােগান ধৰে গুঞ্জৰি।
কৰিলা ৰাসত্রীড়া দেৱ হৰি।।
এহি মতে যত শৰত ৰাতি।
শশাঙ্কে ধবল শাতল আতি।।
সবাতাে ক্ৰীড়ি গােপী সহিত।
বিস্ময় হুয়া পুছে পৰীক্ষিত।।
ধৰ্ম্মক ৰাখিবা অধম্ম নাশি।
ইকাৰ্য্যে ভৈলা অৱতাৰ আসি।।
ধৰ্ম্মৰ ৰক্ষক হয়া মুৰাৰি।
ক্ৰীড়িলা কেনে পৰ গােপনাৰী।। .