পৃষ্ঠা:ৰাস ক্ৰীড়া.djvu/২০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৮
ৰাস ক্রীড়া।


প্ৰাণতো অধিক প্ৰিয়া দুঃখ পাৱে বুলি।
কোলাত লইয়া যান্ত আলগতে তুলি॥
গোপীক বহন্ত কিনো কামাতুৰ হৰি।
দেখা দেখা আবে পোত গৈয়া যায় ভৰি॥
ঐত নমাই থৈলন্ত প্ৰিয়াক মহাশয়।
দেখা তাইৰ অৰ্থে আনিলন্ত পুষ্পচয়॥
পাৰিল গড়ুয়া চড়াই ফুল ভৰি ফান্দি।
অৰ্দ্ধেক ভৰিৰ খোজ হেৰা আছে বান্ধি॥
হেৰা দেখা তাইক ঐত উৰুত বৈসাই।
বান্ধিলন্ত খোপা কামাতুৰ যদুৰায়॥
আৰিল খোপত তাইৰ ফুল চতুভিতি।
দেখা অছিলন্ত বাস গোপিকা সহিতি॥
শুক নিগদতি ৰাজা শুনিয়ো শ্ৰবণে।
পূৰ্ণকাম হৰি ক্ৰীড়িলন্ত যি কাৰণে॥
দেখাইলন্ত দুঃখ কামাতুৰ পুৰুষৰ।
স্ত্ৰীৰ দুৰ্জ্জন ভাৱ শুনা আতপৰ॥
চলি যায় যিটো গোপী কৃষ্ণৰ লগত
মহা গৰ্ব্ব ভাৱ তাইৰ বাড়িল মনত॥
কৃষ্ণক আশায়ে আইলো যত গোপীবাক
সবাকে এড়িয়া কৃষ্ণে ভজিলা আমাক॥