পৃষ্ঠা:ৰাস ক্ৰীড়া.djvu/২১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৯
ৰাস ক্ৰীড়া


সমস্তে নাৰীত শ্ৰেষ্ঠ আপোনাক মানি।
মহা দৰ্পে কৃষ্ণক বুলিলা হেন বাণী॥
চলিবে নপাৰো আৰু মই এক ভৰি।
যৈকে মন নিযা আবে যেন লাগে কৰি॥
শুনি হেন হৰিয়ো বুলিলা তাইক হাসি।
যাইব যেবে নোৱাৰা কান্ধত উঠা আসি॥
শুনি উঠিবেক তাই গৈল কাছি পাৰি।
দেখি অন্তৰ্দ্ধান ভৈলা আগত মূৰাৰি॥
কান্দে আৰ্ত্তৰাৱে গোপী কৃষ্ণক নেদেখি।
হে নাথ কৈক গৈলা আমাক উপেক্ষি॥
তোমাৰেসে দাসী মই জানা নাৰায়ণ।
অনাথৰ নাথ মোক দিয়া দৰিশন॥
গোপীগণে গোবিন্দৰ খোজ নেয় গুৰি।
সমীপতে দেখে স্ত্ৰী কান্দে দুঃখে পৰি॥
সমস্ত সখীত তাই কহিল বৃত্তান্ত।
যেন মতে তাইক এড়িলন্ত কৃষ্ণ কান্ত।
শুনিয় বিস্ময় আতি ভৈল যত সখী।
চিনত্তিল সবে ঘোৰ অন্ধকাৰ দেখি॥
কৃষ্ণতে আপল মন কৃষ্ণৰে আলাপ ,
কৃষ্ণগুণ গায় কৰে কৃষ্ণৰে বিলাপ।