পৃষ্ঠা:ৰাস ক্ৰীড়া.djvu/১৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৭
ৰাস ক্ৰীড়া


ঘোষা।

আৰ নেদেখিবো ৰে! জীবেৰ জীৱন
 বনমালী।
কোথা গৈল গোপাল হৃদয়ে
 অগ্নি জ্বালি॥

দেখ সখি খোজে কোন জনী যায় সঙ্গে।
কৃষ্ণৰ কান্ধত হাত দিয়া লীলা ৰঙ্গে॥
নিশ্চয়ে জানিলো অৰাধিলে দেৱ হৰি।
তাইক লগে নেয় আমি সমস্তকে এড়ি॥
দেখা সখীসব ধন্য কৃষ্ণ পদ ধূলি।
ব্ৰহ্মা হৰে শিৰে ধৰে শুদ্ধ হওঁ বুলি॥
আসা আমি কৰো এহি ধূলা অভিষেক।
দেখিবো পবিত্ৰ হুয়া বৃষ্ণক প্ৰত্যেক॥
আউৰ জনী বোলে কিবা কহ গোপীগণ।
তাইৰ খোজ দেখিয়া আকুল কৰে মন॥
কৃষ্ণৰ অধৰামৃত সৰ্ব্বস্ব সবাৰে।
চুৰি কৰি নিয়া তাই ভুঞ্জে একেশ্বৰে॥
আবে ঐত তাইৰ খোজ নাকলিয়া ভালে।
তৃণে বিন্ধিলেক সুকোমল ভৰিতলে॥