পৃষ্ঠা:ৰাস ক্ৰীড়া.djvu/১৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৬
ৰাস ক্ৰীড়া।


সত্বৰে অন্তৰ ঐৰ সৰ্প দুৰাচাৰ।
দুষ্টক দণ্ডিবে লাগি মোৰ অৱতাৰ॥
কেহো জনী বোলে অৰে দেখ গোপীচয়।
বন জুই বেড়িলেক মিলিল সংশয়॥
চক্ষু মুদি থাকা সবে সাধিবো কল্যাণ।
মই কৃষ্ণে এতিক্ষণে নিবো নিজ স্থান॥
কেহো বোলে দেখ দেখ দধিৰ বিলাই।
ভাণ্ড ভঙ্গা কৃষ্ণক ধৰিলো খেদি পাই॥
আৰ যেন নখাস লৱনু চুৰি কৰি।।
উডুখলে বান্ধে কেহো গোপিকাক ধৰি॥
এহিমতে কৃষ্ণ চেষ্টা কৰে গোপীগণে।
কৃষ্ণক খোজন্তে ফুৰে পশি বৃন্দাবনে॥
দেখিল কৃষ্ণৰ খোজচয় পৃথিবীত।
ধ্বজ বজ্ৰ পঙ্কজ অঙ্কুশে অলঙ্কৃত॥
পাছে সবে গোপিজাক পথক নিহাৰি।
দেখে স্ত্ৰীৰ খোজ কৃষ্ণ খোজে আছে পড়ি॥
দেখি দুঃখে অধিকে আকুল ভৈল মন।
বোলা হৰি হৰি আছে যাৱত চেতন।

⸺⸺