পৃষ্ঠা:ৰহস্যময় ভাৰত.pdf/৫৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

ৰহস্যময় ভাৰত


প্ৰহ্লাদ জানী – মাতাজী

 ভাৰতবৰ্ষ আধ্যাত্মিকতাৰ দেশ। আধ্যত্মিকতাৰ ওপৰত ভিত্তি কৰিয়েই বহু মানুহে ইয়াত সঁচাই মিছাই বিভিন্ন ধৰণৰ কৰ্ম কৰিব পাৰে বুলি কৈ আহিছে। কিন্তু এই প্ৰহ্লাদ জানীৰ কথাটো সুকীয়া। তেওঁ চুনৰীৱালা মাতাজী বুলিও জনাজাত। প্ৰহ্লাদ জানীৰ জন্ম হৈছিল ১৯২৯ চনৰ ১৩ আগষ্টত। তেওঁ ৰাজস্থানৰ মেহচানা জিলাত ডাঙৰ দীঘল হৈছিল। কিন্তু মাত্ৰ ৭ বছৰ বয়সতেই তেওঁ ঘৰ বাৰী এৰি জংঘললৈ গুচি গ’ল। জংঘলে জংঘলে ঘূৰি ফুৰাৰ সময়তেই ১১ বছৰ বয়সত তেওঁৰ অতিপ্ৰাকৃতিক অভিজ্ঞতা (supernatural experience) হৈছিল যি তেওঁৰ সম্পূৰ্ণ জীৱনটো সলনি কৰি পেলালে। আৰু তেতিয়াৰ পৰাই অৰ্থাৎ ১৯৪০ চনৰ পৰাই তেওঁৰ খোৱা- বোৱা, মল-মূত্ৰ ত্যাগ কৰাৰ প্ৰতি অনীহা আহিছিল। তেওঁৰ ভাৰতীয় দেৱী মা অম্বাৰ ভক্ত হৈ পৰিছিল আৰু তেতিয়াৰ পৰাই মাইকী মানুহৰ দৰে শাৰী, অলংকাৰ পিন্ধিবলৈ লৈছিল। তেওঁ ক'ব বিচাৰে যে যোৱা ৭০ বছৰে একো নোখোৱাকৈ আছে। তেওঁ বিশ্বাস কৰে যে তেওঁৰ শৰীৰৰ বাবে প্ৰয়োজনীয় শক্তি অম্বা দেৱীয়ে তেওঁৰ তালুত থকা ফুটাৰে দি আহিছে। যাৰ বাবে তেওঁ পানী আৰু অন্য একো নোখোৱাকৈ জীয়াই থাকিব পাৰে।

 তেওঁক লৈ ২ বাৰ কৈ পৰীক্ষা কৰা হৈছিল, এবাৰ ২০০৩ আৰু এবাৰ ২০১০ চনত। দুয়োবাৰতেই ড° সুধীৰ সাহা উপস্থিত আছিল যি আহমেদাবাদৰ ষ্টাৰলিং হস্পিতালৰ স্নায়ুৰোগ বিশেষজ্ঞ আৰু এনে ধৰণৰ অতিমানৱীয় পৰিঘটনাসমূহৰ বিশেষজ্ঞ। ২০১০ চনৰ পৰীক্ষা DRDO ৰ অধীনত হৈছিল বাবেই এই পৰীক্ষাৰ ফলাফল বিশদভাবে সকলোকে জনোৱা হোৱা নাছিল, কিন্তু সকলো নিশ্চিত হৈছিল

যে তেওঁ একো নোখোৱাকৈয়ে পৰীক্ষাৰ দিন কেইটা পাৰ কৰিছিল। ২০০৩ চনত ১০

(ৰহস্যময় ভাৰত।) ৪৮