পৃষ্ঠা:ৰহস্যময় ভাৰত.pdf/২১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

ৰহস্যময় ভাৰত

ঠাইতে সীমাবদ্ধ হৈনাথাকিলেহেঁতেন, অন্য ঠাইলৈও ইবতাহৰ লগত গতি কৰিলেহেঁতেন। কিন্তু এই ৰঙা বৰষুণ কেৱল সীমিত এলেকাতে হৈছিল। বহুবাৰ এনেকুৱাও হৈছিল যে এই ঠাইত যদি ৰঙা বৰষুণ হৈছিল, অলপ আঁতৰতে সাধাৰণ বৰষুণ দি আছিল। এই ৰঙা বৰষুণ ২০ মিনিটত কৈ কম সময়ৰ বাবে হৈছিল। এক মিলিলিটাৰ বৰষুণত প্ৰায় ৯ মিলিয়ন ৰঙা ৰঙৰ কণিকা আছিল। যিমান দিন এই ৰঙা বৰষুণ দিছিল, সেই হিচাপত প্ৰায় সম্পূৰ্ণ এলেকাত ৫০,০০০ কিলোগ্ৰাম ৰঙা কণিকা সমগ্ৰ এলেকাত পৰিছিল। কণিকা বোৰ মটিয়া —ৰঙা আছিল। বৰষুণৰ ৯০% এই ৰঙা কণিকা আছিল আৰু বাকীখিনি আৱৰ্জনা আছিল (debris)। Centre for Earth Science Studies (CESS) আৰু The Tropical Botanical Garden and Re- search Institute (TBGRI) য়ে একেলগে কৰা পৰীক্ষাৰ পৰা পোৱা গ'ল যে এই ৰঙা কণিকাবোৰ Trentrpohila জাতি(genus) ৰ লাইকেন হোৱা শেলাইৰ(lichen-forming algae)।

 সেই ঠাই পৰীক্ষা কৰি এই বিধ শেলাই যে তাত বহুত পৰিমাণে পোৱা যায়, সেইটোও গম পোৱা গ'ল। তদুপৰি বৰষুণত যে কোনো ধৰণৰ আগ্নেয়গিৰিৰ পদাৰ্থ, উল্কাপিণ্ডৰ টুকুৰাৰ কণিকা অথবা মৰুভূমিৰ বালিৰ কণিকা নাছিল, সেইটোও নিশ্চিত কৰা হ'ল।ইমান লৈকে ঠিকেই আছিল কিন্তু সমস্যা তেতিয়াহে আহিল যেতিয়া ইমানবোৰ গম পোৱাৰ পিছতো ইমান বেছিকৈ এইবোৰ ৰেণু ডাৱৰৰ লগত কিদৰে মিলিত হ’ল তাৰ কোনো উত্তৰ পোৱা ন’গল। কোনো এখন ঠাইত লাগিলে যিমানেই ৰেণুনাথাকক কিয়, ৫০,০০০ কিলোগ্ৰাম ৰেণু বতাহত আকাশলৈ উৰি গৈ ডাৱৰৰ লগত মিলিত হৈ বৰষুণত পৰাটো কোনোপধ্যেই মানি ল'ব নোৱাৰি।

 আন এক দলে আকৌ অন্য এক দিশলৈ আঙুলি টোৱাব বিচাৰে। Kottayam's Mahatma Gandhi University ৰ Santhosh Kumar & Godfrey Louis এ ক'ব বিচাৰে যে এই ৰঙা কণিকাবোৰ বাহিৰৰ জগতৰ। তেওঁলোকে তেওঁলোকৰ পৰীক্ষাৰ পৰা ক'লে যে এই ৰঙা কণিকা বোৰ জীৱিত, এই জীৱবোৰ ৩০০ ডিগ্ৰী ছেলচিয়াচতো জীয়াই থাকিব পাৰে। তেওঁলোকে এই জীৱবিধৰ। DNA পৰীক্ষা কৰোঁতে বেছি আচৰিত হৈছিল, কিয়নো তেওঁলোকে সেই জীৱ বিধৰ DNA বিচাৰি পোৱা নাছিল। যিহেতু পৃথিৱীৰ সকলো জীৱৰে DNA পোৱা যায়, গতিকে এইবিধ জীৱৰ DNA নাপাই তেওঁলোকে এই জীৱ বাহিৰৰ বুলি ঠাৱৰ কৰিছিল। তেওঁলোকৰ এই গৱেষণা “The red rain phenomenon of Kerala and its possible extraterrestrial origin" নামেৰে Astrophysics and Space Science ত ২০০৮ চনত প্ৰকাশ কৰিছিল। কিন্তু পিছত Wickramasinghe নামৰ অন্য এজন গৱেষকে কৰা পৰীক্ষাৰ পৰা এই জীৱৰ যে DNA আছে, সেইটো

■ৰহস্যময় ভাৰত৷১২■