পৃষ্ঠা:ৰহদৈ লিগিৰী.djvu/২৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

IT ISHT মনে খোজে বিধাতাই নিদিয়ে খুজি খাব। আমাৰ অসমীয়াৰ মানুহৰ এটি ফকৰা আছে যে “দাতাই দিলেও বিতাই নিদিয়ে অথবা মনে ৰজা হব খোৰে বিতাই কিন্তু খাবলৈকো উপায় নিদিয়ে। এই ফকৰা বচনটো অনেক মানুহৰ জীৱনত ফলে। আমাৰ দয়াৰাম আৰু ৰহদৈৰ ভাগ্যত এই ফকৰাটো সম্পূৰ্ণৰূপে ফলিল। দয়াৰামৰ বাপেক ভাৰ-ভেটী পেলাই ৰহদৈক পুতেকলৈ খোজা-বঢ়া কৰা তিনদিনৰ পিচত ৰংপুৰৰপৰা এজন ব্ৰাহ্মণ কটকী চাৰিজন আহোম চাওভাঙে সৈতে ৰতিকান্তৰ ঘৰত উপস্থিত হলহি। ৰজাঘৰীয়া চাওভাঙ টেলোক দেখি ৰতিকান্তৰ আন কি তেওঁৰ ওচৰ-চুবুৰীয়াৰে চুলিৰ ৰাগতহে জীৱ ৰলগৈ। তেওঁলোকে ভাবিলে তেওঁলোকেনো ৰজাঘৰত কি জগৰ লগালে যে চাৰিজনকৈ চাওডঙ টেকেলা ৰতিকান্তৰ ঘৰলৈ আহিল। ভয়তে কঁপি কঁপি ৰতিকান্তই ব্ৰহ্মণ আৰু টেকেলা কৌনক বহিৰলৈ ঢাৰি-কঠ একোভুখাৰ দি ভিতৰলৈ গৈ বটাত তামোল-পান, কটাৰী আৰি ব্ৰহ্মণজনৰ আগত থৈ দুয়োহাত ঘুৰি আঠ লৈ সুধিলে :- “দেউ আৰু আমাৰ টেকেল ককাইটিইত, আপোনাসকলে কি সকামত ৰা এই দুখীয়া নিচলাৰ পাত ভৰিৰ ধূলা পোলেহি?” কটকী-তোমাৰ ৰহদৈ নামৰ জীয়াৰী এজনী আছে নহয়? ৰতিকান্ত-হয় আছে। কটকী—তাই এইবাৰ ৰজাঘৰত পূজা চাব নগৈছিল নে? ৰতিকাৰুগৈছিল। পিচত মোৰ আকলন ছোৱালী জনীয়ে ৰা বৰত কি এগৰ লগালে? কটকী—তাই একো এগৰ লগোৰা নাই। পিচত ছোৱালীজনীক ইয়ালৈ মাতি বানাতেন।