পৃষ্ঠা:হিৰণ্ময়ী দেৱীৰ বিভিন্ন অনুভৱ.pdf/১১৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

—আমাৰ প্ৰশ্নৰ উত্তৰত মাহীয়েকগৰাকীয়ে জনালে যে শিশুগ্ৰামৰ উদ্দেশ্যই হৈছে শিশুসকলক স্বাৱলম্বী কৰি ভৱিষ্যতৰ কৰ্ম্মক্ষম, দায়িত্ব- শীল নাগৰিকৰূপে গঢ় দিয়া। সেয়ে শিশুসকলক সৰুৰে পৰাই গৃহ- কৰ্ম্মত মাতৃগৰাকীক সহায় কৰিবলৈ উৎসাহ দিয়া হয়। মাক আৰু ল’ৰা-ছোৱালী মিলি ঘৰখন চলায়।

 পুষ্পাক মাহীয়েকৰ কোলাত দি আমি আন এঘৰৰ দুৱাৰমুখত থিয় দিলোগৈ। কোলাত ধুনীয়া কেচুৱা এটিৰে সৈতে মাতৃ এগ- ৰাকী বাহিৰতে বহি আছিল। এটি পাতল গোলাপী ৰঙৰ ফ্ৰকে বগা গোলাপৰ কলি যেন কেচুৱাটিৰ মুখখন পোহৰাই তুলিছিল। তাইৰ নাম নৱনীতা। মাকৰ মুখৰ পৰা গম পালো-সেইদিনা তাইৰ এবছৰ পুৰা হৈছে। সম্পূৰ্ণ এবছৰ আগতে, জন্মৰ কেইঘণ্টামান পিছতে, পথৰ দাঁতিত পেলাই থৈ যোৱা সেই শিশুটিক তালৈ অনা হৈছিল। আমাৰ হাতত জন্মদিনৰ উপহাৰ বুলিবলৈ একো নাছিল। আমি আটায়ে শিশুটিক বুকুৰ মৰম একণকে যাচিলো। নৱনীতাৰ মাকে আমাক জনালে, তেওঁৰ ল'ৰা-ছোৱালী নটি, প্ৰথম সন্তান জোনালী নাথ সপ্তম শ্ৰেণীৰ ছাত্ৰী আৰু কনিষ্ঠা সেই নৱনীতা চৌধুৰী। চৌধুৰী? —আমি প্ৰশ্নসূচক দৃষ্টিৰে মাকৰ মুখলৈ চালো। “এৰা, চৌধুৰী; ইয়াত শিশুসকলৰ পূৰ্ব্বৰ নাম, উপাধি, ধৰ্ম্ম একোকে সলনি কৰা নহয়। কিন্তু পৰিচয়হীন শিশুসকলক মাতৃগৰাকীৰ পছন্দ অনু- সৰি নাম আৰু তেওঁৰ উপাধিকে দিয়া হয়। ভৱিষ্যতে স্কুল-কলে- জত ভৰ্ত্তি হওঁতেও অভিভাৱক হিচাপে মাতৃৰ নামকে দিয়া হয়। গতিকে মোৰে উপাধি লৈ নৱনীতা চৌধুৰী হ'ল।” তেওঁৰ কথা শুনি কিবা এটা বুজাব নোৱাৰা আনন্দত আমাৰ বুকু ভৰি উঠিছিল। আমি ঘূৰি পকি এইখন ঘৰো চালো। পৰিয়ালটোৰ কেইবাখনো ফটোৰ লগতে

সজাই থোৱা আছে প্ৰথম সন্তান শ্ৰীমতী জোনালী নাথৰ খেলা-ধুলাত

॥১০৯॥