পৃষ্ঠা:হাতেম তাই.djvu/২৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
হাতেম তাই
১৯
 

বৰ সন্তোষ পালে, আৰু নিজৰ সিংহাসনৰ ওচৰত বহুৱাই সুধিলে যে তেওঁ কোন? অনুমানত তেওঁক হাতেম বুলি বিবেচনা হয় বুলি কলে। হাতেমে নিজকে টোৱেৰ পুতেক হাতেম বুলি চিনাকি দিলে আৰু তেওঁ যে “এমন” দেশৰ ৰজা তাকো কলে। তেতিয়া ভালুকৰ ৰজাই হাতেমক কলে যে “হে হাতেম! তুমি মোৰ অতি আদৰৰ জীয়ৰীক বিয়া কৰাব লাগিব। ঈশ্বৰেও তোমাক সেই কাৰণেই ইয়ালৈ আনিছে।” হাতেমে এই কথা শুনি আচৰিত হৈ কলে যে মানুহৰে জন্তুৰে বিয়া কেনেকৈ হব পাৰে! এই কথা শুনি ভালুকৰ ৰজাই এটা বেলেগ ঘৰত তেওঁৰ কন্যাক থৈ হাতেমক তালৈ পঠিৱাই দিলে। হাতেমে গৈ দেখে যে পৰীতুল্যা অৰ্থাৎ পূৰ্ণিমাৰ জোনৰ দৰে এটা ছোৱালী তাতে বহি আছে। এই আচৰিত ঘটনা দেখি হাতেম তাৰপৰা উলটি আহিল। ৰজাই সুধিলে তুমি মান্তি হৈছানে? হাতেমে মনিৰ স্বামীৰ কথা ভাবি তেওঁৰ প্ৰতিজ্ঞা ভঙ্গৰ ভয়ত বিয়া কৰাবলৈ অমান্তি হ’ল। ৰজাই তেতিয়া অত্যন্ত ক্ৰুদ্ধ হৈ হুকুম দিলে যে হাতেমক এটা গহ্বৰত বন্দী কৰি থোৱা হওক। ভালুক-পুলিচে তৎক্ষণাত হাতেমক বন্দী কৰিলে। হাতেম সাত দিন সাত ৰাতি তাতে অনাহাৰে আছিল। তাৰ পাচত তেওঁক মুক্তি কৰি আনি ভালুকৰ ৰজাই খুব খুৱাই বুৱাই পুনৰ সুধিলে। পুনৰ হাতেমে অস্বীকাৰ কৰাত পুনৰায় তেওঁক সেই কাৰাগাৰত বন্দী কৰি থলে। এইবাৰ বন্দী অৱস্থাত হাতেমৰ প্ৰতি স্বপ্নাদেশ হল যে তেওঁ যেন এই বিয়া কবুল কৰে। সেই দিনা হাতেমক মুক্তি কৰি আনি ৰজাই সুধিলত হাতেম মান্তি হ’ল। তেতিয়া অতি ধুম-ধামেৰে বিয়াৰ কাম আৰম্ভ হল। খুব উত্তম উত্তম ফৰাশ পতা হ’ল। তাৰ ওপৰত “মচনদে শাহানা” (অৰ্থাৎ ৰাজগদী) সজোৱা হল। সভাসদ পাত্ৰ মিত্ৰ সকলোৱে ৰকম ৰকম লেবাছ (পোছাক) পিন্ধি আহি তাত বহিল। নানা ৰকম মেওয়া মিঠাই খানা জলপানেৰে সকলোকে তুষ্ট কৰা হল। শেষত