পৃষ্ঠা:সৰাপাত.pdf/২৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
সৰাপাত


সৰাফুলৰ বাটেৰে আকৌ উভতিবা

সোণাৰুৱে হাঁহিছিল
কৃষ্ণচূড়াৰ ওঁঠেৰে বাগৰি আহিছিল
প্ৰভাতী কোমল ৰহণ
নিমজ দুগালত।
প্ৰেয়সীৰ মৌ মিঠা কথাৰে
মোৰ হৃদয় ব্যাকুল
প্ৰতিধ্বনি শুনিছিলোঁ প্ৰতি শিৰায় উপশিৰায়
কলিজাৰ ইটো প্ৰান্তৰ পৰা সিটো প্ৰান্তলৈ
মোৰ পৰা তাইলৈ
জীৱনৰ পৰা গভীৰ জীৱনলৈ
ৰুদ্ৰ কামনাৰ শিখৰলৈ।

সাগৰৰ লহৰে লহৰে
আমি স্নান কৰোঁ
যৌৱনৰ পৰা দুষ্কাৰ্য সৰি পৰক
মাথোঁ সেই ধাৰণাৰে কৰি গৈছিলোঁ
ইটো সিটো আৰু বহুতো।
আকাশ ভৰি ডাৱৰে
ন ন ৰং সানিছিল
বুকুৱে বুকুৱে সাৱটি
কথা পাতিছিল প্ৰতি স্নেহৰ
নীলাভ বিশালতাত
কেতিয়াবা পশ্চিমৰ আবেলিটো
সাতোৰঙৰ মৌনতাৰ চাকিৰে পোহৰাইছিল,
বগাকৈ বগলী জাক পাতি উৰি
গৈছিল কেৱল নিজ বাসস্থানলৈ।
কিন্তু বিধিৰ বিধান।
এটা নিদ্ৰাৰ সপোনে ভাঙিলে
জীৱন যুঁজৰ প্ৰতিৰণ
এজাক প্ৰচণ্ড ধুমুহাই কৰিলে শেষ,
প্ৰভাতত এতিয়া ৰ'দালি নাই
পলাশ সৰিল, মৰহি গ'ল
এতিয়া শুকান পাতত মাথোঁ
এটি আশাই ৰ'ল
সৰাফুলৰ বাটেৰে তাই আহিব
সৰাফুলৰ বাটেৰে তাই
আকৌ উভতিব।

পৃষ্ঠা/১৯