পৃষ্ঠা:সৰাপাত.pdf/২৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
সৰাপাত
 

সপোনে সজা ঘৰখন

ৰূপোৱালি জোনাকৰ সোপোৱালী পোহৰত
এখনি সৰু পঁজাঘৰ,
বসুন্ধৰাৰ মাজতেই
আন এক ধৰা সাজি
উমলিম জীৱনভৰ।
আকাশে দিব হৃদয় বিশাল
ৰ'দালি কোমল হাঁহি
আৰু বতাহ,
বতাহে দিবহি এখনি চিঠি
সৰাপাতৰ ঠিকনাৰে
আৱেগৰ চাৱনিৰে
সপোন চহৰ দীৰ্ঘ পথেৰে।
আমাৰ সৰু পঁজা
হাঁহিৰেই ফুলাম পদুলিৰ দলিচা,
হেঁপাহৰ কৃষ্ণচূড়াত ছটিয়াম
মৰম বৰষা,
তৰাবোৰ হ’ব আমাৰ
আধা তোমাৰ আধা মোৰ,
ৰামধেনুৰ সাতোৰঙেৰে
আমাৰ জীৱন হ’ব ৰঙীণ
শান্তিৰ শুকুলা চাদৰ আমি উৰুৱাম,
তুমি মই আৰু মই তুমি
একেলগে মিলি
গঢ়ি যাম মাথোঁ ছাইৰঙী জীৱনৰ
অন্তিমটো আধাৰশিলা।

   
 

সলনি হোৱা বন্ধু

 


তোমাৰ মলিয়ন বস্ত্ৰ
খুলি দিয়া বন্ধু
খুলি দিয়া,
বৰকৈ গোন্ধ ওলাইছে।
ক’লা চানগ্লাচবোৰ
আঁতৰাই দিয়া বন্ধু
আঁতৰাই দিয়া
দৃষ্টি কমিছে।
মুখৰ চিগাৰেট
বন্ধ কৰা বন্ধু
বন্ধ কৰা,
তোমাৰ ঘ্ৰাণ হেৰাইছে।
কাণৰ হেডফোন
গুচাই দিয়া বন্ধু
গুচাই দিয়া,
তোমাৰ কৰ্ণ শক্তি হেৰাইছে।
নিজকে চিনা
নিজকে জিনা
কিছু সলনি হোৱা
কিছু সলনি কৰা,
নিজে নিকা হোৱা
আনকো শিকোৱা।
মনত ৰাখিবা
দানৱ নহয় আমি,
মানৱ হয়।

পৃষ্ঠা/২০