পৃষ্ঠা:সৰাপাত.pdf/২৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

সৰাপাত

 

তুমি আহিছিলা এজাক বৰষুণ হৈ


সৌ সিদিনা
মোৰ জীৱনলৈ তুমি
এজাক বৰষুণ হৈ
ধাৰাসাৰে নামি আহিছিলা
লৈ আহিছিলা
কতো যে বাসনা,
ক’তো প্ৰেম আৰু বহু ভালপোৱা।
তোমাৰ সেই প্ৰেম বৰষাই
মোৰ শুকান মৰুভূমি
জীপাল কৰিছিল
আৰু ক’তো যে প্ৰেমৰ বীজ
গজালি মেলিছিল
কিন্তু সেই গজালি
ফুল নুফুলাৰ আগতেই মৰহি গ'ল
জানোচা তোমাৰ বাবেই।
হয়তো তুমি প্ৰেমৰ বৰষুণজাক
আৰু নিদিয়া।
কিন্তু সেইজাক বৰষুণ পালে
মোৰ হৃদয়ৰ মৰহা ফুলে।
আকৌ গজালি মেলিব।
অপেক্ষা মাথোঁ বৰষুণজাকৰ।

 
 

ব্যৰ্থতাৰ বচন


ব্যৰ্থতাৰ ব্যৰ্থ বচন
ব্যক্ত বিষাদেৰে,
ব্যস্ততাৰ ব্যস্ত বেথা
বিলীন বিপথেৰে,
বহিস্কৃত বিশ্বাস
বাধন্তা বিধি,
বিমূৰ্ত বানুৰ বান্ধোনত।
বিধে বিধে বিৰোচিত
বিলাসী বীণাৰ বিননিত
বিকৃত বে-বিচাৰ বিচ্ছিন্নতা,
বিদ্যুৎ বিচক্ষণ
বিনম্ৰতা বিধৰ্মী
বিজাত বিজ্ঞৰ বিজ্ঞতা।
বিনোদৰ বিপ্লৱত বিপক্ষতা,
বিমূখ বিফল
বিৱৰ্ণ বিৱৰ্তন
বিম্বিত বিষাদিত
বিৰঙী বিশ্বৰ বিশালতাত।

পৃষ্ঠা/১৮