পৃষ্ঠা:সুৰ বিচাৰি বাৰ বছৰ.pdf/৯৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

`

শিক্ষিতসকলে দেশৰ প্ৰয়োজন অনুসৰি দেশসেৱা আগবঢ়োৱাৰ লগে লগে সবল সুঠাম নিৰোগী দেহ-মনৰ অধিকাৰী হৈ এক শান্তিপূৰ্ণ সাংসাৰিক জীৱনো যাপন কৰে।

 পশ্চিমৰ সহ-শিক্ষানীতি ভাৰতত চলোৱাৰ ফলত ভাৰতত ইয়াৰ ওলোটা ফল দেখা গৈছে। গৰম জলবায়ুৰ বাবে ভাৰতীয় ল’ৰা-ছোৱালীৰ দৈহিক, জৈৱিক আদি সকলো বস্তুৰে দ্ৰুত পৰিবৰ্দ্ধন ঘটে। ফলত আমাৰ দেশত ল’ৰাবোৰ প্ৰায় ষোল্ল সোতৰ বছৰ বয়সত আৰু ছোৱালীবোৰ প্ৰায় বাৰ তেৰ বছৰ বয়সত পিতৃ-মাতৃ হোৱাৰ যোগ্যতা পায়। এইখিনি সময়েই হ’ল ভাৰতীয় ছাত্ৰ-ছাত্ৰীৰ শিক্ষা জীৱনৰ মধ্যাহ্ন সময়; কিন্তু এইখিনি সময়তেই সহ-শিক্ষা নীতিৰে একেলগে পঢ়া-শুনা, খেলা-ধূলা আদি কৰাৰ ফলত ল’ৰা-ছোৱালীবোৰৰ মনত স্বাভাৱিকতে জৈৱিক প্ৰবৃত্তিবোৰ সঘনে জাগ্ৰত হোৱা দেখা যায়। এই জাগ্ৰত প্ৰবৃত্তি ৰক্ষণশীল ভাৰতীয় সমাজৰ অনুশাসনত অন্তৰ্মুখী হৈ বিকৃতৰূপে প্ৰকাশমান হোৱাৰ ফলত স্কুলীয়া ছাত্ৰ- ছাত্ৰীসকল আজি মানসিকভাৱে ৰুগ্ন হৈ পৰিছে আৰু এই ৰুগ্ন মনৰ দুৰ্বলতাই গা- কৰি উঠা কাৰণেই ছাত্ৰ-ছাত্ৰীসকলৰ আজি নৈতিক স্খলন ঘটিছে। কোমল বয়সতে বিপথগামী হোৱাৰ ফলত আনকি উপযুক্ত বয়সত উচ্চশিক্ষা লোৱা সময়ছোৱাত ভাৰতীয় ছাত্ৰ-ছাত্ৰীসকলৰ সুপথলৈ প্ৰত্যাৱৰ্তন অসম্ভৱ হৈ উঠে। এনে পৰিস্থিতিৰ মাজত আজি দেশৰ অগণন ছাত্ৰ-ছাত্ৰীয়ে দুশ্চৰিত্ৰজনিত ভগ্নস্বাস্থ্য আৰু বিকাৰগ্ৰস্ত মন লৈ আশা-নিৰাশাৰ মাজেৰে বাধ্য হৈ উচ্চ শিক্ষামহলা পৰ্যন্ত শিক্ষা লৈ থাকিব লগা হৈছে; কিয়নো ভাৰতত আজি কম শিক্ষাৰে উন্নত মানবিশিষ্ট জীৱন যাপন কৰাৰ কোনো সুব্যৱস্থা নাই। অসুস্থ মনেৰে ছাত্ৰ-ছাত্ৰীসকলে অধ্যয়নত ধ্যান ভংগ ঘটাই অস্থিৰতাৰ মাজেৰে বাধ্য হৈ উচ্চ শিক্ষা সাং কৰাৰ ফলত তেওঁলোকৰ শিক্ষিত জীৱন হৈ পৰে অসাৰ্থক। অসাৰ্থক শিক্ষিতৰূপে গঢ়ি উঠাৰ ফলত এইসকল লোকে দেশৰ প্ৰয়োজন অনুসৰি দেশসেৱাতো আগবঢ়াব নোৱাৰেই আনহাতে ৰুগ্ন দেহ- মনৰ অধিকাৰী হৈ নিজৰ সাংসাৰিক জীৱনো বিষময় কৰি তোলে।

 সাধাৰণ শিক্ষাৰ দিশত শিক্ষিতসকলৰ ভিতৰত যিসকলক নম্বৰৰ মাধ্যমেৰে উচ্চ শ্ৰেণীভুক্ত কৰা হয় সেই সকলৰো প্ৰায় ভাগকে ব্যৱহাৰিক ক্ষেত্ৰত নিম্ন মানৰ দেখা যায়। এইক্ষেত্ৰত মেধাৱী ছাত্ৰ-ছাত্ৰীসকলৰ বেছি দোষ নাই। একেটা শ্ৰেণীতে থকা অধম, মধ্যম, উত্তম আদি ভিন ভিন পৰ্যায়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত বক্তৃতামুখী শিক্ষা দিয়াৰ ফলত উচ্চ মেধাৰ ছাত্ৰ-ছাত্ৰীসকলে উন্নতমানৰ শিক্ষা লাভৰ বেছি সুচল নাপায়। ভাৰতীয় শিক্ষাত এই অসুবিধা গোটেই ছাত্ৰ জীৱন জুৰি চলাৰ ফলত