পৃষ্ঠা:সুৰ বিচাৰি বাৰ বছৰ.pdf/৯২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৯২
সুৰ বিচাৰি বাৰ বছৰ

লোৱা ছাত্ৰ-ছাত্ৰীৰ মূল্য সামাজিকভাৱে সাধাৰণ শিক্ষা লোৱা ছাত্ৰ-ছাত্ৰীৰ মূল্যতকৈ তুলনামূলকভাৱে কম হোৱাৰ ফলত বৃত্তিমূলক শিক্ষাত ইচ্ছুক শিক্ষাৰ্থী সংখ্যাও সাধাৰণতে কম। সমাজৰ এই ভাবধাৰাৰ ফলত স্থিৰ নিশ্চিত অকৃতকাৰ্যতাৰ কথা জনাৰ পিছতো সাধাৰণ শিক্ষাৰ দিশত আজি অগনণ ছাত্ৰ-ছাত্ৰীৰ দুৰ্বাৰ ঠেলা-হেঁচা ক্ৰমবৰ্দ্ধমান। এই ঠেলা-হেঁচাই সমাজত প্ৰচণ্ড ঢৌৰ সৃষ্টি কৰিছে। এই ঢৌৰ ফলত নীতি-দুৰ্নীতিৰ মাজেৰে কোনে ক’ত স্থান লৈছে তাৰ ইয়ত্বা নাইকিয়া হৈছে। এইখিনিতে ঘটিছে সমাজবাদী চিন্তাশীল চিন্তাৰ পৰাজয়, সূক্ষ্মদৰ্শী শিক্ষাবিদৰ সূক্ষ্মদৃষ্টিৰ পৰাজয়, বুদ্ধিজীৱী দেশনায়কৰ বুদ্ধিৰ অপমৃত্যু।

 সমাজৰূপী দেহ-মনৰ নানা সমস্যাৰূপী সংক্ৰামক বেমাৰৰ মূল নিৰ্ণয় আজিৰ সমাজ চিকিৎসকসকলে কৰিব পৰা নাই। বেমাৰৰ মূল নিৰ্ণয় কৰিব নোৱাৰি অনুমানৰ ওপৰত ঔষধ ব্যৱহাৰ কৰাৰ ফলত সাধাৰণতে ৰোগী আৰোগ্য নোহোৱাৰ দৰে সমাজত উদ্ভাসিত হোৱা দুৰ্নীতি, আকাল, নিবনুৱা সমস্যা আদি এশ এটা বেমাৰৰ মূল নিৰ্ণয় কৰিব নোৱাৰি অনুমানৰ ওপৰত এইবোৰৰ সমাধানৰ উদ্দেশ্যে নানা ধৰণৰ ব্যৱস্থা জধেমধে লোৱাৰ ফলত সমাজৰ বেমাৰসমূহ আৰোগ্যতো হোৱা নায়েই বৰং সমাজত দুৰাৰোগ্য ব্যাধিৰহে সৃষ্টি হৈছে।

 পশ্চিমৰ শিক্ষানীতি আগত ৰাখি আজি ভাৰতৰ শিক্ষাৰ মূল ভেটি গঢ়ি তোলা হৈছে। এই শিক্ষানীতিৰ অনুসৰণতেই স্বাধীনোত্তৰ যুগত ভাৰতত সহ-শিক্ষাৰ প্ৰচলন পূৰ্ণগতিত চলিছে। পিছে পশ্চিমৰ পৰিকল্পনা ভাৰতত কৰিলেও পাশ্চাত্যৰ শীতপ্ৰধান জলবায়ুত ৰূপ লৈ উঠা সহ-শিক্ষাৰ সুফল ভাৰতৰ দৰে গ্ৰীষ্মপ্ৰধান দেশত আশা কৰা ভুল। পাশ্চাত্যৰ শীতল জলবায়ুত ল’ৰা-ছোৱালীৰ জৈৱিক প্ৰবৃত্তিসমূহ জাগ্ৰত হয় ধীৰে ধীৰে। তাত ল’ৰা-ছোৱালীবোৰৰ বিশ বাইশ বছৰ পৰ্যন্ত জৈৱিক আকাংক্ষা পূৰণৰ প্ৰবৃত্তি বেছি প্ৰৱল হৈ নুঠে। তদুপৰি সেইবোৰ দেশৰ উন্নত মুক্ত সমাজ ব্যৱস্থাই ল’ৰা-ছোৱালীৰ মুক্ত বিচৰণ, সান্নিধ্য আদিৰ ক্ষেত্ৰত বিশেষ বাধাৰ সৃষ্টি নকৰাৰ ফলত সিহঁতৰ মনত সাধাৰণতে কোনো জৈৱিক ক্ষুধাজনিত প্ৰতিক্ৰিয়া পৰিলক্ষিত নহয়। গতিকে সেইবোৰ দেশত অহৰ্নিশে সহ-শিক্ষা চলিলেও ল’ৰা- ছোৱালীবোৰে এক সুস্থ স্বাস্থ্য লৈ সুস্থ পৰিবেশত শিক্ষাৰ প্ৰায় শত শতাংশ গ্ৰহণ কৰাত বেছি বাধাৰ সন্মুখীন নহয়। হাইস্কুলীয়া জীৱনৰ সুস্থিৰতাই বলীয়ান কৰি তোলা এই ল’ৰা-ছোৱালীবোৰ পিছৰ উচ্চ শিক্ষাৰ কালছোৱাতো সাধাৰণতে বিপথগামী হোৱাৰ আশংকা নাথাকে। ফলত পশ্চিমৰ দেশবোৰত তেওঁলোকে বিচৰামতে ল'ৰা- ছোৱালীৰ মাজত প্ৰকৃত শিক্ষাই ৰূপ লৈ উঠে। প্ৰকৃত শিক্ষিত হৈ উঠাৰ পিছত