পৃষ্ঠা:সুৰ বিচাৰি বাৰ বছৰ.pdf/১১৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১৮
সুৰ বিচাৰি বাৰ বছৰ

সঙ্গীত শিক্ষাৰ আৰম্ভ হয়। পৰৱৰ্তী সময়ত গুৱাহাটীৰ ছাত্ৰীবাৰীত থকা সঙ্গীত বিশাৰদ সুধীৰ চন্দ্ৰ চৌধুৰী আৰু অসমৰ অন্যতম শ্ৰেষ্ঠ কণ্ঠশিল্পী বীৰেন্দ্ৰ কুমাৰ ফুকনৰ ওচৰত সংগীত শিক্ষা গ্ৰহণ কৰে। গুৱাহাটীত থকা সময়ছোৱাত আন বহুতো সঙ্গীতজ্ঞৰ সান্নিধ্য লাভ কৰে। সেইসকলৰ ভিতৰত পূজনীয় হীৰেন শৰ্মা, ড° কবীন্দ্ৰ হুজৰী, পণ্ডিত ৰামপ্ৰৱেশ সিং, কেশৱ চাংকাকতী আদিৰ নাম বিশেষভাৱে উল্লেখযোগ্য। শাস্ত্ৰীয় সঙ্গীতৰ আনুষ্ঠানিক শিক্ষা গ্ৰহণৰ বাবে লক্ষ্নৌৰ ভাটখাণ্ডে মহাবিদ্যালয়ৰ পৰা প্ৰথমা, মধ্যমা উত্তীৰ্ণ হৈ বিশাৰদত নামভৰ্তি। পৰৱৰ্তী সময়ত দুখনমান মিউজিক কলেজত শিক্ষা প্ৰদান কৰাৰ উপৰিও নিজ গৃহতে ‘জীৱন জ্যোতি সংগীতাশ্ৰম’ নামেৰে সঙ্গীতৰ স্কুল স্থাপন আৰু মৃত্যু পৰ্যন্ত সঙ্গীত চৰ্চা।

 ১৯৫৪ চনত ষষ্ঠ শ্ৰেণীত পঢ়ি থাকোতেই অতুলচন্দ্ৰ হাজৰিকা সম্পাদিত শিশু আলোচনী ‘দীপক'ত 'ৰাতিপুৱা' নামৰ কবিতা এটি প্ৰথম ছপা হয়। স্কুলীয়া জীৱনত হাত শিক্ষা স্বৰূপে লিখা গল্প-কবিতা ‘আলোক’ বাতৰি কাকতত আৰু ভিন ভিন স্কুলৰ আলোচনীত প্ৰকাশ হোৱাৰ উপৰিও হাতেলিখা ছমহীয়া আলোচনী ‘ফুলকলি’ প্ৰকাশ। স্নাতকোত্তৰ কালছোৱাত অসমৰ কলা-সংস্কৃতিৰ বিষয়ে লিখা কেইবাটাও প্ৰৱন্ধ একেৰাহে নতুন অসমীয়া, দৈনিক অসম, নৱযুগ, ৰূপম আদিত প্ৰকাশ। পৰৱৰ্তী সময়ত ১৯৮১ চনত নিজ গৃহত ‘জনো প্ৰিন্টিং প্ৰেছ’ নামেৰে এটি প্ৰেছ স্থাপন আৰু নিজৰ তত্ত্বাৱধানত দুমহীয়া আলোচনী ‘সুৱাগী’ প্ৰকাশ। সমান্তৰাল ভাৱে বিভিন্ন আগশাৰীৰ বাতৰি কাকত, আলোচনী আদিত কবিতা, গীত, প্ৰৱন্ধ আদি প্ৰকাশৰ উপৰিও কবিতা, গীতৰ পুথি তথা পাঠ্যপুথি প্ৰকাশ। প্ৰকাশিত পুথিৰ ভিতৰত উল্লেখযোগ্য হ’ল মিলন (কাব্য- ১৯৮০), অশান্ত জন্মভূমি (১৯৭৯), তই যুক্তি যুদ্ধ কৰ (১৯৮০), প্ৰগতিৰ গান (২০১০,মৰণোত্তৰভাৱে প্ৰকাশিত), ৰচনা মালিকা (১৯৭৭), বৰ্তমান শিক্ষা পদ্ধতিৰ আমূল পৰিবৰ্তনৰ উপায় (১৯৭৮) আদি।

 পদ্মশ্ৰী অতুলচন্দ্ৰ হাজৰিকা, কথাশিল্পী যোগেশ দাস, প্ৰখ্যাত বুৰঞ্জীবিদ বেণুধৰ শৰ্মা, পণ্ডিত তীৰ্থনাথ শৰ্মা, বীৰেন বৰকটকী, ড° হীৰেন গোহাঁই, ড° মামণি ৰয়ছম গোস্বামী, নলিনীধৰ ভট্টাচাৰ্য্য, ড° ভূপেন হাজৰিকা, ড° অমৰজ্যোতি চৌধুৰী আদি মহান শিল্পী-সাহিত্যিক-শিক্ষাবিদৰ সমালোচনাত উচ্চ স্থানপ্ৰাপ্ত প্ৰয়াত বৈশ্যৰ বহুতো কবিতা, গীত, প্ৰৱন্ধ, পুথি আদি বৰ্তমানেও অপ্ৰকাশিত হৈ আছে।□