পৃষ্ঠা:সীতা-হৰণ কাব্য.djvu/২০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০
সীতাহৰণ-কাব্য


আত্মৰক্ষা কৰে নৰ নানা অস্ত্ৰ ধৰি
ধনুৰ্ব্বাণ শেল শূল; কিন্তু পশুগণ
নোৱাৰে ধৰিব অস্ত্ৰ; সিহেতু বিধাতা
কাকো নখ দন্ত, কাকো শিৰে শৃঙ্গদ্বয়,
দিছে অস্ত্ৰ পৰিবৰ্ত্তে আত্মৰক্ষা হেতু।
নখ কিম্বা দীৰ্ঘ দন্ত আছে যি সবৰ,*
সিসবৰ শৃঙ্গ নাই; পুনঃ যিসবৰ
পদত খণ্ডিত খুড়, আছে শৃঙ্গ শিৰে।
মূষিক বিড়াল শশা কুকুৰ শৃগাল
শাৰ্দ্দুল ভল্লুক সিংহ আদি চতুষ্পদী
নখী হেতু, শৃঙ্গ নাই; ছাগল হৰিণ
গো মহিষ আদি ধৰে ফাড়া খুড় পদে,
সি হেতু সিসব শিৰে শৃঙ্গৰ সৃজন।
যদিও গৰ্দ্দভ অশ্ব হোৱে খুডপদী,
অখণ্ডিত খুড় কিন্তু; অশৃঙ্গী সি হেতু।
 শুনি পশু শ্ৰেণীভেদ সংক্ষেপে, মহিষী
কহিলা, “প্ৰভেদ প্ৰভু তোমাৰ প্ৰসাদে


 খণ্ডিত খুড়-ফলা খুড়া, যেনে গৰুৰ খুডা।
 * নখ কিম্বা দীঘল দাঁত থকা পশুৰ শিং নাই; বড়াৰ নখ নহলেও দীঘল দাঁত হয়; সেই নিমিত্তে তাৰ ভৰিত ফলা খুড়া থাকিলেও, শিং নহয়।