পৃষ্ঠা:সীতা-হৰণ কাব্য.djvu/১১২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০২
সীতাহৰণ-কাব্য
 

অহিংসু নিষ্পাপ ৰামে,—বিষ্ণুৰ স্বৰূপ—
কিৰূপে বা হিংসা কৰি পাপ-পঙ্ক ৰাশি
লিপোঁ এই পাপ দেহে? হায় ৰে কি কৰোঁ?”
যুক্তিলা তাপস পাছে, “বিষ্ণু অংশে ৰাম
অৱতীৰ্ণ অবনীত; মিলিলে মৰণ
তান হাতে, সৰ্ব্ব পাপ হুইব মোচন।
লঙ্কেশ্বৰ আজ্ঞা পালি হিংসিলে ৰাঘবে,
দ্বিকৰ্ম্ম সাধন হব,—ৰাজাজ্ঞা পালন;
মুক্তি লাভ ৰাম হাতে, বৈকুণ্ঠ বসতি।”
 স্তব্ধ দেখি বহুক্ষণ মাৰীচে, ৰাৱণ
মূৰ্ণিত লোচনে ক্ৰোধে বুলিবে লাগিলা,
“কি ভাবিছ মনে মনে ৰক্ষকুলাঙ্গাৰ?
ধ্যানিছ কি ৰামচন্দ্ৰ ইষ্ট গুৰু তোৰ?
কি কাৰণে নিৰুত্তৰ? পালিবি কি আজ্ঞা,
অবজ্ঞা কৰিবি কিম্বা, কহ ভীৰুমতি!”
“কি কহিবোঁ ৰক্ষপতি,” উত্তৰে মাৰীচ
কৰ যুৰি নমি শিৰ, “ত্ৰিভুবন-ত্ৰাস!
ঘূৰ্ণিত লোচন কুড়ি, দন্ত কড় কড়ি
দশ মুখে, কৰে চকচকী তৰবাৰি,
দৰশি হেৰাল জ্ঞান, উড়িল পৰাণ
দাসৰ। চিন্তোতে হিত, ঘটিল অহিত,


 যুক্তিলা—যুক্তি কৰিলে।