পৃষ্ঠা:সাৰথি (Sarothi).pdf/১০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
সাৰথি

কষ্ট ভোগ নকৰাকৈ বিদ্যাৰ ফল ভোগ কৰিব পাৰি। প্ৰত্যেক পুথি একোজন মানুহৰ থুপাই থোৱা বিদ্যাৰ ভঁৰাল। লিখকে বহুত যত্ন পুৰুষাৰ্থ কৰি সেই ভঁৰাল বান্ধি থয়, আমি কেৱল পুথিখন পঢ়িলেই তেওঁৰ আৰ্জিত এটাইখিনি বিদ্যা লাভ কৰিব পাৰোঁ। আনৰ আৰ্জিত বিদ্যা এইদৰে সঞ্চয় কৰা নকৰা হেঁতেন, পুৰুষে সকলো কথা নতুনকৈ শকিব লগীয়া হোৱা হেঁতেন, মানুহে কেতিয়াও ইমানখিনি উদ্‌গতি কৰিব নোৱাৰিলে হেঁতেন। ভাপৰ বল আৰু বিদুলীৰ বল পোন প্ৰথমে উলিয়াওঁতে বহুত চিন্তা, বহুত সময়, আৰু বহুত ধন খৰচ হৈছিল, কিন্তু এতিয়া পুথি পঢ়িয়েই মানুহে তাক শিকি লব পাৰে।

 এইদৰে পুথিৰ পৰা আনৰ সঞ্চিত বিদ্যা লাভ কৰি, সেই বিদ্যাৰ আলমত মানুহে নতুন বিদ্যা আৰ্জিবলৈ পাৰ্গত হয়। বিদ্যা আৰ্জনৰ প্ৰণালী প্ৰায় ধন আৰ্জনৰ প্ৰণালীৰ নিচিনা। মূলধন নহলে ধন আৰ্জিবলৈ টান, সেই দৰে মূল বিদ্যা নহলেও বিদ্যা আৰ্জিবলৈ টান। আকৌ যাৰ মূলধন সৰহ, সি সৰহকৈ ধন আৰ্জিব পাৰে; সেইদৰে যাৰ মূল বিদ্যা সৰহ, সি সৰহকৈ বিদ্যা আৰ্জিব পাৰে। আচল কথা চমুকৈ ক'ব লাগিলে, পঢ়নৰ পৰা মানুহৰ মনত বিদ্যাৰ পাতনি থাপিত হয়, সেই পাতনি যাৰ শকত সি বিদ্যা ব্যৱসায়ত উদ্‌গতি কৰিব পাৰে, যাৰ দুৰ্ব্বল সি নোৱাৰে।

 পঢ়নৰ পৰা দূৰৈৰ মাণিক হাততে পোৱা যায়। আন আন দেশত থকা পণ্ডিত বিলাকেৰে সৈতে সাক্ষাৎ হোৱা বহুত খৰচ আৰু পৰিশ্ৰমৰ কথা, আৰু সাক্ষাৎ হ'ব পাৰিলেও, তেওঁলোকৰ মুখৰ পৰা বিদ্যা শিক্ষা কৰা সকলোৰে পক্ষে সহজ নহয়। কিন্তু পুথিৰ পৰা সকলো দেশৰ পণ্ডিতবিলাকৰ সজ উপদেশ ঘৰত বহিয়েই পোৱা যায়। সেইদৰে আমি পৰলোকগামী পণ্ডিতবিলাকৰো বিদ্যা বুদ্ধি তেওঁলোকৰ ৰচিত পুথি পাঠ কৰি অপ্ৰয়াসে লাভ কৰিব পাৰোঁ।

 সংসাৰত উদ্‌গতি কৰিবলৈ মানুহক মনৰ একাগ্ৰতা লাগে, পঢ়নৰ পৰা সেই একাগ্ৰতা জন্মে। চঞ্চল মন থিৰ কৰিবলৈ, আৰু ভোতা বুদ্ধি চোকা কৰিবলৈ পঢ়নৰ নিচিনা গুণকাৰী উপায় নাই। কোনো এখন পুথি পঢ়ি তাৰ ভাব বুজি ল'ব লাগিলে, মন পুতি পঢ়িব লাগে, ওপৰে ওপৰে চেলেংপেতেংকৈ পঢ়িলে আচল ভাব উদ্ধাৰ কৰিব নোৱাৰি। সেই দেখি পঢ়িবৰ সময়ত মনটোক আন সকলো কথা পৰা এৰুৱাই আনি এটা কথাত লগাব লাগে। যি সদায় এইদৰে মনক এটা কথাত