পৃষ্ঠা:সাহিত্য-মুক্তাৱলী.djvu/১১৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

ৰাজা ৰামমোহন ৰায়।

 প্ৰতিভাৰ বলত যে জগৎ জয় কৰিব পাৰি, মানুহৰ দেহা লৈ যে দৈবশক্তি সম্পন্ন হব পাৰি, ধৰ্ম্ম আৰু সত্যৰ অৰ্থে যে আত্ম- বলিদান দিব পাৰি, পৰোপকাৰাৰ্থে যে নিজৰ প্ৰাণ তুচ্ছ কৰি নিৰ্য্যাতন ভোগ কৰিব পাৰি, তাৰ জ্বলন্ত উদাহৰণ আমি ৰাজা ৰামমোহন ৰায়ৰ জীৱনীত পাওঁ।

 ১৭৭৪ চনত হুগলি জিলাৰ ৰাধানগৰ নামেৰে ঠাইত বিখ্যাত ৰায়বংশত ৰামমোহন ৰায়ৰ জন্ম হয়। তেওঁৰ পিতাকৰ নাম ৰামকান্ত ৰায় আৰু মাকৰ নাম তাৰিণী দেবী আছিল।

 লৰাকালত বিদ্যাৰম্ভ কৰাৰ সময়ৰ পৰাই প্ৰত্যেক মানুহে তেওঁৰ ভবিষ্যৎ জীৱন গঢ়ি তোলে। ৰামমোহনৰ ভবিষ্যৎ জীৱনৰ অঙ্কুৰো তেওঁৰ লৰাকালৰে পৰা ফুটি ওলাইছিল। লৰাকালৰে পৰা তেওঁৰ পঢ়াত ধাউতি, মনোনিবেশ আৰু অধ্যৱসায় দেখি লগৰ সমনীয়াই আচৰিত হৈ তেওঁৰ প্ৰতি ভয় আৰু ভক্তি প্ৰদৰ্শন কৰিবলৈ শিকিছিল। তেওঁৰ স্মৰণশক্তি আৰু মেধাশক্তিৰ অপূৰ্ব্ব সমাবেশ দেখি সকলোৱে বিস্ময় মানিছিল। পাঁচ বছৰ বয়সতে ৰামমোহনে পঢ়াশালিত বঙলা আৰু ঘৰত ফাৰ্চী ভাষা শিক্ষা কৰিছিল। আঠ বছৰ পূৰ নৌ হওঁতেই তেওঁ সেই দুই ভাষা সম্পূৰ্ণৰূপে আয়ত্ত কৰি পেলালে। তেওঁৰ এই অদ্ভুত শক্তি দেখি