পৃষ্ঠা:সাধনা- দণ্ডিনাথ কলিতা.djvu/৩১৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

মিশ্যন স্কুল

মাত্ৰ আছে; তাৰ পৰা তোমাক উদ্ধাৰ কৰিবৰ উপায় নাই। নহলে এনে কথা তোমাৰ মুখত নোলালহেঁতেন।

 ৰম্ভা—আপুনি খং নকৰিব, মই বুজা নাই দেখিহে সুধিছোঁ।

 ডেইটন—আগেয়ে বেপ্টাইজ্‌ড্ নহলে এইবোৰ কথা বুজিব নোৱাৰা। তুমি অপবিত্ৰ হৈ থকা মানে প্ৰভুৱে তোক কৃপা নকৰে।

 ৰম্ভা—বেপ্টাইজ্‌ড্ বাৰু হলোৱেই, কিন্তু তেতিয়াও যদি সন্দেহ নুগুচে!

 ডেইটন—নুগুচি নোৱাৰে। প্ৰভুৰ কৃপা হলে সকলো বুজিবা। এতিয়া তুমি অপবিত্ৰ হৈ আছা দেখিহে প্ৰভুৱে কৃপা কৰা নাই। সি যি হওক, তুমি এতিয়া মোৰ কথাত মান্তি হবা নে নোহাৱা কোৱাঁ। নহলে মই কোনো মতেই আৰু তোমাক ৰাখিব নোৱাৰোঁ, প্ৰভুৰ শিক্ষা- মন্দিৰ অপবিত্ৰ কৰিব নোৱাৰোঁ।

 ৰম্ভাই অলপমান বেলি চিন্তা কৰি ক’লে—“নিতান্ত নহলেই নহয় যদি সম্প্ৰতি গোপনে দীক্ষিত হওঁ, পিচত যদি আপুনি কোৱামতে সন্দেহ গুচে, তেতিয়া প্ৰকাশ্যভাবে খৃষ্টান হ’ম।

 ডেইটন—অসম্ভৱ। তেনে কাম হবই নোৱাৰে। বাইবেলত প্ৰভুৱে কি কৈছে, তুমি দেখোন পঢ়িছাই,-“যি মোৰ আৰু মোৰ কথাৰ বাবে লাজ পায়, ‘মানুহৰ পুত্ৰয়ো’ তাৰ বাবে লাজ পায়।” * তেনেস্থলত তেওঁৰ প্ৰতি তোমাৰ বিশ্বাস সমাজত জনাবলৈ যদি তুমি লাজ পোৱা, তেন্তে তেৱোঁ তোমাক কৃপা কৰিবলৈ লাজ কৰিব।

 ৰম্ভা—কিন্তু মোৰ পিতা আৰু ককাইদেউহঁতক নোসোধাকৈ তেনে কৰা ভাল নহব; অন্ততঃ তেওঁলোকক এই বিষয়ে জনোৱা উচিত। সেই দেখি আপুনি মোৰ উত্তৰলৈ কেইদিনমান বাট চালে ভাল হয়।

 * Whoever shall be ashamed of Me and My words, of him also shall the son of man be ashamed.—E. B.