পৃষ্ঠা:সাধনা- দণ্ডিনাথ কলিতা.djvu/২১৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
বিয়াৰ বিষয়ে

 আবেলি গঙ্গাৰামক নানাপ্রকাৰ উপদেশ দি আৰু আৱশ্যক হ’লে উমাকান্তৰ সাহায্য লবলৈ কৈ দীনবন্ধু যাবলৈ সাজু হ’ল । লগুৱা থাকিলেও সাধাৰণতঃ তেওঁ লগত লৈ নুফুৰায়। এতিয়াও তেওঁ নিজেই কাষলতি তলত ‘বিছনা’খন আৰু হাতত বেগটো লৈ জাহাজ-ঘাটলৈ গ’ল ; তৃতীয় শ্রেণীৰ টিকট এটা কিনি গােৱালপাৰালৈ যাবলৈ জাহাজত উঠিল।

_____

– ২১১ –