সমললৈ যাওক

পৃষ্ঠা:সাত্বত তন্ত্ৰ.djvu/১৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
[ ১০ ]

ৰঘুনাথ মিশ্ৰৰ অপৰ নাম ভাগৱত মিশ্ৰ। গোবিন্দ মিশ্ৰই গীতাৰ পদ ৰচনা কৰে। তিনিওজন ভায়েক পণ্ডিত আৰু কবি আছিল। মুৰাৰি মিশ্ৰই বালিসত্ৰ স্থাপন কৰে আৰু শৰণ-তিলক ৰচনা কৰে। এওঁলোকৰ ৰচিত বহুত গীত-পদ প্ৰচলিত আছে। আৰু গোবিন্দ মিশ্ৰৰ সাধ্বী পত্নী ৺ৰুক্মিণী দেবীৰ স্মৃতি উপলক্ষে পুহৰ শুক্লা দ্বিতীয়া তিখিত বছৰি প্ৰসিদ্ধ জাগৰাৰ সভা হয়। শ্ৰীমান প্ৰফুল্লনাৰায়ণ গোস্বামীৰ প্ৰভাতত প্ৰকাশ হোৱা গোবিন্দ মিশ্ৰ শীৰ্ষক প্ৰৱন্ধত আৰু অলপ বহল বিবৰণ আছে।

⸻০⸻

 সাহিত্য সভাৰ ইং ১৯৪৩ চনৰ ১২ চেপ্তেম্বৰ তাৰিখৰ সিদ্ধান্ত তলত প্ৰকাশ কৰা হল।

 “শ্ৰীযুত শৰৎচন্দ্ৰ গোস্বামী দেৱৰ পৰা পোৱা সাত্ত্বত তন্ত্ৰৰ পাতনি আৰু শ্ৰীযুত প্ৰতাপচন্দ্ৰ গোস্বামীৰ দ্বাৰা লিখা ভূমিকাখন সভাত পাঠ কৰা হল। বৰ্ত্তমান সময়ত ছপা কাৰ্য্যৰ ব্যয় বৃদ্ধি হোৱালৈ চাই শ্ৰীযুত প্ৰতাপচন্দ্ৰ গোস্বামী দেৱে লিখা ভূমিকাখনি পাণ্ডিত্যপূৰ্ণ হৈছে যদিও বিস্তৃত হৈছে বুলি বিবেচনা কৰে। মূল পুথিৰ লগত বিশেষ সম্বন্ধ থকাখিনিৰেই পাতনি প্ৰকাশ কৰিবলৈ সভাই সিদ্ধান্ত কৰে আৰু সভাই মনোনীত কৰা অংশৰ এটি নকল শ্ৰীযুত শৰৎচন্দ্ৰ গোস্বামী দেৱলৈ পঠাবলৈ আৰু এটি নকল অফিছত ৰাখিবলৈ সম্পাদকক নিৰ্দেশ দিয়ে।”

 বৰ দুখৰ বিষয় সম্পূৰ্ণ ভূমিকাখন সাহিত্য সভাই প্ৰকাশ কৰিব নোবাৰিলে। সাত্বত-ধৰ্ম আৰু বৈষ্ণব-ধৰ্মৰ বিষযে এই সম্পূৰ্ণ ভূমিকাখন এটা বহুমূলীয়া প্ৰৱন্ধ হলহেঁতেন।

গুৱাহাটী
নবেম্বৰ ১৯৪৩
শ্ৰীশৰৎ চন্দ্ৰ গোস্বামী।