যমুনাই ক'লে—“প্ৰিয়তম, আপুনি বিপদত পৰি নিজক নিজে
ঘিণ কৰিছে; কিন্তু সংসাৰত উঠা-পৰা স্বাভাবিক নিয়ম। আপুনি
এতিয়া যেনে-তেনে বৰ্ত্তমান বিপদৰ পৰা উদ্ধাৰ পাবলৈ চেষ্টা
কৰক। এনে সুদিন আহিব পাৰে, যি দিনা আপুনি আকৌ
আগৰ ধন, মান, প্ৰতিপত্তি লাভ কৰিব পাৰিব।”
ৰঘু।—“যমুনা, সংসাৰত নিৰাশ্ৰয় দীন-হীন এই অভাগাক তুমি এতিয়াও ভাল পাব পাৰিবা নে?”
যমুনাৰ দুয়োখনি গাল ৰঙ্গা হৈ উঠিল, লাহেকৈ ক'লে— “যমুনা অসতী নহয়। যেনে অৱস্থাতে থাকোক আপুনিয়েই মোৰ প্ৰাণেশ্বৰ।”
ৰঘু।—যমুনা, ক্ষমা কৰিবা। আজিহে মই তোমাৰ মহিমাময়ী মূৰ্ত্তি দেখিলোঁ। আজিৰ পৰা তুমিয়েই মোৰ জীৱনৰ ধ্ৰুব তৰা। তোমাৰ এই লাবণ্যময়ী প্ৰতিমা চকুৰ আগত ৰাখি তোমাৰ আদেশ-মতে সংসাৰৰ লগত যুদ্ধ কৰিম।
তেতিয়া দুইৰো বিষণ্ণ বদনত ডাৱৰৰ মাজত বিজুলী-ৰেখাৰ দৰে এটি জিলিকনি পৰিল; দুয়ো দুইকো আলিঙ্গন কৰি মুখ- চুম্বনেৰে বিদায় ললে।
(৫)
ৰঘুৱে চাৰিশ টকাৰে ধাৰ মাৰি বাকী টকা হাতত লৈ খেতি কৰিবলৈ মন মেলিলে। সেই সময়ত মৰাপাটৰ দাম বৰকৈ চৰিছিল। ৰঘুৱে প্ৰায় চাৰিপূৰামান মাটিত মৰাৰ খেতি আৰম্ভ