পৃষ্ঠা:সম্ভৱতঃ.pdf/৭০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

এটাৰ ছবি এখন মাজনীৰ মানস পটত ভাঁহি উঠিল। তাই সম্ভৱতঃ স্কুললৈ যোৱাৰো বহু আগৰ কথা সেয়া। কাম কৰা মানুহ যথেষ্ট থাকিলেও মাক-দেউতাক মাজে মাজে পথাৰলৈ গৈছিল। কেতিয়াবা মাজনীকো লগত লৈ গৈছিল। এদিন ক’ৰ পৰা জানো বৰ মৰম লগা হৰিণ এটা দৌৰি দৌৰি আহিল সোণালী ধানৰ মাজে মাজে আৰু গামোচাৰ তম্বু তৰি ধানৰ ওপৰতে মাকে বহুৱাই থোৱা মাজনীৰ কাষতে বাগৰি দিলে। লগে লগে হাতত কাঁচি-লাঠি- জোং লৈ কেইজনমান মানুহ দৌৰি আহি মাজনীহঁতৰ ওচৰ পালেহি। মাজনীৰ মাকে হৰিণটো সাবটি ধৰিলে আৰু দেউতাকে উচ্চ স্বৰত তৰ্ক আৰম্ভ কৰি দিলে অস্ত্ৰধাৰীসকলৰ লগত। কিন্তু অৱশেষত মাজনীৰ মাক-দেউতাকৰ হাজাৰ বাধা সত্ত্বেও পথাৰৰ সোণালী ৰঙ ৰঙা হৈ যোৱাকৈ হৰিণটোক যাঠীৰে খোটা হ’ল। হিংস্ৰ আনন্দত মানুহকেইজনে কিৰিলি পাৰি উঠিল। চটফটাই চটফটাই সিহঁতৰ সন্মুখত বাগৰি পৰি মৃত্যুক সাবটি লোৱা হৰিণটোৰ যন্ত্ৰণাকাতৰ বিননি আৰু সেই ভয়াৰ্ত চকুহাল মাজনীৰ বুকুৰ ভিতৰলৈকে বহি গৈছিল।..… তাৰ পাছত বহু ৰাতি টোপনিত উচুপিছিল তাই। চক খাই সাৰ পাই উঠি মাকক সাবটি ধৰিছিল।.… আৰু সেই সময়চোৱাতে তাইক টোপনি নিয়াবৰ বাবে দেউতাকে ৰামায়ণ মহাভাৰতৰ সকলো কাহিনী কৈ শেষ কৰিছিল। বিয়াৰ পাছত অনুজহঁতৰ সুদৃশ্য দ্ৰয়িং ৰুমত হৰিণাৰ শিং আৰু বাঘৰ ছালৰ অহংকাৰী সজ্জা দেখি তাইৰ চকুযোৰ ডাঙৰ হৈ উঠিছিল। সেয়া বোলে অনুজৰ সফল চিকাৰী বুলি খ্যাতি থকা জমিদাৰ ককাকৰ কৃতী! সিহঁতৰ বেডৰূমৰ পৰা অনুজৰ অত্যন্ত অনিচ্ছা সত্ত্বেও তাই হৰিণাৰ সৰু ৰূপালী ৰং দিয়া শিংযোৰ বাহিৰ কৰি দিছিল। শৈশৱত দেখা মৃত্যুমুখী হৰিণটোৰ কাতৰ চাৱনি আৰু কৰুণ বিননি কটাবাটলৈ যোৱা বাটটোৰ দাঁতিত অকলশৰে থিয় দি থকা মাজনীৰ বুকুত বিশ-একৈশ বছৰৰ পাছত পুনৰ উকমুকাই উঠিল...।

 এইখিনিৰ পৰাই জনবসতি ঘন হৈছে। দোকান-পোহাৰো হৈছে দুই-এখন। কিছুমান ল’ৰা- ছোৱালী আৰু আদহীয়া মানুহ ফুৰিবলৈ ওলাই আহিছে। মাজনীৰ নিৰ্লিপ্ত খোজৰ মুদ্ৰা আৰু ক্লান্ত অবয়ৱৰ ওপৰেৰে বহুতৰে অনিসন্ধিৎসু দৃষ্টি বাগৰি গৈছে। সৰুতে তাইক লগত লৈ ফুৰাৰ আচৰিত প্ৰৱণতা এটা আছিল দেউতাকৰ। মেধাৱী, দেখনিয়াৰ, গহীন-গম্ভীৰ ছোৱালীজনী লগত লৈ ফুৰোতে দেউতাকৰ মুখখন গৰ্বত উজ্জ্বল হৈ থাকিছিল। তেওঁ আশা কৰিছিল সকলোৱে লক্ষ্য কৰক আৰু ঈৰ্ষিত হওক তেওঁৰ সন্তান ভাগ্যত। ‘মোৰ ছোৱালী’‘মোৰ ছোৱালী’ দেউতাকৰ মুখত লাগি থাকিছিল। দেউতাকৰ অন্ধ সন্তান-প্ৰীতিৰ বাবে মাজে মাজেনো কমখন অস্বস্তিত পৰিছিল নে তাই! সেই যে স্কুল ছুটীৰ সময়তে আকাশ ভাগি হুৰমুৰকৈ পৰিল বৰষুণজাক আৰু লগৰবোৰৰ লগত আৰম্ভ হৈ গ’ল খিৰিকীৰে হাত উলিয়াই বৰষুণ চোৱাৰ প্ৰতিযোগিতা। নহ’লে আঠটা ক্লাচৰ শেষত অলপ গল্প-গুজব! .…নাই। মাজনীৰ সেই ভাগ্য নাছিল। ডাঙৰ ছাতি এটা লৈ দেউতাকৰ বিশ্বস্ত অনুচৰ মনোকাইৰ স্কুল পাইছিলহি। ‘বডিগাৰ্ড আহি গ’ল তোৰ’—লগৰবোৰৰ ইয়াৰ্কিৰ মাজেৰে তাই মনোকাইৰ লগত গুচি আহিব লগা হৈছিল। ঘৰৰ দুৱাৰদলিত ৰৈ থকা দেউতাকৰ উদগ্ৰীৱ অধীৰ দৃষ্টিলৈ তাইক দেখাৰ লগে লগে এক স্বস্তিৰ আভা নামি আহিছিল। দেউতাকৰ চকুত জিলিকি

উঠা স্বস্তিৰ এই আভা চাই পৰিতৃপ্ত হ’বলৈ বিয়াৰ পাছৰ প্ৰথমটো বিহুত মাজনী ঘৰলৈ যাব

সম্ভৱতঃ ● ৭২