পৃষ্ঠা:সম্ভৱতঃ.pdf/৬৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

পৰিছে কলেজৰ কৃতী অধ্যাপিকা নিশা বৰুৱাৰ গম্ভীৰ মোটটো আৰু তাই চুলিত ৰিবন মাৰি, ফুটফুটীয়া ফ্ৰক পিন্ধি দৌৰি ফুৰা সৰু ৰাংঢালী ‘মাজনী’জনী হৈ পৰিছে।

 গাঢ় এন্ধাৰত ওপঙি উঠিছে জোনাকী পৰুৱাৰ জাক। আকাশত দুই এটা তৰাই মিচিকিয়াইছে আৰু চোতালত দেও দি দি মাজনীয়ে উকিয়াইছে— “মা, মা চোৱাচোন তৰাটো খহি পৰিল”, “দেউতা জোনবাইৰ বুকুত কোনে তুলসী ৰুলে”, “হাতীপটিয়েদি খোজ কাঢ়ি এবাৰ ফুৰি আহিম দেই...।” গ্ৰীষ্মৰ সন্ধ্যা চোতালত পাটি পাৰি বহা মাক দেউতাকৰ মাজত নাভূত- নাশ্ৰুত প্ৰশ্ন আৰু কল্পনা কিছুমানৰ সৈতে টোপনিত লাল কাল দিয়া মাজনীয়ে তেতিয়া ভাবিছিল পৃথিৱীৰ সীমা মানে সোনাতলী পথাৰৰ সিটো পাৰ। ....আৰু জীৱন মানে মাক আৰু দেউতাকৰ মাজত থকা নিৰাপত্তাখিনি। তাই কেতিয়াও ভাবিব পৰা নাছিল বিচ্ছিন্ন এক লোকালয়ত তাইৰ এটা সুকীয়া জীৱন হ’ব যত তাইৰ মাক-দেউতাকৰ অস্তিত্ব হ’ব বতাহে কোবাই থকা মিঠাতেলৰ চাকিৰ শিখাৰ দৰেই অনুজ্জ্বল, ঢিমিকি-ঢামাক। স্কুটাৰৰ হেড লাইটৰ দৰে লগা পোহৰ এটা এন্ধাৰ ফালি মাজনীৰ ফালে আগুৱাই আহিছে। আহি আহি পোহৰটো আৰু ঠিক পোহৰটোৰ লগত আহি থকা শব্দটো মাজনীৰ নিচেই কাষতে কঁপি কঁপি ৰৈ গ’ল। ঈষৎ আশ্চৰ্য আৰু আনন্দ মিহলি কণ্ঠ এটাই প্ৰায় চিৎকাৰ কৰি উঠিল— “হা-ৰে নিশা দেখোন! অকলে অকলে ইমান ৰাতি...। অনুজদা অহা নাই?” চিনাকি চিনাকি লগা কণ্ঠটো কাৰ আছিল তাই ঠিক মনত পেলাব নোৱাৰিলে। ইপিনে এন্ধাৰত আগন্তুকৰ মুখখনো স্পষ্টকৈ নেদেখি।

 “কি হ’ল? চিনি পোৱা নাই?” আগন্তুকৰ কণ্ঠত পূৰ্বৰ উৎসাহ সামান্যও ম্লান হোৱা নাই।

 এইবাৰ কণ্ঠৰ গৰাকীক মাজনীয়ে চিনি পালে। লগে লগে তায়ো উৎসাহিত হৈ উঠিল। “শাশ্বত... তুমি? কোনফালে যোৱা?” প্ৰাথমিক কুশল-বাৰ্তা বিনিময়ৰ পাছত শাশ্বতে স্কুটাৰ ষ্টাৰ্ট কৰিলে “উঠা উঠা। তোমাক ঘৰত থৈ আহিমগৈ।” অলপপৰ কিংকৰ্তব্যবিমূঢ় হৈ থাকি তাই জোৰেৰে প্ৰতিবাদ কৰি উঠিল “নালাগে নালাগে। তুমি যোৱা। কিমাননো দূৰ আৰু! গুৱাহাটীত ৮-৩০ টা ৯-০০ টা লৈকে অকলে ঘুৰি ফুৰো।” শাশ্বতে কোনোপধ্যেই তাইক অকলে খোজকাঢ়ি যাবলৈ দিবলৈ মান্তি নোহোৱাত সঁচা কথাষাৰকে কৈ পেলালে মাজনীয়ে, “আচলতে শাশ্বত বহুদিনৰ মূৰত গাঁৱৰ সতেজ শীতল বতাহজাক গাত লাগিছে। তৰাভৰা আকাশৰ তলেৰে জোনাকি পৰুৱাৰে বেষ্টিত হৈ বহুত দিনৰ মূৰত খোজ কাঢ়িছোঁ। ..এতিয়া নিঃসঙ্গ যাত্ৰাৰ এই আনন্দখিনি তোমাৰ স্কুটাৰত গৈ হেৰুৱাব খোজা নাই। ...আৰু মাত্ৰ সাত বাজি গৈছেহে।” অনুভৱী ল’ৰা শাশ্বত। মাজনীৰ সহপাঠী। আগতে দুয়ো একেলগে নাটক কৰিছিল। গানৰ ষ্টেজ প্ৰগ্ৰেম কৰিছিল। সি বুজিলে। “তোমাৰ পাগলামীবোৰ নুগুছিল আৰু” স্কুটাৰ ষ্টাৰ্ট কৰোতে সি ক’লে আৰু ফুৰফুৰীয়া ধূলি অলপ উৰুৱাই গুচি গ’ল। এন্ধাৰত অকলে পুনৰ বাট বুলিবলৈ আৰম্ভ কৰিলে তাই। হাতত এটা সৰু এটাচি। কপালৰ ঘাম আৰু ধূলিত লিপিত খাই পৰিছে তাইৰ চুলি। কটনৰ শাৰীখন প্ৰয়োজনতকৈও গধুৰ যেন বোধ হৈছে।

 ...দ্বিতীয়খন দলং পাৰ হ’ব খুজি তাই খন্তেক থমকি ৰ’ল। দলংখনৰ ঠিক দাঁতিয়েদি

কটাবাটলৈকে নামি গৈছে এটা ৰাস্তা। কটাবাটৰ বিস্তৃত পথাৰ আৰু সৰু সেউজীয়া টিলা

সম্ভৱতঃ ● ৭১