পৃষ্ঠা:সম্ভৱতঃ.pdf/১৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে




ঈষৎমনঃস্খলন
আৰু এটা
নতুন চোলা




ডাক্তৰৰ ঘৰৰ কামখিনি খৰখেদাকৈ সামৰি যাবলৈ ওলাওতে চাৰে পাঁচ বাজিলেই। দ্ৰয়িং ৰুমৰ প্ৰকাণ্ড ঘড়ীটোলৈ চাওঁতে ল’ৰা-ছোৱালীকেইটালৈ মনত পৰি বগীৰ বুকুখন ধৰফৰাই উঠিল।

 ধুনীয়া, চাফ-চিকুন ঘৰটোৰ চৌহদৰ পৰা ওলাই বগীয়ে ৰাস্তাত ভৰি থ’লে। ৰঙা-বগা আপেলৰ দৰে তুলতুলীয়া চেহেৰাৰ ল’ৰা- ছোৱালীকেইটামানে ৰাস্তাটোত ৰং-বিৰঙৰ চাইকেল এখন লৈ ব্যস্ত হৈ আছে। এবাৰ এটা উঠিছে, পেডেল মাৰিছে, কাষে কাষে আন কেইটামান দৌৰিছে। তাৰ পাছত আন এটা চাইকেলখনত উঠিছে। বাকীবোৰ দৌৰিছে ...! বগী ৰাস্তাটোৰে পাৰ হৈ যাওঁতে সিহঁতে লৰা- লৰিকৈ আঁতৰি বাট এৰি দিলে। যেন তাইৰ পৰা এফুট আঁতৰত থিয় নহ’লেই সিহঁতৰ শৰীৰ লেতেৰা হ’ব।

 ছবিৰ দৰে ধুনীয়া আৱাসিক এলেকাটো এৰি বগী মূল পথত উঠিল। গাড়ী-মটৰৰ হৰ্ণ তাইৰ কাণত পৰা নাই। মানুহৰ অবিৰাম অহা-যোৱা, কৃত্ৰিম পোহৰৰ চাকচিক্য একো তাইৰ চকুত পৰা নাই। তাই দেখি আছে তৰ্জাৰ বেৰ দিয়া এটি অকনমাণি কোঠা ... চোতালত বহি থকা শুকান-উবান তিনিটা ল’ৰা-ছোৱালী ...। চৌপাশৰ অস্পষ্ট কোলাহলবোৰৰ মাজেদি সৰকি আহি তাইৰ কাণত ধৰা দিলে ল’ৰা- ছোৱালীকেইটাৰ মাতকেইষাৰে – ‘মা ভোক লাগিছে’, ‘মা, আজি খাবলৈ কি আনিছ...??’

 নৈপৰীয়া গাঁও এখনলৈ মনত পৰে বগীৰ। সোণালী ধান, ঘৰে ঘৰে তামোল-পাণ, শাকনি বাৰী। এখন নৈ আছিল ...থিয় গৰা ... শৰতৰ কঁহুৱা ফুলিলে এনে লাগিছিল যেন আকাশৰ বগা বগা ডাৱৰবোৰহে নামি আহিছে মাটিলৈ ...! সিহঁতৰ হেঁপাহৰ সেই নৈখনেই এদিন সিহঁতৰ জীৱনলৈ অন্ধকাৰ মাতি আনিলে। গাঁওখন নদীৰ বুকুত জাহ গ’ল। বগীৰ মাক-দেউতাক-দাদাক-আইতাকৰ দৰে গাঁওখনৰ আধাতকৈও বেছি মানুহক নৈখনে বুকুত সামৰি থ’লে। যিবোৰ বাচি থাকিল দিহিঙে-দিপাঙে জীৱন লৈ পলাল। ৰহিম দৰ্জীৰ পুতেক ৰফিকৰ হাতত ধৰি বগী মহানগৰীলৈ

আহিছিল। একোঠলীয়া ঘৰ এটা ভাৰালৈ লৈয়ে তাইক
সম্ভৱতঃ ● ১৫