সমললৈ যাওক

পৃষ্ঠা:শ্ৰীশ্ৰীশঙ্কৰদেৱ- ভূষণ দ্বিজ কবি.djvu/৮৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৮২
৺শঙ্কৰদেৱ।

যাহাৰ ভণিতা তুমি গাইলাহা গীতত।
কৈত বা আছন্ত কথা কৈয়ো স্বৰূপত॥ ৩২০
কি কাৰ্য্যে সুধিলা বুলি তাৰা পুছিলন্ত।
দেখিবাকে যাঞো নাৰাযণে বুলিলন্ত॥
নাৱৰ গোড়ত থিয়া দিয়া দেখাইলন্ত।
দেখিয়োক বৃক্ষ তথা শঙ্কৰ আছন্ত॥ ৩২১
চূণ পোড়া নামে বৃক্ষ প্ৰসিদ্ধ লোকত।
আছন্ত শঙ্কৰ ৰহি তাহাৰ গোড়ত॥
হেন বাৰ্ত্তা মোৰ নাৰায়ণে শুনিলন্ত।
আকাশৰ চন্দ্ৰ যেন হাততে পাইলন্ত॥ ৩২২
তাসম্বাৰ লাগ ধৰি পাচতে আসিলা।
যানে সুমাই বৰপেটা বিলত ওহ্ণাইলা॥
বৃক্ষৰ ঘাটত নিযা নাৱ চম্পাইলন্ত।
নাৰায়ণে তেখনে নাৱৰ উঠিলন্ত॥ ৩২৩
এক পুৰা মুগকলাই লৈলন্ত কান্ধত।
শঙ্কৰ দেৱক উঠি দেখিলা সাম্প্ৰত॥
খৰমত ভৰি দিয়া থিয় দি আছন্ত।
পশ্চিমক মুখ দিয়া বন কটাৱন্ত॥ ৩২৪
হাতত সস্ফুৰা লৈয়া তাম্বুল ভুঞ্জন্ত।
লগৰ মনুষ্যে যাই বাৰ্ত্তা কহিলন্ত॥