পৃষ্ঠা:শ্ৰীশ্ৰীশঙ্কৰদেৱ- ভূষণ দ্বিজ কবি.djvu/৮৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৮১
৺শঙ্কৰদেৱ।

বড় নগৰৰ হন্তে পৰিকৰ আনি।
নামাগ্ৰামে থইয়া যায়োক মহামানি॥ ৩১৫
নাৱে চলি সি ৰাজ্যৰ ধুঞঠাক পাইবা।
শঙ্কৰক দেখি বাক্য সম্প্ৰত্যয় যাইবা॥
এহি বুলি ভাস্কৰ পশ্চিমে লড়ি গৈলা।
নাৰায়ণো নাৱে চড়ি নগৰে আসিলা॥ ৩১৬
শঙ্কৰৰ কথা শুনি মনত হৰিষ।
দেখিবাক মনে খেদ কৰে অহৰ্নিশ॥
পঞ্চৰুখি ভাঠি আছে গ্ৰাম হালধীয়া।
পৰিকৰ আনি থৈলা তথাতে নমায়া॥ ৩১৭
যত দ্ৰব্য আছে আনি নাৱে ভৰা দিলা।
চই ঘৰা দিয়া তান তলত বসিলা॥
মহাকালিৰাম ভৈলা গোড়ৰ কণ্ডাবি।
আগে পাচে বৈঠা বাই ধাই জল চাড়ি॥ ৩১৮
বাৰাদিৰ সমীপক পাইলন্ত উজাই।
তিনিখান নাৱ আসে নদী ভাঠিয়াই॥
শঙ্কৰ দেৱৰ গীত পৰম হৰিষে।
ভণিতায়ে সমে গাইল নাৱৰ মানুষে॥ ৩১৯
শঙ্কৰ দেৱৰ ভণিতাক শুনিলন্ত।
নাৱ ৰাখি নাৰায়ণে বাৰ্ত্তা পুছিলন্ত॥