সমললৈ যাওক

পৃষ্ঠা:শ্ৰীশ্ৰীশঙ্কৰদেৱ- ভূষণ দ্বিজ কবি.djvu/৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৺শঙ্কৰদেৱ।

আবে তান বংশাৱলী শুনা অনুপাম।
পূৰ্ব্বত আছিলা এক চণ্ডীদৰ নাম॥ ৮
মনত চিন্তন্তে দেবী সাক্ষাত হোবন্ত।
দেবীৰ প্ৰভাৱে মহা পণ্ডিত ভৈলন্ত॥
বাদ কৰি পণ্ডিতক পদাৰ্থে ভঙ্গাইলা।
দুৰ্লভনাৰায়ণে দেবিকাস নাম থৈ॥ ৯
কতো দিন বঞ্চিয়া গোড়েশ্বৰ ৰাইজত।
ব্ৰহ্মপুত্ৰ উজাইলেক চড়িয়া নাৱত॥
তেম্ববনি বন্ধ মধ্যে আতি অনুপাম।
লোহিতৰ অনুকূলে বৰদোৱা গ্ৰম॥ ১০
তথাতে ৰহিযা বাৰিঘৰ সজাইলন্ত।
পৰম আনন্দে কতো কাল বঞ্চিলন্ত।
তাহানে তনয় পাচে ভৈলা ৰাজধৰ।
যেন পদ্মফুল ভৈলা কাযষ্ঠ বংশৰ॥ ১১
মহা মহোৎসৱে আনন্দতে দিন যাই।
অথিতি চচ্চাত পৰে আন চিন্তা নাই॥
সূয্যবৰ নাম ভৈলা তাহানে তনয়।
যাৰ যশৰাশি দশোদিশে প্ৰকাশয়॥ ১২
ব্ৰাহ্মণ সজ্জন গুণী যান্ত তান পাশে।
যাৰ যেন মন পৃৰি দেন্ত অভিলাষে॥