সমললৈ যাওক

পৃষ্ঠা:শ্ৰীশ্ৰীশঙ্কৰদেৱ- ভূষণ দ্বিজ কবি.djvu/৩৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৩৫
৺শঙ্কৰদেৱ।

সমস্তে ভুঞায়ে ৰঙ্গে উছৰ্গা দিলন্ত।
গৰু ৰৌপ্য হেম বস্ত্ৰ বিস্তৰ পাইলন্ত॥ ১৪৮
তাম্বুলে বসনে সমস্তকো তুষিলন্ত।
কুটুম্বক বেৱহাৰি কন্যা আনিলন্ত॥
পূৰ্ব্বতে অধিক কৰি সম্পত্তি লভিলা।
শুনা আত পৰে পাচে যেন কথা ভৈলা॥ ১৪৮ক
শুনা সৰ্ব্বজনে পুণ্য কথা মনোহৰ।
প্ৰসিদ্ধো অমৃতো নুহি আক পটন্তৰ॥
যিটো পিয়ে সিটো হোৱে অজৰ অমৰ।
সবংশকে নিস্তৰে চৰিত্ৰ শঙ্কৰৰ॥ ১৪৯
হে প্ৰাণ বন্ধু কৃষ্ণ দৈবকীনন্দন।
হুয়ো কৃপাময় মঞি পাপীত প্ৰসন॥
কত জন্ম পুণ্য বশে দ্বিজ জন্ম পাইলোঁ।
ভকতি নকৰি বৃথা জনম গয়াইলোঁ॥ ১৫০
অনন্ত বিষয় আসকতি ভৈল মোৰ।
তজু নাম নধৰিয়া ভৈলোঁ সেৱাচোৰ॥
জানা জন্মে সাঞ্চি আছোঁ পাপৰ পৰ্ব্বত।
সি কাৰণে নাসে নাম মোহোৰ মুখত॥ ১৫১
শুনি আছোঁ প্ৰভু তুমি পতিত পাৱন।
মঞি পতিতৰ গতি তুমি নাৰায়ণ॥