সমললৈ যাওক

পৃষ্ঠা:শ্ৰীশ্ৰীশঙ্কৰদেৱ- ভূষণ দ্বিজ কবি.djvu/২১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২১
৺শঙ্কৰদেৱ।


মনোহৰ এক পাট ভুনি পিন্ধিলন্ত।
দিব্য পাটপচোড়ক গাৱত লৈলন্ত॥ ৭৮
সুগন্ধ চন্দন আনি পিন্ধিলা গাৱত।
মালতী পুষ্পৰ মালা পিন্ধিলা শিৰত॥
এক গুটি মনুষ্যক লৈলা সঙ্গে কৰি।
লড়িলা আনন্দে ঝাৰী কামলিক ধৰি॥ ৭৯
গজগতি গমনে শঙ্কৰ চলি যান্ত।
সুবাসিত তাম্বুলক সঘনে ভুঞ্জন্ত॥
পন্থত পথুকে তাঙ্ক দেখি আসিবাৰ।
আগবাঢ়ি চৰণত কৰে নমস্কাৰ॥ ৮০
সোধে কিবা প্ৰয়োজনে কোন ভিতি যান্ত।
হেৰ আইসোঁ বুলি দেন্ত শঙ্কৰে সিদ্ধান্ত॥
পাচত চলিয়া যান্ত কতিপয় ভৰি।
কৰয় বিদায় পুনু নমস্কাৰ কৰি॥ ৮১
এহি মতে পৰম হৰিষে চলি যান্ত।
যি কাৰ্য্য়ে গৈলন্ত সিটো কাৰ্য্য সাধিলন্ত॥
পৰম সুন্দৰ মূৰ্তি লোকৰ ৰঞ্জন।
দেখি অতি পৰম সন্তুষ্ট হোৱে মন॥ ৮২
দৰশনে সমস্ত পাতেক হোৱে ক্ষয়।
কৰে সম্ভাষণ মিলে মহা ভাগ্যোদয়॥