সমললৈ যাওক

পৃষ্ঠা:শ্ৰীশ্ৰীশঙ্কৰদেৱ- ভূষণ দ্বিজ কবি.djvu/১৯৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৯৭
১৯৭
৺শঙ্কৰদেৱ।

শঙ্কৰৰ সন্মতক পাঞ আমি যেবে।
ৰাজাৰ মনুষ্যে কেনে লাগ পাইলা তেবে॥
মিছা বাক্য নোবোলঞ নিষ্ট কৰি জান।
মোহোৰ বাক্যৰ এহি হৰিষা প্ৰমাণ॥ ৮০০
শুনি কটোৱাল আতি ক্ৰোধত জ্বলিলা।
মাৰিবাক লাগি চাৰি সাড়াক পাঞ্চিলা॥
ছেন্দি কাঠ নাক কাণে বাঁস বান্ধ দিয়া।
পুছে কটোৱালে একোতেসে নকৰিয়া॥ ৮০১
পূৰবে ৰাজাৰ আগে যি বাক্য বুলিলা।
তাত পৰে আন একো কথা নকহিলা॥
পুহাইল ৰজনী কটোৱাল চলি গৈলা।
ৰাজাৰ আগত যাই সমস্তে কহিলা। ৮০২
আদেশ মহাৰাজ স্বৰূপ কহঞ।
চাৰি প্ৰহৰ ৰাতি বিস্তৰ মাৰিলঞ॥
পূৰ্ব্বে যেন কহি আছে তোমাৰ আগত।
তাত পৰে আন কথা নকহে পাচত॥ ৮০৩
ৰাজাৰ আগত পাচে হৰিষা বোলয়।
কদাচিতো নাৰায়ণে মিছা নকহয়॥
যেতিক্ষণে আমি[✽] নাৰায়ণক ধৰিলোঁ।
একাক্ষৰো দৰ্প বাক্য তান নুশুনিলোঁ॥৮০৪

^ নাৰয়ণ দাসক।