সমললৈ যাওক

পৃষ্ঠা:শ্ৰীশ্ৰীশঙ্কৰদেৱ- ভূষণ দ্বিজ কবি.djvu/১৬৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৬৪
৺শঙ্কৰদেৱ।

ধৰি উপদেশ যদি কৰয় ভকতি।
অনায়াসে লভিবেক ভকতি মুকুতি॥ ৬৫৮
ইটো কথা থাকোক শুনিযো অনন্তৰ।
পূৰ্ব্বৱতে কথা কহি আছন্ত শঙ্কৰ॥
সেহি বেলা চাৰি ৰাজদূত উপগত।
প্ৰণামিয়া কথা কহে শঙ্কৰ আগত॥ ৬৫৯
হেড়ম্ব দেশৰ ৰাজা পঠাইছে আমাক।
অনেক ভকতিভাৱে নিবাক তোমাক॥
কৃষ্ণত শৰণ লৈবে কৰিছা যতন।
বিলম্ব নকৰি বাপ চলিয়ো এখন॥ ৬৬০
দূতৰ বিশেষ বাক্য শঙ্কৰে শুনি৷
মাধৱক চাহি পাচে বচন বুলিলা॥
উঠিয়ো মাধৱ তুমি মোহোৰ বচনে।
দুয়ো সখি চলিয়া যায়োক এতিক্ষণে॥ ৬৬১
শুনিয়া মাধৱে পাচে বুলিলা বচন।
কহিয়োক বাপ মোৰ সখি কোন জন॥
শঙ্কৰে বুলিলা পাচে মাধৱক মাতি।
তজু সখি নাৰায়ণ কহিলোঁ সম্প্ৰতি॥ ৬৬২
শুনিয়া মাধৱে আতি মনে উল্লসিলা।
সমীপতে নাৰায়ণে সাবটি ধৰিলা॥