সমললৈ যাওক

পৃষ্ঠা:শ্ৰীশ্ৰীশঙ্কৰদেৱ- ভূষণ দ্বিজ কবি.djvu/১৫৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৫৩
৺শঙ্কৰদেৱ।

ভক্তি ৰত্নাৱলী ভাষ্য  পৰম ৰহস্য গ্ৰন্থ
 আৰ অৰ্থ বুঝন দুষ্কৰ।
পদ বন্ধে কৰিয়োক  লোকত প্ৰচাৰ হৌক
 শুনি নিস্তাৰোক সবে নৰ॥ ৬১৩
নমস্কাৰ কৰি পাচে  মাধৱে বুলিবে লৈলা
 ইটো শক্য নাহিকে আমাৰ।
তোমৰা কৰিয়ো পদ  তেবেসে সুন্দৰ হৈবে
 প্ৰশংসনি পণ্ডিত সবৰ॥
শঙ্কৰে বোলন্ত তুমি  পদ আৰ কৰিয়োক
 নিশ্চয় বুলিলোঁ মঞি কাজ।
কোমল মধুৰ আতি  অমৃত সমান হৈবে
 শুনিবেক পণ্ডিত সমাজ॥ ৬১৪
ভক্তি ৰত্নাৱলী গ্ৰন্থ পদবন্ধে নিবন্ধিলে
 সবাৰো বিস্ময় হুইবে মনে।
পঢ়িবে শুনিবে যত্নে  লোকত প্ৰকাশ হুইবে
 সাদৰিবে যত মহাজনে॥
শঙ্কৰৰ বাণী শুনি  মাধৱে মনত গুণি
 পৰম হৰিষ আতি ভৈলা।
ৰত্নাৱলী গূঢ় গ্ৰন্থ  বিচাৰি তাহাৰ অৰ্থ
 পদবন্ধ কৰি প্ৰকাশিল॥ ৬১৫